The
Chinese Pilgrim Hu-En-Tsung mentioned in his account that, Bahskar Barman took keen
interest in spreading education among the people of Kamrupa. Dwija
Narottama was brought to Kamrupa for that purpose. A school was established at
Aswaklanta under the patronage of Bhaskar Barman. Dwija Narottama along with
Dwija Narayana were engaged as teachers there. Those Schools called “Tole” were
not like
schools of today. “Gurukul”
system of ancient Vedic times was followed there for educating students .
Students and teachers lived together in those Toles. Lessons on Vedas,
Vedangas, Upavedas, Brahmanas, Upanishadas , Six systems of philoshophy, Bhagavadgita, Smiritis and all other related Vedic Scriptures were taught
there . Subjects like spiritualism, general science, arts, commerce
, medicine , engineering , agriculture, horticulture, military education , civil administration , social
science and whatever may be there, are included in those huge treasures of
Vedic knowledge . Naturally it was not possible to include all those subjects
in one single Tole. Different Toles used to impart education on different
subjects. Students were free to take
admission in a Tole where his subject of choice is available, like a modern
college student. Famous Universities of that time had provision to impart
higher education on all the subjects mentioned above. Again books were not
available at that time. So, knowledge of teachers was communicated to
students verbally. Higher understanding capacity and better memory of students were
most essential for this type of education. For development of those qualities, students
were kept in the Toles under strict discipline. They were trained to live a life of austerity under the guidance of
teachers .In Vedic system, the aim of
education was to prepare a man for the present life by making him true to his
familial , social , national and global duties. At the same time, education was
also aimed to prepare a man to attain self realization and subsequent liberation. Ancient
teachers considered knowledge as the third eye of man. This third eye gives a
man insight into all worldly and non worldly matters. This helps him in fulfillment
of the above aims of human life. Such a Tole, with provision of education of
some selected subjects relevant to the students of this region, was established
at Aswaklanta and Dwija Narottama took charge of it as a Guru or teacher. (to
be continued )
