In around the
middle part of 7th century CE, Dwija Narottama arrived at Dantapur.
This place is presently known as Bahari. It is in the southern part of Barpeta
dstrict of Assam. In our posts of 9.12.19 to 25 .12 .19, we already discussed
about this place. People of Dantapur welcomed Dwija Narottama with a grand reception ceremony.
One spot believed to be the place his of reception, is still available at
Bahari. Another plot of land available here, is still believed to be the place
of residence of Dwija Narottoma and his successors. After settlement here, his
daughter was married to a suitable groom from nearby Shila village. His son,
Krishnadatta was highly educated and was engaged as teacher in the Tole of his
father. At proper time, Dwija Narottama arranged the marriage of his son also.
After that, he handed over the charge of his school to his son Krishnadatta.
Then he renounced all worldly affairs and left for Brinadavana, There he spent
the remaining part of his life as a monk. Starting from the middle of seventh
century CE till the beginning of fifteenth century CE, the descendants of Dwija
Narottama resided at Dantapur. During this long period of six and half century,
that is, for several generations the members of this family continuously served the
people of Assam as noble educators. All members of descendant generations from this
family were true friends to the people of Dantapur and its nearby villages.
They were equal to everybody irrespective of caste, creed, social status,
financial status and so on. All of them were highly educated, cultured and
polite.They possessed all noble qualities of true Brahmins as prescribed in the
scriptures. People respected them like Gods, co-operated with them in all
respects and used to follow their advises in all walks of life. During
this long period of 650 years, this area came under many rulers with different
systems of rules. All the rulers were not as interested as Kumar Bhaskar Barman
in spreading education among the people of Assam and also in extending
patronage to the Toles. But the mission of spreading institutional and social education
started by Dwija Narottam at Dantapur was kept continued by his descendants for long 650 years overcoming all adverse. This mission of great selfless
service was forced to an end only with the collapse of Dantapur. (to be
continued)
খৃষ্টীয় সপ্তম শতিকাৰ
প্ৰায় মাজ ভাগত দ্বিজ নৰোত্তম দন্তপুৰলৈ আহিছিল ।বৰ্ত্তমান এই ঠাইৰ নাম বহৰি। ইয়াৰ অৱস্থিতি
অসমৰ বৰপেটা জিলাৰ দক্ষিণ ভাগত। আমাৰ ৯.১২.১৯ ৰ পৰা ২৫.১২.১৯ লৈ লিখা লিখনিসমুহত এই ঠাইৰ বিষয়ে বহলাই কোৱা
হৈছে। দন্তপুৰৰ ৰাইজে মহোৎসৱ
পাতি নৰোত্তম দ্বিজক আদৰণী জনাইছিল। তেওঁক
আদৰণী জনোৱা ঠাইখিনি এতিয়াও বহৰিত আছে বুলি বহুতে বিশ্বাস কৰে। বহৰিৰ অন্য
এটুকুৰা ঠাই নৰোত্তম আৰু তেওঁৰ উত্তৰাধিকাৰী সকলৰ বাসস্থান আছিল বুলি আজিও
জনবিশ্বাস চলি আছে। ইয়াত
থিতাপি লগাৰ পিছত নৰোত্তমে তেওঁৰ কন্যাক ওচৰৰে শিলা গাৱঁৰ এজন সুপাত্ৰলৈ বিয়া
দিছিল। তেওঁৰ
পুত্ৰ কৃষ্ণদত্ত অতি শিক্ষিত ব্যক্তি অছিল আৰু পিতাকৰ টোলতে শিক্ষাদানৰ কামত ব্ৰতী
হৈছিল । উপযুক্ত
সময়ত নৰোত্তমে পুত্ৰৰ বিবাহো সম্পন্ন কৰিছিল । ইয়াৰ পিছত
টোলৰ সম্পূৰ্ণ দায়িত্ব কৃষ্ণদত্তক দি তেওঁ সংসাৰৰ মায়ামোহ ত্যাগ কৰি বৃন্দাবনলৈ
যাত্ৰা কৰিছিল। তেওঁ সন্ন্যাস ধৰ্ম
গ্ৰহণ কৰি জীৱনৰ শেষ কালছোৱা বৃন্দাবনতে কটাইছিল। খৃষ্টীয় সপ্তম
শতিকাৰ মাজভাগৰ পৰা পঞ্চদশ শতিকাৰ আৰম্ভণী পৰ্যন্ত প্ৰায় ৬৫০ বছৰ কাল নৰোত্তম
দ্বিজৰ উত্তৰ পুৰুষ সকল দন্তপুৰত আছিল। এই সুদীৰ্ঘ কাল জুৰি নৰোত্তম পৰিয়ালৰ লোক সকলে
পুৰুষানুক্ৰমে অসমৰ জনসাধাৰণৰ মহান শিক্ষকৰ দায়িত্ব অব্যাহত ভাৱে পালন কৰিছিল। এই পৰিয়ালৰ সকলো
ব্যক্তি সঁচা অৰ্থত দন্তপুৰ আৰু ওচৰ পাজৰৰ জনসাধাৰণৰ হিতৈষী বন্ধু আছিল। তেওঁলোকে জাতি,
ধৰ্মীয় পৰম্পৰা, সামাজিক অসমতা, ধনী, দুখীয়া আদি সকলো প্ৰকাৰৰ বৈষম্যৰ উৰ্দ্ধত থাকি সকলোৰে প্ৰতি সম ব্যৱহাৰ
কৰিছিল।
তেওঁলোক প্ৰত্যেকে উচ্চ শিক্ষিত , সংস্কৃতি সম্পন্ন ,
নম্ৰ আৰু শাস্ত্ৰত উল্লেখ কৰামতে সকলো গুণ থকা প্ৰকৃত ব্ৰাহ্মণ আছিল । জনসাধাৰণে
তেওঁলোকক ভগৱানৰ দৰে শ্ৰদ্ধা ভক্তি কৰিছিল, সকলো ফালৰ পৰা সহায় সহযোগ
কৰিছিল আৰু তেওঁলোকৰ উপদেশ অনুসৰি জীৱন যাপন কৰিছিল। ৬৫০ বছৰ যোৰা
সুদীৰ্ঘ কালছোৱাত দন্তপুৰ বহু শাসকৰ বহু প্ৰকাৰ শাসন ব্যৱস্থাৰ অধীনলৈ আহিছিল । প্ৰত্যেকজন
শাসক ভাস্কৰ বৰ্মনৰ দৰে অসমৰ জনসাধাৰণক শিক্ষিত কৰাৰ বাবে বা টোল সমুহক সহায়
সাহায্য কৰাৰ বাবে আগ্ৰহী নাছিল। কিন্তু
নৰোত্তমে আনুষ্ঠানিক আৰু সামাজিক শিক্ষা বিস্তাৰৰ বাবে দন্তপুৰত যি অভিযানৰ পাতনি
মেলিছিল,
তেওঁৰ উত্তৰপুৰুষ সকলে সকলো ধৰণৰ বিৰুদ্ধ পৰিস্থিতিৰ সন্মুখীন হৈও ৬৫০ বছৰ ধৰি সেই
সেৱাব্ৰত অব্যাহত ৰাখিছিল। দন্তপুৰ
নিশ্চিহ্ন হোৱাৰ সময়তহে তেওঁলোকে এই নিস্বাৰ্থ আৰু আন্তৰিক মহান প্ৰচেষ্টা সমাপ্ত কৰিবলৈ
বাধ্য হৈছিল। (আগলৈ)
No comments:
Post a Comment