Thursday 9 April 2020

Understanding Guru Harideva’s Approach Towards Unity-65 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৬৫)


One of the forefathers of Guru Harideva came to Assam from Kannuj in 7th century CE.In the preceding post we discussed about  Kannuj to get some idea of the education and culture of his place of origin. Now to understand the situation he had to face after coming here , we should know something about Kamrupa also. Kamrupa Desha means an area of land covering Assam with almost all North  Eastern States and some parts of West Bengal and Bangladesh. Pragjyotishpur was the capital of Kamrupa. The present Guwahati city, the capital of Assam, is said to be the location of Pragjyotishpur. Kamrupa and Pragjyotishpur are mentioned in Ramayana, Mahabharata and other Puranas. In Kiskindhyaa Kanda of Ramayana, there is mention of Pragjyotishpur. Kamrupa is still famous for Kamakhya Temple of Goddess Shakti since time immemorial. It existed before the epic ages also. Non-Areans were the prime constituents of the population of Kamrupa.The rulers were also of non-Arean origins.King Narakasura was the most famous king of Kamrupa. Some Archaeological remains are still available in and around Guwahati city in his name.A hill named Naraka Hill is also there at Guwahati. Sri  Krishna from  Dwaraka, visited Kamrupa on several occasions . He killed King Naraka and enthroned his son Bhagadatta in his place. Daughter of King Bhagadatta was married to king Duryodhana. He fought the war of Mahabharata in favor of Duryodhana. These things are written in Mahabharata. These are some of the examples of Arean connections from Northern India with this Non-arean state. Moreover, though Narakasura was a non-Arean king, he was associated with Hindu belief of Shakti Goddess and Kamakhya Temple .In this way, presence of Brahmin priest and their associates became necessary here, from ancient times. Those people of Aryan origin, used to come here from different parts of Norhen India. They came to different parts of Kamrupa under patronage of different kings.During 600-650 CE Kumar Bhaskar Barmana was the King of Kamrupa . He claimed himself to be the descendant of Narakasura of Mahabharata age. He was an intimate friend of emperor Harshabardhana of Kannykubja Desha. (to be continued)

হৰিদেৱ গুৰুজনাৰ পূৰ্ৱপুৰুষ সকলৰ এজনে খৃষ্টীয় সপ্তম শতিকাত কনৌজৰ পৰা অসমলৈ আহিছিল ইয়াৰ আগতে আমি কনৌজৰ বিষয়ে কিছু তথ্য সংগ্ৰহ কাৰিছো কেনে প্ৰকাৰৰ শৈক্ষিক সাংস্কৃতিক পৰিবেশৰ মাজৰ পৰা গুৰুজনাৰ পূৰ্বপুৰুষ অসমলৈ আহিছিল তাৰ আভাস লোৱাৰ বাবে ইয়াৰ প্ৰয়োজন আছে কনৌজৰ পৰা কামৰূপলৈ অহাৰ পিছত গুৰুজনাৰ পূৰ্ৱপুৰুষজন কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল তাক বুজাৰ বাবে কামৰূপৰ বিষয়েও কিছু কথা জনাৰ প্ৰয়োজন কামৰূপ দেশ বুলিলে উত্তৰ পূবৰ প্ৰায়বোৰ ৰাজ্যৰ সৈতে অসম, পশ্চিমবংগৰ কিছু অংশ আৰু বাংলাদেশৰ কিছু অংশ সামৰা এক বৃহৎ ভুখণ্ডক বুজায় ইয়াৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰবৰ্ত্তমান অসমৰ ৰাজধানী গুৱাহাটীয়ে পুৰণি প্ৰাগজ্যোতিষপুৰ নগৰ আছিল বুলি কোৱা হৈছে ৰামায়ণ ,মহাভাৰত আৰু অন্যান্য পুৰাণৰ কাহিনীৰ সৈতে কামৰূপ দেশ আৰু প্ৰাগজ্যোতিষপুৰৰ নাম জড়িত হৈ আছে ৰামায়ণৰ কিষ্কিন্ধ্যা কাণ্ডত প্ৰাগজ্যোতিষপুৰৰ উল্লেখ আছে ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা কামৰূপ শক্তি উপাসনাৰ স্থান কামাখ্যা মন্দিৰৰ বাবে বিখ্যাত ৰামায়ণ আৰু মহাভাৰতৰ কালৰ আগৰে পৰা এই মন্দিৰ আছিল কামৰূপৰ প্ৰায় সকলো বাসিন্দা অনাৰ্য আছিল দেশৰ শাসক সকলো অনাৰ্য মূলৰ আছিল নৰকাসুৰ কামৰূপৰ সবাতোকৈ বিখ্যাত ৰজা আছিলনৰকাসুৰৰ নামৰ সৈতে যুক্ত অনেক পুৰণি স্মৃতি চিহ্ন এতিয়াও গুৱাহাটী আৰু ইয়াৰ আশে পাশে আছে গুৱাহাটীত নৰকাসুৰ নামৰ এখন পাহাৰো আছে দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণ কেবাবাৰো কামৰূপলৈ আহিছিল কৃষ্ণই নৰকাসুৰক বধ কৰি তেওঁৰ পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতিছিল ভগদত্তই নিজৰ ছোৱালীক ৰজা দুৰ্যোধনৰ সৈতে বিয়া দিছিলকুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই ৰজা দুৰ্যোধনৰ হকে যুদ্ধ কৰিছিলএই বিলাক কথা মহাভাৰতত লিখা আছে ই বিলাক হৈছে উত্তৰ ভাৰতৰ আৰ্যসকলৰ সৈতে কামৰূপৰ অনাৰ্য সকলৰ সা-সম্পৰ্কৰ কিছুমন উদাহৰণ তদুপৰি অনাৰ্য মূলৰ ৰজা হলেও নৰকাসুৰ হিন্দু ধৰ্মৰ শক্তি দেৱী আৰু কামাখ্য মন্দিৰৰ সৈতে সম্পৰ্কিত ব্যক্তি আছিলসেই কাৰণে প্ৰাচীন কালৰ পৰাই কামৰূপত হিন্দু ব্ৰাহ্মণ পূজাৰী, পুৰোহিত আৰু এনে কামৰ সহকাৰী হিচাপে অন্যান্য লোকৰ উপস্থিতি প্ৰয়োজনীয় আছিলআৰ্য মূলৰ এইসকল লোক উত্তৰ ভাৰতৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন ৰজাৰ পৃষ্ঠপোষকতাত কামৰূপৰ বিভিন্ন স্থানলৈ আহিছিল খৃষ্টীয় ৬০০ ৰ পৰা ৬৫০ চনলৈ কামৰূপৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন তেওঁ প্ৰাচীন কালৰ নৰকাসুৰৰ বংশধৰ বুলি নিজে লিখি থৈ গৈছে ভাস্কৰ বৰ্মন আমি ইয়াৰ আগৰ লিখনিত উল্লেখ কৰি অহা কান্যকুব্জ দেশৰ সম্ৰাট হৰ্ষবৰ্দ্ধনৰ নলে গলে লগা বন্ধু আছিল।(আগলৈ )

No comments:

Post a Comment