In our post of
13.4.20 it is told that Bhaskar Barman, the emperor of Kamrupa was determined to
bring Dwija Narottama from Kannouj to Kamrupa. He approached
Dwija Narottama for his consent. Narottama agreed to come to Kamarupa. Due
permission was obtained from the emperor of Kannouj and king of Kashi also. Finally,
after some time, Dwija Narottama arrived at Pragjyotishpur along with his wife
and another Scholar named Dwija Narayana. At that time, most of the common people
of Kamrupa used to perform old traditional religious rites learnt from their
ancestors. Purpose of those practices were to remain free from problems of day
to day life like poverty, diseases, natural calamities etc. People having knowledge of higher values of religious
practices, were inclined towards Tantricism and Shaktism. Most of the temples
and religious shrines were under their control. Emperor Bhaskar Barman
himself was devotee of Lard Shiva. But he had equal respect for all religions
including Buddhism. Worship of Lord Visnnu was limited and confined to some
places only. One such famous ancient Shrine for worship of Lord Vishnu was
Aswaklanta. This place was situated near Pragjyotishpur and on the North Bank
of the Brahmaputra. Now a days also, it is a famous religious shrine of Assam. It
is considered to be equivalent to the Gaya shrine of Bihar. Large number of
people still use to come here for
performance of religious rites for the benefit of departed soul in the same
line of Gaya Shrine. Presently, there are temples constructed by the Ahom kings
here. These were constructed over the the ruins of ancient temples in later
periods. Sri Krishna came to
Pragjyotishpur to fight with Narakasura. It is believed that, he halted at this
place for rest. Some other legends connected with this place are also there. It is also said that a huge part of land attached
with the present shrine was eroded by the river Brahmaputra long ago. Along
with that part of land many spots holding ancient glories of this shrine were
also destroyed. So it is not possible to assess the originality of this place at
present. In seventh century, when Dwija Narottama came to Kamrupa, this place
was full of all those lost glories. As Dwija Narottama was a devotee of Lord
