Sunday 5 April 2020

Understanding Guru Harideva’s Approach Towards Unity-63 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৬৩)


It is told in Bhagavata that, taking birth in India as a human being is too much beneficial .This facility is obtained only  as a result of excellent  deeds performed in the past lives. Even Demigods in heavens are eager to take birth as human being in India. Explaining the reason, Bhagavata tells that there are thousands of mountains like  Bindhya , Chitrakuta , Malay etc here . These mountains are places of penance of the sages and  the  Demigods of higher heavens . Mountains are full of  minerals and plants of high medicinal value suitable for healthy human body . Streams of water after touching those places of penance, medicinal minerals and plants come down to the plain land and take the shape of rivers. There are huge numbers of such rivers like Mandakini , Swarasvati etc flowing through the plain lands of India. Uttering of the names of these rivers and mountains itself is sufficient to purify a man . But the people of India are fortunate enough to visit these mountains and take bath in the rivers. They can drink  water from these rivers . They can inhale the air purified by these rivers and mountains . They can eat foods produced in the land firtiled by these rivers and so on . Their  bodies  are purified in this way. Again in India, there are sufficient arrangements to make people interested for self realization through purification of their minds. For this, there are huge numbers Vedic scriptures composed by sages of Vedic knowledge. Great teachers like Sanat Kumar, Narada , Vyasa , Bashistha, Sukadeva use to roam around here in many forms of personalities to share their knowledge of Veda and Vedic scriptures. Again, the processes of teaching of those scriptural knowledge  are continuously modified by great sages from time to time to suit the needs of different people of different times. Thus starting from the seers of Veda, a class of people and their ancestors, disciples, disciples of disciples etc devote their lives for continuously maintaining the purity of India through a stream of Vedic knowledge. Anybody born in India has the right to avail these facilities as per their needs and easily attain self realization. The forefathers of Guru Harideva  were amongst the bearers of that stream of  Vedic knowledge from ancient times by generations  .(to be continued )

ভাগৱতত কোৱা হৈছে যে ভাৰতবৰ্ষত মানুহ হৈ জন্ম লাভ কৰা অতি উত্তম পূৰ্বজন্মত কৰা অতিশয় শুভ কৰ্মৰ ফলতহে মনুষ্য শৰীৰ লৈ ভাৰতবৰ্ষত জন্ম লাভ কৰা সম্ভৱ এনে জন্ম লাভ কৰাৰ বাবে দেৱতা সকলেও হাবিয়াস কৰে ইয়াৰ কাৰণ উল্লেখ কৰি ভাগৱতত কোৱা হৈছে যে ভাৰতবৰ্ষত বিন্ধ্য , চিত্ৰকূট , মলয় প্ৰভৃতি শত সহস্ৰ পৰ্বত আছে এই পৰ্বত সমুহ অনেক পূণ্যাত্মা ঋষি মুনিৰ লগতে উচ্চতৰ লোকৰ দেৱতা সকলৰো তপস্যাৰ স্থান অনেক প্ৰকাৰৰ ঔষধি গুণযুক্ত দ্ৰব্য তথা বৃক্ষ লতাৰে এই পৰ্বত বিলাক ঠাহ খাই আছে এই তপোভুমি আৰু ঔষধি দ্ৰব্য সমুহ স্পৰ্শ কৰি পৰ্বত সমুহৰ পৰা অসংখ্য জলধাৰা নামি আহে এই জলধাৰা সমুহৰ দ্বাৰা পুষ্ট হৈ মন্দাকিনী , সৰস্বতী আদি অসংখ্য নদী উপনদী ভাৰত বৰ্ষৰ মাজেৰে প্ৰবাহিত হৈ আছে ই নদী অৰু পৰ্বত সমুহৰ নাম উচ্চাৰণ কৰিলেই মানুহ পবিত্ৰ হয় তেনে স্থলত ভাৰত বৰ্ষৰ বাসিন্দা সকলে পৰ্বত সমুহ স্পৰ্শ কৰিবলৈ যাব পাৰে পবিত্ৰ নদী সমুহত স্নান কৰিব পাৰে পিয়াহত এই পবিত্ৰ পানী পান কৰিব পাৰে নদী আৰু পৰ্বত সমুহে শোধন কৰা পবিত্ৰ বায়ুৰে উশাহ লব পাৰে পবিত্ৰ নদীসমুহে সাৰুৱা কৰা মাটিত উপাদন হোৱা খাদ্য খাব পাৰে ইত্যাদি ইয়াৰ ফলত ভাৰতবৰ্ষৰ মানুহৰ শৰীৰ পবিত্ৰ হয় আনহাতে মনৰ পবিত্ৰতা  সম্পাদন কৰি মানুহক আত্মজ্ঞান লাভৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে ইয়াত অনেক ব্যৱস্থা আছে ইয়াৰ বাবে বেদজ্ঞ ঋষি মুনি সকলে বৃহৎ সংখ্যক শাস্ত্ৰ ৰচনা কৰি থৈছে সনত কুমাৰ , নাৰদ ,ব্যাস,  বশিষ্ঠ ,শুকদেৱৰ দৰে অমোঘ বেদজ্ঞান সম্পন্ন মহান শিক্ষাগুৰু সকলে বিভিন্ন ৰূপত ইয়াৰ সকলো স্থানতে জ্ঞান বিতৰণ কৰি ঘুৰি ফুৰে আনহাতে মহাজ্ঞানী ঋষি মুনি সকলে বেদজ্ঞানৰ শিক্ষা প্ৰণালী সমুহো সকলো স্থানৰ সকলো লোকৰ উপযোগী হোৱা ধৰণে অহৰহ সংশোধন কৰি থাকে এনেদৰে বেদৰ মন্ত্ৰদ্ৰষ্টা ঋষি সকলৰ দিনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বংশধৰ, শিষ্য, প্ৰশিষ্য সহ এক শ্ৰেণীৰ লোকে বৈদিক জ্ঞান ধাৰাৰ প্ৰবাহ অব্যাহত ৰাখিছে তেওঁলোকে ভাৰতবৰ্ষক পূণ্যভুমিত পৰিণত কৰি ৰখাৰ স্বাৰ্থত পুৰুষানুক্ৰমে নিজৰ জীৱন উচ্ছৰ্গা কৰি আহিছে ভাৰতবৰ্ষত জন্ম গ্ৰহণ কৰা যিকোনো মানুহে নিজৰ প্ৰয়োজন মতে এই সুবিধাসমুহ গ্ৰহণ কৰি সহজতে আত্মজ্ঞান লাভ কৰিব পাৰে হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষসকল অতীতৰে পৰা পুৰুষানুক্ৰমে ভাৰতবৰ্ষৰ সেই মহান সনাতন বৈদিক জ্ঞান প্ৰবাহৰ ধাৰক আৰু বাহক আছিল।(আগলৈ)

No comments:

Post a Comment