In Bhagavata it
is told that, couples cannot be considered as ideal parents, if they are not
able to encourage their children for self realization. This is because; the only aim of
human life is liberation, that is, to be free from repeated births and deaths.
Without self realization liberation is not possible and for attainment of self
realization, proper training under the guidance of competent Guru is essential.
On the other hand, before going to a Guru, a human being should first know his
aim. Then, he should sincerely feel that guidance from a competent Guru is necessary
for fulfillment of that aim. If such basic knowledge is not there, then the
question of approaching a Guru and learning lessons, never arises. Now a human
being remains attached to his parents from his birth. So, it is the duty of Parents
to give the said basic knowledge to children from their very childhood. Therefore,
in all Vedic Scriptures it is told that, the position of father as a Guru is
far high. Bhagavata tells that in the
process of procreation of child, the mother is like a pot. Unless the pot is
clean and pure, the contents inside cannot be so. A child is always attached to
mother during confinement in her womb. During this period, good thoughts in
mother’s mind, good deeds performed by mother influence the child’s future in
positive ways. After birth, till grown up to a certain age, mother is the only God
Almighty in the mind of a child. For each and every need, right from a spoonful
of sugar to protection from an earthquake etc, the child goes to his mother for
help. A small child believes from the core of his heart that his mother can
stop even a tremendously powerful earthquake or a typhoon. Child naturally believes
that no power is mightier than his mother. So, scriptures tell that, the
position of mother as a Guru is ten times higher than that of the father. From
the point of view of such scriptural teachings, Dwija Ajanabha and his wife was
most suitable couple for parenting ideal children. Nearly, after one year of
stay at Narayanpur, Dwija Ajanabha got some
indication through his intuition that, the time is favorable for him to be the father of a son, having all good qualities of a perfect human
being. Immediately after that, Ajanabha and his wife performed all the Vedic
rituals prescribed for couples for procreation an ideal child. After that, the pregnancy