Vishnu, Bhaskar Barman preferred to establish him at this place. ( to be
continued)
আমাৰ
১৩.৪.২০ তাৰিখৰ
লিখনিত কোৱা হৈছে
যে দ্বিজ
নৰোত্তমক
কামৰূপলৈ
অনাৰ বাবে
সম্ৰাট ভাস্কৰ
বৰ্মন অত্যন্ত
আগ্ৰহী হৈছিল
। কথাটো কোৱাত
নৰোত্তম
আহিবলৈ মান্তি
হৈছিল। পিছৰ
পৰ্যায়ত
কনৌজৰ সম্ৰাট
আৰু কাশীৰাজৰ
সন্মতি লৈ
নৰোত্তমক
অনাটো নিশ্চিত
কৰা হৈছিল। কিছুদিন
পিছত নৰোত্তম
কামৰূপত
উপস্থিত
হৈছিল। নৰোত্তমৰ সৈতে
তেওঁৰ পত্নী
আৰু নাৰায়ণ
নামৰ অন্য
এজন ব্ৰাহ্মণ
পণ্ডিতো
আহিছিল। সেই
সময়ৰ কামৰূপৰ
জনসাধাৰণে
উপৰি পুৰুষৰ
পৰা চলি
অহা পৰম্পৰা
অনুসৰি ধৰ্মীয়
আচাৰ অনুষ্ঠান পালন
কৰিছিল। দৈনন্দিন জীৱনত
ভোগ কৰা
দুখ-যন্ত্ৰণা
, বেমাৰ-আজাৰ
, প্ৰাকৃতিক দুৰ্যোগ
আদিৰ পৰা পৰিত্ৰাণ
পাবৰ বাবে
এই আচাৰ
অনুষ্ঠান
সমুহ পালন
কৰা হৈছিল। ধৰ্ম আচৰণৰ
দ্বাৰা উচ্চতৰ
প্ৰাপ্তি
সম্পৰ্কে
জ্ঞান থকা
ব্যক্তিসকলৰ
অধিক সংখ্যকে
তান্ত্ৰিক
আৰু শক্তি
উপাসনাত
বিশ্বাসী
আছিল । বেছিভাগ মন্দিৰ আৰু
উপাসনা স্থলী
এই সকলৰ
লোকৰ দ্বাৰা
পৰিচালিত
হৈছিল। ভাস্কৰ বৰ্মন নিজে শিৱভক্ত আছিল যদিও
বৌদ্ধ ধৰ্মকে ধৰি অন্য সকলো ধৰ্মৰ প্ৰতি তেওঁ সন্মান প্ৰদৰ্শন কৰিছিল । ভগৱান
বিষ্ণুৰ
উপাসক আৰু
উপাসনা স্থলীৰ সংখ্যা
সীমিত আছিল। ইয়াৰ ভিতৰত অশ্বক্লান্ত
অতি প্ৰাচীন কালৰে পৰা বিষ্ণু
উপাসনাৰ
স্থান হিচাপে
প্ৰসিদ্ধ
আছিল । ইয়াৰ
অৱস্থিতি
আছিল ৰাজধানী
প্ৰাগজ্যোতিষ
পুৰৰ পৰা
নাতিদূৰত
আৰু ব্ৰহ্মপুত্ৰৰ
উত্তৰ পাৰত
।এতিয়াও ই
অসমৰ এখন
অতি প্ৰসিদ্ধ
তীৰ্থ স্থান
। বিহাৰৰ প্ৰসিদ্ধ
গয়া তীৰ্থৰ
সৈতে ইয়াৰ
তুলনা কৰা
হয় । এতিয়াও
বহু লোকে
মৃতকৰ আত্মাৰ
সদ্গতিৰ
অৰ্থে গয়াত কৰাৰ
দৰে ইয়াত ধৰ্ম
কাৰ্যৰ অনুষ্ঠান
কৰে । বৰ্ত্তমান ইয়াত
আহোম ৰজাই
নিৰ্মাণ
কৰা মঠ
মন্দিৰ আছে। এই
মন্দিৰ সমুহ
প্ৰাচীন
কালৰ মন্দিৰৰ
ভগ্নাৱশেষৰ
ওপৰত পৰবৰ্ত্তী
কালত নিৰ্মাণ
কৰা হৈছিল। নৰকাসুৰৰ
সৈতে যুদ্ধ
কৰাৰ বাবে
শ্ৰীকৃষ্ণ
প্ৰাগজ্যোতিষপুৰলৈ
আহিছিল।সেই
সময়ত তেওঁ
ইয়াত জিৰণী
লৈছিল বুলি
কোৱা হয়। এই ঠাইৰ সৈতে
সংশ্লিষ্ট অন্যান্য
জনশ্ৰুতিও আছে। কোৱা হৈছে
যে এই
তীৰ্থস্থানৰ সৈতে সংলগ্ন এক বৃহৎ
ভুখণ্ড ব্ৰহ্মপুত্ৰৰ
খহনীয়াত বহুদিনৰ আগতে
জাহ গৈছিল। তাৰ
লগতে এই
ভুমিত থকা
অনেক পুৰণিকলীয়া
স্মৃতি চিহ্নও
ধংস হৈ গৈছিল। সেই
কাৰণে আগতে
ঠাইখন কেনে
আছিল বা
তাত কি
কি আছিল
তাক এতিয়া
বুজা সম্ভৱ
নহয় । নৰোত্তম
দ্বিজ কামৰূপলৈ অহাৰ
সময়ত অৰ্থাৎ
সপ্তম শতিকাত
এই তীৰ্থ
ক্ষেত্ৰ
প্ৰাচীন
সমৃদ্ধি
সমুহৰ সৈতে
গৌৰৱময় আৰু পৰিপূৰ্ণ
আছিল । নৰোত্তম
দ্বিজ বিষ্ণুভক্ত
আছিল বাবে
ভাস্কৰ বৰ্মনে তেওঁক
এই ঠাইত
ৰখাৰ সিদ্ধান্ত
লৈছিল । (আগলৈ)
No comments:
Post a Comment