কামৰূপ দেশৰ প্ৰজাৰ মাজত শিক্ষা বিস্তাৰ কৰাৰ বাবে সম্ৰাট ভাস্কৰ বৰ্মন অত্যন্ত আগ্ৰহী আছিল । হিউয়েন চাঙে নিজৰ টোকাত এই কথা লিখি থৈ গৈছে । এই উদ্দেশ্যতে দ্বিজ নৰোত্তমক কামৰূপলৈ অনা হৈছিল। ভাস্কৰ বৰ্মনৰ পৃষ্ঠপোষকতাত অশ্বক্লান্তত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰি নৰোত্তম আৰু নাৰায়ণ দ্বিজক শিক্ষাদানৰ দয়িত্ব দিয়া হৈছিল । এই বিদ্যালয় আজিকালিৰ দৰে নাছিল আৰু ইয়াক টোল বুলি কোৱা হৈছিল। বৈদিক কালৰ প্ৰাচীন গুৰুকুলৰ আৰ্হিৰে টোলসমুহত শিক্ষাদান কৰা হৈছিল। ইয়াত শিক্ষক আৰু ছাত্ৰ একেলগে বাস কৰিছিল। বেদ, বেদাঙ্গ , উপবেদ, ব্ৰাহ্মণ ,উপনিষদ, দৰ্শন, ভগৱদ্গীতা, স্মৃতিশাস্ত্ৰ আৰু ইবিলাকৰ সৈতে সংশ্লিষ্ট আন সকলো বিষয়ৰ শিক্ষা টোল সমুহৰ পাঠ্যক্ৰমৰ অন্তৰ্গত আছিল। পাৰমাৰ্থিক জ্ঞানৰ লগতে সাধাৰণ বিজ্ঞান, কলা, বাণিজ্য, চিকিৎসা বিজ্ঞান , আভিযান্ত্ৰিক শিক্ষা ,অস্ত্ৰ বিদ্যা , যুদ্ধবিদ্যা ,কৃষি বিজ্ঞান ,পশুপালন , সমাজ বিজ্ঞান, সাধাৰণ প্ৰশাসন ইত্যাদি যিমান প্ৰকাৰৰ জ্ঞান বিজ্ঞানৰ শাখা আছে সেই সকলোখিনিয়ে ওপৰত উল্লেখ কৰা এই বৃহৎ বৈদিক জ্ঞান ভাণ্ডাৰৰ অন্তৰ্গত। স্বাভাৱিকতে এখন টোলত সকলো বিষয়ৰ শিক্ষা দিয়া সম্ভৱ নাছিল। গতিকে বিভিন্ন টোলত বিভিন্ন বিষয়ৰ শিক্ষা দিয়াৰ ব্যৱস্থা আছিল । আজিকালিৰ কলেজ সমুহৰ দৰে ছাত্ৰই যি পঢ়িব বিচাৰে সেই বিষয়ৰ শিক্ষাদানৰ ব্যৱস্থা থকা টোলত নাম ভৰ্ত্তি কৰিছিল । তেতিয়াৰ বিখ্যাত বিশ্ববিদ্যালয় সমুহত ওপৰোক্ত প্ৰায় সকলো বিষয়ৰ উচ্চ শিক্ষা দিয়াৰ ব্যৱস্থা আছিল। সেই সময়ত আজিকালিৰ দৰে কিতাপ উপলব্ধ নাছিল । শিক্ষকে মৌখিক ভাৱে ছাত্ৰক জ্ঞান দান কৰিছিল। এনে পদ্ধতিত ছাত্ৰৰ বুজাৰ শক্তি আৰু মনত ৰখাৰ ক্ষমতা অত্যধিক হোৱা অতি প্ৰয়োজনীয় । এই ক্ষমতা বিকাশ কৰাৰ বাবে ছাত্ৰক কঠোৰ অনুশাসনৰ মাজত টোলতে ৰখা হৈছিল। সকলো কামনা বাসনা ত্যাগ কৰি গুৰুৰ তত্বাৱধানত কৃচ্ছ সাধন কৰা বাধ্যতামূলক আছিল । বৈদিক অনুশাসন অনুসৰি শিক্ষাৰ মূল লক্ষ হৈছে পাৰিবাৰিক, সামাজিক, ৰাষ্ট্ৰীয় আৰু সমগ্ৰ জগতৰ প্ৰতি থকা কৰ্ত্তব্যৰ প্ৰতি একান্ত নিষ্ঠাৱান থাকি নিজৰ বৰ্ত্তমান জীৱন যাপন কৰাৰ বাবে মানুহক সাজু কৰা। লগতে শিক্ষাৰ আনটো প্ৰধান লক্ষ্য হৈছে আত্মজ্ঞানৰ প্ৰাপ্তি আৰু মুক্তি লাভ। প্ৰাচীন শিক্ষাগুৰু সকলে জ্ঞান মানুহৰ তৃতীয় নয়ন বুলি কৈছে । এই তৃতীয় নয়নে মানুহক জগতৰ অন্তৰ্গত আৰু ইহ জগতৰ বাহিৰত থকা সকলো বিষয় জানিব পৰাকৈ অন্তৰ্দৃষ্টি প্ৰদান কৰে । এই অন্তৰ্দৃষ্টিৰ সহায়ত মানুহ ওপৰোক্ত লক্ষ্যত উপনীত হ’ব পাৰে । এই অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় কিছুমান নিৰ্বাচিত বিষয়ৰ পাঠদানৰ লগতে শিক্ষাৰ ওপৰোক্ত মূল লক্ষ্য পূৰণ কৰি
মূল্যবান মানৱ সম্পদ গঢ়ি তোলাৰ বাবে উপযোগী এনে এখন আদৰ্শ টোল অশ্বক্লান্তত স্থাপন কৰা হৈছিল আৰু নৰোত্তম দ্বিজক ইয়াৰ প্ৰধান গুৰু বা শিক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছিল । (আগলৈ)
No comments:
Post a Comment