Recitation of
the Vishnu Sahasranama was frequently held in the residence of Dwija Ajnabha.
This tradition was followed by Guru Harideva also. Like Bhagavad Gita, Vishnu
Sahasranama also had remarkable influence on the life of Guru Harideva. The Vishnu
Sahasranama and Bhagavad Gita have similarity in some aspects. Gita was delivered
to Arjuna by Lord Krishna in the battle field of Kurukshetra. When confusion
aroused in the mind of Arjuna regarding outcome of the battle, he put some
questions to Lord Krishna. To remove his confusions, Gita was depicted to him. Strengthen
with the knowledge of Gita Arjuna fought and won the battle of Kurukshetra. Then,
Yudhishtira, the eldest of the Pandavas was
enthroned. But the memory of the destruction of the war used to disturb the
peace of his mind and he was confused about his Dharmas and Karmas in the
changed situations. Yudhisthira was famous as king of Dharama. But being
confused, he wanted to know about the easiest and best means by which mankind
can attain lasting happiness, peace of mind, relief from all bondage and
sorrows and salvation. But here, Krishna himself did not impart knowledge to
Yudhisthira. Instead, Krisna guided him to his grand father Bhishma, who was lying
on the bed of arrows awaiting his death. In Bhagavata, we get a list of twelve names of
Mahajanas, that is, the most knowledgeable persons of all times or the ultimate
knower of dharama. This list include Bhishma along with the Creator Brahma , Narada , Lord Siva ,Sanatkumara,Lord Kapila,
Svayambhuva Manu, Prahlada, Janaka, Bali, Sukadeva and Yama. So, Bhishma was the
most competent person to teach dharma to Yudhisthira, a person well known as the
king of dharma. In response to the questions of Yudhisthira as above, Vishnu
Sahasranama was articulated by Bhishma in the presence of Lord Krishna and Vyasadeva. Thus both the Gita and Vishnu Sahasranama was
part of the great epic Mahabharata, authored by Vyasdeva. Both the scriptures
were depicted to clear confusion of two great personalities, Arjuna and
Yudhisthira. Gita was depicted to Arjuna by Lord Krishna himself and Vishnu
Sahasranama was delivered by Bhisma to Yudhisthira in presence of Lord Krishna.
