Krishnadatta was the son of Dwija Narottama. His son was Haradatta and
like that in the ninth generation counted from Dwija Narottama, Dwija Suryabara
was born. Suryabara had two sons. His younger son Padmanabha died at young age
leaving behind a small child named Purushottama. Upto the age of nine years,
Purushottama was at Dantapur under care of his paternal uncle Ajanabha, the elder son of
Suryabara. Then the situation of Dantapur became worst and Ajanabha had to
leave that place. At that time, Purushottama was kept under care of his
maternal uncle at Shila village. We will discuss further about Purushottama in
proper place.
In our posts of 9.12.19 to 25 .12 .19 the situation leading to destruction of
ancient Dantapur has already been discussed.Thus, Ajanabha and his wife Parijati left
Dantapur in the beginning of fifteenth century CE and arrived at Aswaklanta.
Here his forefather Narottama lived in 7th century CE. But at the time of
arrival of Ajanabha, the situation there
was not as like as 7th
century CE. From the beginning of thirteenth century CE, Muslims started invasion
of Kamrupa. The surrounding area Aswaklanta temple was the site of battle between the Kamrupa
king and Mahammad Bakhtiyar in the very beginning
of 13th century CE . During 14th -15th century,
this area of Kamrup was under Kamatapur King. During that time , Niladhaja, his son Chakradhaja and subsequently his grandson Nilambara ruled Kamrupa keeping their
capital at North Guwahati. During that period also, number of battles were
fought here to defend this area from Muslim invasion. Finally King Nilambara defeated
the Nawab of Bengal in a battle that lasted for four years from 1498-1502 CE in
this area . Koch kings also ruled over this area .They made some alliance with
Mughal emperor of Delhi and as a result of that, this area came under Mughal
rules. Ahom kings who established their kingdom in the first part of 13th
century in upper Assam, also started venture to expand their kingdom up to this
area, by that time.Thus, from the beginning of thirteenth century CE , the places
surrounding Aswaklanta temple continued to be battle field, military camp and center
of other war related activities for centuries together. After coming to
Aswaklanta in the beginning of 15th century CE, Dwija Ajanabha had
to face those situations of unrest prevailed there . (to be continued)
নৰোত্তম দ্বিজৰ পুত্ৰ
আছিল কৃষ্ণদত্ত । তেওঁৰ পুত্ৰ হৰদত্ত আৰু এনেদৰে নৰোত্তমৰ পৰা গণনা কৰি এই বংশৰ
নৱম সংখ্যক উত্তৰ পুৰুষ আছিল সূৰ্যবৰ । সূৰ্যবৰৰ পুত্ৰ আছিল অজনাভ আৰু পদ্মনাভ । তেওঁৰ কণিষ্ঠ পুত্ৰ পদ্মনাভৰ কম বয়্সতে
মৃত্যু হৈছিল । পদ্মনাভৰ শিশু পুত্ৰ পুৰুষোত্তমে ন বছৰ বয়সলৈকে জেঠায়েক,
অৰ্থাৎ সূৰ্যবৰৰ ডাঙৰ পুত্ৰ অজনাভৰ তত্বাৱধানত আছিল।
তেনে সময়তে দন্তপুৰত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত
অজনাভে এই ঠাই এৰি যাবলৈ বাধ্য হৈছিল। তেতিয়া তেওঁ
পুৰুষোত্তমক শিলা গাৱঁত মোমায়েকৰ তত্বাৱধানত ৰাখি গৈছিল।
পুৰুষোত্তমৰ বিষয়ে উপযুক্ত স্থানত কোৱা হ’ব।
অজনাভে কি পৰিস্থিত পৰি দন্তপুৰ ত্যাগ কৰিছিল তাক আমাৰ ৯.১২.১৯ ৰ পৰা ২৫.১২.১৯ লৈ লিখা লিখনিসমুহত আলোচনা কৰা
হৈছে।
খৃষ্টীয় পঞ্চদশ শতিকাৰ আৰম্ভণীতে অজনাভে পৰিবাৰ পাৰিজাতিৰ সৈতে দন্তপুৰ এৰি অশ্বক্লান্তলৈ
আহিছিল।
সপ্তম শতিকাত ইয়াতে তেওঁৰ পূৰ্ব পুৰুষ দ্বিজ নৰোত্তমে বাস কৰিছিল । কিন্তু অজনাভ
অহাৰ সময়ত এই ঠাইৰ পৰিবেশ পৰিস্থিতি সপ্তম শতিকাৰ দৰে নাছিল । ত্ৰয়োদশ
শতিকাৰ একেবাৰে আৰম্ভণীৰে পৰা কামৰূপত মুছলমানৰ আক্ৰমণ আৰম্ভ হৈছিল। সেই সময়ত
অশ্বক্লান্ত মন্দিৰৰ আশে পাশে আক্ৰ্মণ কাৰী মহম্মদ বক্তিয়াৰ আৰু কামৰূপৰ ৰজাৰ মাজত
ভীষণ যুদ্ধ হৈছিল।চতুৰ্দশ-পঞ্চদশ শতিকাত এই অঞ্চল কমতাপুৰৰ ৰজাৰ অধীনত
আছিল।
উত্তৰ গুৱাহাটীত ৰাজধানী পাতি ৰজা নীলধ্বজ, তেওঁৰ পুত্ৰ চক্ৰধ্বজ আৰু
নাতি নীলাম্বৰে পুৰুষানুক্ৰমে এই অঞ্চল শাসন কৰিছিল। সেই
সময়্ছোৱাতো এই অঞ্চলত মুছলমানৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে অনেক যুদ্ধ বিগ্ৰহ সংঘটিত
হৈছিল ।এনেদৰে বহুকাল যুজ বাগৰ চলাৰ পিচত ১৪৯৮ চনৰ পৰা ১৫০২
চনলৈ চাৰি বছৰ ধৰি একেৰাহে চলা যুদ্ধত ৰজা নীলাম্বৰে বংগৰ নবাবক পৰাস্ত কৰিছিল। কোচ ৰজাইও
কিছুকালৰ বাবে এই অঞ্চলত ৰাজত্ব কৰিছিল । তেওঁলোকে দিল্লীৰ মোগল সম্ৰাটৰ সৈতে কৰা এক
সন্ধিৰ প্ৰস্তাৱ অনুসৰি এই অঞ্চলটো মোগল সম্ৰাটৰ অধীনলৈ আহিছিল ।আনহাতে
ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত উজনি অসমত ৰাজ্য প্ৰতিষ্ঠা কৰা আহোম সকলেও সেই সময়তে এই
অঞ্চললৈকে ৰাজ্য বিস্তাৰ কৰাৰ যো-জা কৰিছিল। এনেদৰে খৃষ্টীয় ত্ৰয়োদশ
শতিকাৰ আৰম্ভণীৰে পৰা অশ্বক্লান্ত মন্দিৰৰ আশে পাশে যুদ্ধ ক্ষেত্ৰ ,সেনা
চাউনী আৰু যুদ্ধৰ লগত সম্পৰ্ক থকা অন্য কাম কাজ শ শ বছৰ ধৰি চলি আছিল ।
অশ্বক্লান্তলৈ অহাৰ পিচত দ্বিজ অজনাভে এনে যুদ্ধকালীন অশান্তিকৰ পৰিস্থিতিৰ
সন্মুখীন হৈছিল ।
(আগলৈ)
No comments:
Post a Comment