In continuation of our last post of 1.4.20, it is
intended to discuss here the life story of Guru Harideva from childhood to till
his attainment of self realization. It is already mentioned that preparing children
to proceed in the path of self realization is an essential duty of every
household. The family where Guru Harideva was born and brought
up, was accustomed in doing this essential duty generation after generation. Attainment
of self realization through traditional Vedic ways is not easy. Preparation is needed from childhood days itself. It
requires guidance of teachers of higher Vedic knowledge. Generally, in the absence
of close family elders like father, mother or other close relatives with
appropriate Vedic knowledge, it is not possible to prepare a child like this
within the family atmosphere. The other alternative is to send children to the
hermitage of a Guru. They are to stay there in close contact with the competent
teachers and undergo rigorous training for long time. It is the duty of a Guru to
educate those children to proceed in the path of self realization along with lessons
on other subjects. Children are generally not allowed to come into contact with their families till the training is completed. By that time, the child is grown up
to an youth .These were the prevailing methods available to train up a child,
when Guru Harideva started his education.Fortunately, both of the facilities were
available for Guru Harideva. His father was a great personality comparable to an
ancient Vedic sage. He was a famous scholar of Vedic scriptures. On the other
hand, his residence itself was a hermitage. Disciples interested in learning
different branches of Vedic knowledge used to stay there from young age under his care. Along
with education on other subjects, they were also trained up to proceed in the
path of self realization through traditional Vedic methods. Guru Harideva was
born and brought up in such an atmosphere from his birth to till he attained
the age of 17 years. Naturally, such arrangements of education can not be available
for common people. Those facilities were limited within a selected class of
people only. So, both the subject and the method of teachings are said to be simplified
in Bhagavata to bring these to the reach of the common people. In Bhagavata itself,
these things are mentioned. Thus Guru Harideva started his journey in the path through
Vedic tradition and finally attained self realization through knowledge
contained in Bhagavata. (to be continued)
আমাৰ ১.৪.২০ তাৰিখৰ লিখনিৰ লগত সংগতি ৰাখি এইখিনিতে, জন্মৰ পৰা আত্মজ্ঞান লাভ কৰা পৰ্যন্ত কাল সামৰি, হৰিদেৱ গুৰুজনাৰ জীৱন বৃত্তান্ত উল্লেখ কৰিব খোজা হৈছে। সন্তানক শিশু অৱস্থাৰে পৰা আত্মজ্ঞান লাভৰ পথত অগ্ৰসৰ
হোৱাৰ বাবে আগ্ৰহী কৰি তোলাটো প্ৰত্যেক পৰিয়ালৰ একান্ত কৰ্ত্তব্য বুলি আগতে কৈ অহা
হৈছে । হৰিদেৱ গুৰুজনাই যি
পৰিয়ালত জন্মলাভ কৰিছিল সেই পৰিয়ালটিয়ে পুৰুষানুক্ৰমে ইয়াক অতি প্ৰয়োজনীয়
কৰ্ত্তব্য হিচাপে পালন কৰি আহিছিল । পৰম্পৰাগত বৈদিক পদ্ধতিৰে সাধনা কৰি আত্মজ্ঞান লাভ কৰা সহজ নহয় । ইয়াৰ বাবে শিশু অৱ্স্থাৰ পৰাই আগ্ৰহী হোৱা প্ৰয়োজন। শিশু উপযুক্ত বেদজ্ঞান সম্পন্ন শিক্ষকৰ তত্বধানত থকা
প্ৰয়োজন । সাধাৰণতে নিজৰ পৰিয়ালৰ
পিতৃ , মাতৃ বা অন্য নিকটাত্মীয়ৰ মাজত এনে উপযুক্ত
আৰু বেদজ্ঞ ব্যক্তি নাথাকিলে শিশুক পৰিয়ালৰ মাজত ৰাখি এনে শিক্ষা দিয়া সম্ভৱ নহয় । শিশুসকলক নিৰ্দিষ্ট বয়সত গুৰুৰ আশ্ৰমলৈ পঠিয়াই দিয়াটো হৈছে
ইয়াৰ বিকল্প উপায়। ইয়াত শিশু
অৱস্থাৰে পৰা সুদীৰ্ঘ সময় গুৰুৱে ছাত্ৰক লগতে ৰাখি অন্যন্য বিষয়ৰ শিক্ষা দিয়াৰ
লগতে আত্মজ্ঞান লাভ কৰাৰ পথত ক্ৰমন্বয়ে অগ্ৰসৰ হোৱাৰ শিক্ষা দিয়ে । এই পদ্ধতিত সাধাৰণতে শিশুসকলে শিক্ষা শেষ নোহোৱা পৰ্যন্ত নিজৰ
পৰিয়ালৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিব লাগে । তেতিযালৈকে শিশু ডাঙৰ দীঘল হৈ যুৱকত পৰিণত হয় । হৰিদেৱ গুৰুজনাই শিক্ষাগ্ৰহণ কৰাৰ সময়ত সমাজত এনে প্ৰকাৰৰ শিক্ষা
ব্যৱস্থাৰ প্ৰচলন আছিল । গুৰুজনাই অৱশ্যে এই উভয় প্ৰকাৰে শিক্ষা গ্ৰহণ কৰাৰ সুবিধা
লাভ কৰিছিল। তেওঁৰ পিতৃ বৈদিক ঋষি
সুলভ ব্যক্তিত্ব সম্পন্ন বিখ্যাত বেদজ্ঞ পণ্ডিত আছিল । আনহাতে ঘৰখন আছিল আশ্ৰম সদৃশ । বিভিন্ন শাখাৰ বৈদিক জ্ঞান লোৱাৰ বাবে আগ্ৰহী শিষ্যসকল সৰু কালৰে
সেই আশ্ৰমতে থাকি শিক্ষা গ্ৰহণ কৰিছিল । সেই আশ্ৰমত অন্যান্য বৈদিক বিষয়ৰ শিক্ষা দিয়াৰ লগতে বৈদিক
পদ্ধতিৰে আত্মজ্ঞান লাভৰ পথত অগ্ৰসৰ হোৱাৰ শিক্ষাও দিয়া হৈছিল । জন্মৰ পৰা প্ৰায় সোতৰ বছৰ বয়সলৈকে হৰিদেৱ গুৰুজনা এনে
পৰিবেশ পৰিস্থিতিৰ মাজত আছিল ।
স্বাভাৱিকতে এনে ধৰণৰ শিক্ষা আৰু শিক্ষা ব্যৱস্থাৰ
সুবিধা জনসাধৰণ বাবে উপযোগী আৰু সুলভ হ’ব নোৱাৰে ।
গতিকে
পৰম্পৰা অনুসৰি এক বিশেষ শ্ৰেণীৰ মাজতে ই সীমাৱদ্ধ আছিল । ভাগৱতত বিষয় আৰু শিক্ষাদান
প্ৰণালী উভয়কে সৰল সহজ কৰি সৰ্বসাধাৰণৰ বাবে উপযোগী কৰি তোলা হৈছে । স্বয়ং ভাগৱত শাস্ত্ৰতে এই কথা উল্লেখ কৰা আছে । হৰিদেৱ গুৰুজনাইও বৈদিক পদ্ধতিৰে শিক্ষা আৰম্ভ কৰিছিল যদিও
অৱশেষত ভাগৱত জ্ঞানৰ আধাৰতে আত্মজ্ঞান লাভ কৰিছিল।(আগলৈ)
No comments:
Post a Comment