period of Parijati, wife of Dwija Ajanabha ,started . (to be continued)
ভাগৱতত কোৱা হৈছে যে যিসকল দম্পতিয়ে নিজৰ সন্তানক শিশু অৱস্থাৰ পৰা আত্মজ্ঞান লাভৰ পথত আগবাঢ়ি যোৱাৰ বাবে উৎসাহিত কৰিব নোৱাৰে তেওঁলোকক আদৰ্শ পিতৃ-মাতৃ হিচাপে গণ্য কৰিব নোৱাৰি ।ইয়াৰ কাৰণ এয়ে যে মুক্তি লাভ, অৰ্থাৎ বাৰে বাৰে জন্ম গ্ৰহণ আৰু মৃত্যুবৰণ কৰাৰ পৰা অব্যাহতি লাভ কৰাটো মানৱ জীৱনৰ একমাত্ৰ লক্ষ্য।
আকৌ আত্মজ্ঞান অবিহনে মুক্তি লাভ কৰা সম্ভৱ নহয় ।আত্মজ্ঞান লাভৰ বাবে চেষ্টা কৰিবলৈ হ’লে আত্মজ্ঞানী গুৰুৰ পৰা উপযুক্ত শিক্ষা লোৱাৰ প্ৰয়োজন ।এনেদৰে বিচাৰ কৰি চালে দেখা যায়, যে গুৰুৰ ওচৰলৈ যোৱাৰ আগতে মানুহে নিজৰ লক্ষ্য কি তাক জানিব লাগে ।
তাৰ পিছত তেওঁ গভীৰ ভাৱে অনুভৱ কৰিব লাগে যে এই লক্ষ্যত উপনীত হোৱাৰ বাবে উপযুক্ত গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰা প্ৰয়োজন।
এই প্ৰাথমিক জ্ঞানখিনি নাথাকিলে গুৰু বিচাৰি যোৱা বা গুৰুৰ পৰা শিক্ষা লোৱাৰ প্ৰশ্নই আহিব নোৱাৰে।নিজৰ সন্তানক একেবাৰে শিশু অৱস্থাৰ পৰা এই প্ৰাথমিক জ্ঞান দিয়াৰ দায়িত্ব পিতৃ মাতৃৰ ওপৰত ন্যস্ত থাকে।
সেই কাৰণে সকলো বৈদিক শাস্ত্ৰতে গুৰু হিচাপে পিতৃক অতি উচ্চ স্থানত ৰখা হৈছে ।ভাগৱতত কোৱা হৈছে যে সন্তান প্ৰজনন প্ৰক্ৰিয়াত মাতৃৰ ভুমিকা পাত্ৰৰ দৰে।
পাত্ৰ পৰিষ্কাৰ আৰু শুদ্ধ নহ’লে পাত্ৰত ৰখা বস্তুও শুদ্ধ আৰু পৰিষ্কাৰ হ’ব নোৱাৰে ।
মাতৃগৰ্ভত আৱদ্ধ থকা অৱস্থাত সন্তান সদা সৰ্বদা মাতৃৰ সৈতে সংযুক্ত হৈ থাকে ।সেই সময়ত মাতৃৰ মনত উদয় হোৱা শুভ চিন্তা আৰু মাতৃয়ে কৰা শুভ কৰ্মৰ প্ৰভাৱত সন্তানৰ ভৱিষ্যত জীৱন মঙ্গলময় হয়।
জন্মৰ পৰা কিছু ডাঙৰ নোহোৱালৈকে মাতৃয়ে সন্তানৰ মনত সৰ্বশক্তিমান ভগৱান স্বৰূপ।
অলপ চিনি খাবলৈ ইচ্ছা লাগিলেও সন্তান মাকৰ ওচৰ চাপে আৰু ভূমিকম্প আদিৰ দৰে বৃহৎ বিপদ আহিলেও ভয়তে আতুৰ হৈ মাকৰ আশ্ৰয়তে নিৰাপত্তা বিচাৰে ।
শিশুৱে গভীৰ ভাৱে বিশ্বাস কৰে যে মাতৃয়ে ভূমিকম্প , ঘুৰ্ণিবতাহৰ দৰে প্ৰচণ্ড প্ৰাকৃতিক শক্তিকো স্তব্ধ কৰি দিব পাৰে।
মাতৃতকৈ অধিক শক্তিশালী অন্য একো নাই বুলি বিশ্বাস কৰাটো শিশুৰ স্বাভাৱিক প্ৰবৃত্তি।
সেই কাৰণে শাস্ত্ৰত কোৱা হৈছে যে গুৰু হিচাপে মাতৃৰ স্থান পিতৃতকৈ দহগুণ ওপৰত ।
ওপৰোক্ত শাস্ত্ৰীয় উপদেশ সমুহৰ ফালৰ পৰা বিচাৰ কৰিলে দ্বিজ অজনাভ আৰু তেওঁৰ পত্নী সৰ্বগুণ সম্পন্ন সন্তানৰ পিতৃ মাতৃ হোৱাৰ বাবে অতি সুযোগ্য দম্পতি আছিল।
নাৰায়ণপুৰত প্ৰায় এবছৰ কাল থকাৰ পিছত দ্বিজ অজনাভে নিজৰ অন্তৰ্দৃষ্টিৰ
মাধ্যমত জানিব পাৰিছিল যে তেওঁ পূৰ্ণ মানৱৰ সমস্ত গুণ আৰু শক্তি সম্পন্ন এটি পুত্ৰ সন্তানৰ পিতৃ হোৱাৰ সময় সমাগত হৈছে ।
অনতিপলমে অজনাভ দম্পতীয়ে গুণী জ্ঞানী সন্তান জন্ম দিয়াৰ বাবে পালন কৰিব লগীয়া বৈদিক নীতি নিয়ম সমুহ পালন কৰিছিল।
ইয়াৰ পিছতে অজনাভৰ পত্নী পাৰিজাতি সন্তানসম্ভৱা হৈছিল ।
(আগলৈ)
No comments:
Post a Comment