In 7th
century CE, Aswaklanta was a main center of education. But in the beginning of 15th
century CE, when Dwija Ajanabha arrived there, the education system at Aswaklanta,was
in a nearly collapsed state.One of its reason was the war like situation prevailed
there, about which we discussed in the preceding post . Another reason was the
change of mentality of people towards education. From the middle of 7th
century to the beginning of 15th century CE, huge changes in political,
social, demographic and economic conditions occurred in Kamrupa. Large number
of People from outside permanently settled here. All of the Muslim people who
came as warriors for invasion of Assam. did not return to their place of
origin. They settled themselves in
different parts of Assam. Kings of this region also used to encourage settlement
of selected classes of people from Bengal and other parts of North India. Those
people had expertise in different field of activities unknown to general people
of Assam till that time. They were experts in trade, commerce, architecture,
jewellery works , weapon making, tailoring and many other fields of public
utility. They started their business and service establishments at various
places. Moreover, process of land demarcation and settlement, donations of
grants and aids to people and institutions, construction of palaces, temples,
roads, bridges etc started in large scale in various part of the country. Thus, needs of large number of
trained literate
helpers
to maintain related services like accounts keeping, weights and measures, land
records, purchase and sale , export and import, transportation and storage ,
documents and letter writing etc arose. Earlier also requirements of such man power were there. But those were of very
small scale. Knowledge of those works were maintained and transferred within
families as family tradition.The responsibilities of those works were
transferred from father to son. In the changed situation, that system was not sufficient
to produce required number of trained manpower. Under such situation, youths
from Brahims and other higher classes of society became interested to train
themselves for those jobs. Guardians of small children were also became
interested to give education to their children in that line. To meet those
requirements, sufficient numbers of schools called ‘Pathsalas’ or ‘Chatrashalas’
were established at different places. Under such circumstances, the ‘Tole’
system of education lost its past significance.(to be continued)
সপ্তম শতিকাত অশ্বক্লান্ত
বিখ্যাত শিক্ষাকেন্দ্ৰ আছিল। পঞ্চদশ শতিকাৰ প্ৰথম
ভাগত, অজনাভ দ্বিজ ইয়ালৈ অহাৰ সময়ত,
ইয়াৰ শিক্ষা ব্যৱস্থা প্ৰায় লুপ্ত হৈছিল।
এনে অৱস্থাৰ এটা
কাৰণ আছিল ইয়াত বিৰাজ কৰা যুদ্ধ সদৃশ পৰিবেশ।ইয়াৰ আগৰ
লিখনিটোত এই বিষয়ে কোৱা হৈছে।অন্যটো কাৰণ আছিল শিক্ষা সম্পৰ্কত মানুহৰ মনলৈ
অহা পৰিবৰ্ত্তন।সপ্তম শতিকাৰ মাজভাগৰ পৰা পঞ্চদশ শতিকাৰ
আৰম্ভণীলৈকে সুদীৰ্ঘ ৬৫০ বছৰত কামৰূপৰ ৰাজনৈতিক ,সামাজিক, অৰ্থনৈতিক তথা জনসংখ্যাৰ গাঠনি ইত্যাদি সকলো দিশত অনেক পৰিবৰ্ত্তন হৈছিল। বাহিৰৰ পৰা আহি
কামৰূপত স্থায়ীভাৱে বসবাস কৰা লোকৰ সংখ্যা অনেক বৃদ্ধি হৈছিল। মুছলমানৰ
আক্ৰমণৰ সময়ত সেনাবাহিনীৰ সৈতে অহা সকলো লোক নিজৰ ঠাইলৈ ঘুৰি যোৱা নাছিল।তেওঁলোকে
অসমৰ বিভিন্ন স্থানত স্থায়ী বসতি স্থাপন কৰিছিল।ইয়াৰ
ৰজাসকলেও বংগদেশ আৰু উত্তৰ ভাৰতৰ বিভিন্ন স্থানৰ বহু সংখ্যক লোকক ইয়াত বসতি স্থাপন
কৰাৰ বাবে সুবিধা দিছিল ।এই সকল লোকে অসমৰ মানুহে আগতে নেদেখা আৰু নজনা বহু প্ৰকাৰৰ
কাম কাজ জানিছিল ।
তেওঁলোক ব্যৱসায় ,বাণিজ্য , শিল্পকৰ্ম ,
আ-অলংকাৰ তৈয়াৰ কৰা, যুদ্ধৰ অস্ত্ৰ্-শস্ত্ৰ তৈয়াৰ কৰা, পোছক পৰিচ্ছদ চিলোৱা আদি বহু প্ৰকাৰৰ
ব্যৱহাৰিক বিদ্যাত পাৰ্গত আছিল।তেওঁলোকে বিভিন্ন ঠাইত
শিল্প উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি প্ৰতিস্থা কৰিছিল। তদুপৰি সেই
সময়ত দেশত বহল ভিত্তিত মাটিৰ জৰীপ,পট্টন
, বিভিন্ন ব্যক্তি তথা অনুষ্ঠনলৈ সহায় সাহায্য প্ৰদান , মঠ ,মন্দিৰ , ৰাজপ্ৰসাদ , ৰাজপথ , দলং আদিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ।এই বিলাকৰ সৈতে
জড়িত হিচাপ নিকাচ,জোখ মাখ ,মাটি বাৰীৰ নথিপত্ৰ ,বেচা–কিনা, আমদানি-ৰপ্তানী ,পৰিবহন-সংৰক্ষণ ইত্যাদি কাম কৰিব পৰা
যথেষ্ট সংখ্যক লিখা পঢ়া জনা সহায়ক ব্যক্তিৰ প্ৰয়োজন আহি পৰিছিল । ইয়াৰ
আগতেও এই বিলাক কাম কৰা ব্যক্তি আছিল যদিও
কামৰ পৰিসৰ বৰ কম আছিল। এই কাম সমুহৰ জ্ঞান পৰম্পৰাৰ ৰূপত সীমিত সংখ্যক পৰিয়ালৰ
মাজতে আৱদ্ধ আছিল ।
পিতৃৰ পিছত তেওঁৰ পুত্ৰক এনে কামৰ দ্বায়িত্ব দিয়া হৈছিল। পৰিস্থিতিৰ
পৰিবৰ্ত্তন হোৱাৰ পিছত পূৰ্বপ্ৰচলিত ব্যৱস্থাৰ দ্বাৰা প্ৰযোজনীয় সংখ্যক কাম জনা
মানুহ পোৱা সম্ভৱ নাছিল। আনহাতে নতুন পৰিস্থিতিত অনেক সংখ্যক ব্ৰাহ্মণ আৰু উচ্চ
শ্ৰেণীৰ পৰিয়ালৰ যুৱক এই কাম বিলাক কৰাৰ বাবে শিক্ষা ল’বলৈ আগ্ৰহী
হৈছিল।
শিশু ছাত্ৰৰ অভিভাৱক সকলেও নিজৰ সন্তানক এই ধৰণে শিক্ষা দিয়াৰ বাবে সুবিধা
বিচাৰিছিল ।এই
নতুন চাহিদা পূৰণ কৰাৰ বাবে বহু স্থানত যথেষ্ট
সংখ্যক পাঠশালা বা ছাত্ৰশালা প্ৰতিষ্ঠা কৰা হৈছিল । ইয়াৰ ফলত টোল
শিক্ষা ব্যৱস্থাৰ গুৰুত্ব আগতকৈ বহু কমি গৈছিল । (আগলৈ)
No comments:
Post a Comment