(to be continued)
দ্বিজ অজনাভৰ ঘৰত সঘনাই বিষ্ণু সহস্ৰনাম পাঠ কৰা হৈছিল ।হৰিদেৱ গুৰুজনাইও এই পৰম্পৰা অব্যাহত ৰাখিছিল । গুৰুজনাৰ জীৱনত যিদৰে গীতাৰ প্ৰভাৱ পৰিছিল সেইদৰে বিষ্ণু সহস্ৰনামৰ প্ৰভাৱো আছিল । কিছুমান বিষয়ত গীতা আৰু বিষ্ণু সহস্ৰনামৰ মিল আছে । কুৰুক্ষেত্ৰত যুদ্ধত ভগৱান শ্ৰীকৃষ্ণই নিজে অৰ্জুনৰ ওচৰত গীতাশাস্ত্ৰ বৰ্ণনা কৰিছিল ।যুদ্ধৰ ফলাফল সম্পৰ্কে অৰ্জুনৰ মনত সংশয় উৎপন্ন হোৱাত তেওঁ কৃষ্ণক কিছুমান প্ৰশ্ন সুধিছিল ।এই প্ৰশ্নসমুহৰ উত্তৰ হিচাপে কৃষ্ণই অৰ্জুনক গীতাৰ জ্ঞান প্ৰদান কৰিছিল । এই জ্ঞান শক্তিৰ দ্বাৰা শক্তিমন্ত হৈ অৰ্জুনে কুৰুক্ষেত্ৰ যুদ্ধত জয়্লাভ কৰিছিল । তাৰ পিছত জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰ ৰাজপাটত বহিছিল ।কিন্তু যুদ্ধৰ ভয়াবহ স্মৃতিসমুহে তেওঁৰ মনত অহৰহ অশান্তিৰ সৃষ্টি কৰি আছিল আৰু পৰিবৰ্ত্তিত পৰিস্থিতিত তেওঁৰ ধৰ্ম আৰু কৰ্ত্তব্য কি হ’ব তাকে লৈ দোধোৰ মোধোৰত পৰিছিল।যুধিষ্ঠিৰ নিজে ধৰ্মৰাজ হিচাপে বিখ্যাত আছিল।কিন্তু পৰিস্থিতিত পৰি এই ধৰ্মৰাজৰ মনতো মানৱ সমাজৰ চিৰস্থায়ী সুখ , মানসিক শান্তি ,সংসাৰৰ বন্ধন আৰু দুখ যন্ত্ৰণাৰ পৰা অব্যাহতি আৰু জন্ম-মৃত্যু চক্ৰৰ পৰা মুক্তিলাভ আদি বিষয়ত সংশয় উৎপন্ন হৈছিল । ইয়াত যুধিষ্ঠিৰৰ মনৰ সংশয় দূৰ কৰি তেওঁৰ মন শান্ত কৰাৰ বাবে কৃষ্ণই নিজে জ্ঞান দান কৰা নাছিল। শৰশয্যাত পৰি মৃত্যুৰ অপেক্ষা কৰি থকা পিতামহ ভীষ্মৰ পৰা এই বিষয়ৰ জ্ঞান লোৱাৰ বাবে ব্যাসদেৱৰ জৰিয়তে যুধিষ্ঠিৰক পৰামৰ্শ দিয়া হৈছিল ।ভাগৱতত বাৰজন মহাজন অৰ্থাৎ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানী বা ধৰ্ম তত্বৰ সৰ্বাধিক জ্ঞানসম্পন্ন পুৰুষৰ নামৰ তালিকা দিয়া হৈছে । এই তালিকাত সৃষ্টিকৰ্ত্তা ব্ৰহ্মা, দেৱৰ্ষি নাৰদ, ভগৱান শিৱ, সনত কুমাৰ,কপিল মুনি, স্বায়ম্ভূৱ মনু, প্ৰহ্লাদ ,জনক ,বলি ,শুকদেৱ, ধৰ্মৰাজ যমৰ লগতে ভীষ্মৰ নাম উল্লেখ কৰা হৈছে।গতিকে ধৰ্মৰাজ যুধিষ্ঠিৰক ধৰ্মশিক্ষা দিয়াৰ বাবে ভীষ্ম অতি উপযুক্ত পুৰুষ আছিল । ওপৰত উল্লেখ কৰি অহা যুধিষ্ঠিৰৰ সংশয়সমুহ নিবাৰণ কৰিবৰ বাবে পিতামহ ভীষ্মই ভগৱান কৃষ্ণ আৰু ব্যাসদেৱৰ উপস্থিতিত বিষ্ণুসহস্ৰনামৰ বৰ্ণনা কৰিছিল । গতিকে গীতা আৰু বিষ্ণুসহস্ৰনাম ব্যাসদেৱৰ দ্বাৰা প্ৰণীত একেখন মহাকাব্য মহাভাৰতৰ অংশ । দুয়োখন শাস্ত্ৰৰ দ্বাৰা দুজন বিখ্যাত ব্যক্তিৰ মনৰ গভীৰ সংশয় দূৰ কৰা হৈছিল । গীতা ভগৱান কৃষ্ণই নিজে অৰ্জুনৰ ওচৰত বৰ্ণনা কৰিছিল আৰু পিতামহ ভীষ্মই কৃষ্ণৰ উপস্থিতিত যুধিষ্ঠিৰক জ্ঞান দান কৰাৰ উদ্দেশ্যে বিষ্ণু সহস্ৰনাম বৰ্ণনা কৰিছিল।(আগলৈ)
No comments:
Post a Comment