It is suggested in
Bhagavata that, each and every child in human society should get scope to
prepare themselves for self realization. This is said to be the part of proper
care of children for the welfare of mankind. For this purpose fathers, mothers,
teachers, relatives and all other members of the society should create proper atmosphere.
Bhagavata shows the easy ways of attainment of self realization for the benefit
of common people. Guru Harideva himself attained self realization through such simple
ways shown by Bhagavata. Before coming back of Guru Harideva to Assam in 1453 CE,
Bhagvata was unknown to the common people of Assam. At that time, Lord Krishna
was known to certain numbers of people through scriptures like Mahabharata and Gita etc.Though
Krishna was worshiped as an incarnation of Lord Vishnu in limited circles, he
was not a beloved deity of common people as on today. At that time, education
was restricted to a very small class of people. Children of those classes of people
only got scope to prepare themselves for understanding higher values of life
through Vedic traditions. Common people were not able to understand those
complicated Vedic traditions. Also, there was no scope for them to be
interested in those things. Thus when Guru Harideva was a child, Lord
Krishna was worshiped by tradition in his family. Lord Krishna as depicted in
Gita, Mahabharata etc was known to his parents and other associates in his
society. Elaborate knowledge Lord Krishna as detailed in Bhagavata was not
available there. Guru Harideva was traditionally prepared by his parents and
well wishers to proceed in the path of self realization through Vedic methods. In
this way, before attainment of self realization through research oriented and
devoted study of Bhagavata, he prepared himself for this attainment from his
childhood. Equipped with the strength of self realization and profound knowledge
of Bhagavata thus attained, Guru Harideva came back to Assam. Then he brought
this knowledge to the reach of common people through his Satras. If we go
through the details, then only, the hardship present in the path of self realization
earlier and the simplification made in Bhagavata for the benefit of common
people will be clear.(to be continued)
ভাগৱতত কোৱা হৈছে যে মানৱ সমাজৰ প্ৰতিটো সন্তানে আত্মজ্ঞান লাভ কৰাৰ বাবে নিজকে সাজু কৰাৰ সুযোগ শিশু কালৰে পৰা পোৱা উচিত । লগতে কোৱা হৈছে যে সমস্ত মানৱ সমাজৰ সৰ্বাত্মক মঙ্গলৰ অৰ্থে সন্তানৰ যথোপযুক্ত যত্ন ল’ব লাগে আৰু আত্মজ্ঞান লাভৰ বাবে সুযোগ দিয়াটো এই কৰ্ত্তব্যৰে এটা অতি প্ৰয়োজনীয় অংশ । ইয়াৰ বাবে সমাজৰ সকলো পিতৃ ,মাতৃ, শিক্ষক, সম্বন্ধীয় লোক তথা আন সকলো অভিভাৱক শ্ৰেণীৰ লোকে এটা সুস্থ আৰু আদৰ্শ পৰিবেশ সৃষ্টি কৰা উচিত । ভাগৱতত সাধাৰণ শ্ৰেণীৰ লোকেও আত্মজ্ঞান লাভ কৰিব পৰাকৈ অতি সৰল পথৰ সন্ধান দিয়া হৈছে । হৰিদেৱ গুৰুজনাই নিজেও ভাগৱতত বৰ্ণনা কৰা ধৰণে সহজ সৰল পন্থা অনুসৰণ কৰি আত্মজ্ঞান লাভ কৰিছিল । ১৪৫৩ খৃঃত হৰিদেৱ গুৰুজনা অসমলৈ অহাৰ আগতে ইয়াত সৰ্বসাধাৰণৰ মাজত ভাগৱত চৰ্চাৰ প্ৰচলন নাছিল ।সেই সময়ত ভগৱান কৃষ্ণ সম্পৰ্কে মহাভাৰত আৰু গীতাৰ দৰে শাস্ত্ৰত প্ৰচাৰিত জ্ঞান কিছুসংখ্যক লোকৰ মাজতে সীমিত আছিল । একাংশ লোকে কৃষ্ণক ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে পূজা কৰিছিল। কৃষ্ণ এতিয়াৰ দৰে সৰ্বজন গ্ৰাহ্য, সৰ্বপূজ্য , সৰ্বসাধাৰণৰ প্ৰিয়তম উপাস্য দেৱতা নাছিল । সেই সময়ৰ শিক্ষা ব্যৱস্থাও অতি সীমিত লোকৰ ববেহে উপলব্ধ আছিল । কেৱল সেইসকল পৰিয়ালৰ সন্তানেহে বৈদিক পৰম্পৰা অনুসৰণ কৰি উচ্চতৰ জীৱনৰ বাবে নিজক সাজু কৰাৰ সুযোগ পাইছিল । সাধাৰণ লোকৰ এইসমুহ জটিল বৈদিক প্ৰক্ৰিয়া বুজাৰ ক্ষমতা নাছিল । অৱশ্যে ইয়াৰ বাবে আগ্ৰহী হোৱাৰ সুবিধাও তেওঁলোকে পোৱা নাছিল ।এনেদৰে দেখা যায় যে হৰিদেৱ গুৰুজনাৰ শিশু কালত তেওঁৰ পৰিয়ালত কৃষ্ণ উপসনাৰ প্ৰচলন আছিল ।তেওঁৰ পিতৃ-মাতৃ তথা সংশ্লিষ্ট সমাজ মহাভাৰত আৰু গীতাত আদিত বৰ্ণনা কৰা ধৰণে কৃষ্ণকথা অৱগত আছিল । কিন্তু ভাগৱতত বৰ্ণনা কৰা
ধৰণৰ কৃষ্ণতত্বৰ বিতং জ্ঞান তেওঁৰ পৰিয়াল তথা সমাজত প্ৰচলিত নাছিল । তেওঁৰ পৰিয়াল তথা শুভাকাংক্ষীসকলে তেওঁক তেতিয়াৰ
প্ৰচলিত বৈদিক নীতি নিয়মৰ মাজেৰে আত্মজ্ঞান লাভ কৰাৰ পথ প্ৰদৰ্শন কৰিছিল । এনেদৰে ভাগৱত শাস্ত্ৰৰ গৱেষণামূলক আৰু ভক্তিপূৰ্ণ অধ্যয়নৰ মাধ্যমত আত্মজ্ঞান লাভ কৰাৰ আগৰ পৰ্যায়ত শিশু অৱস্থাৰ পৰাই তেওঁ নিজকে তাৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিছিল । আত্মজ্ঞান লাভ কৰাৰ পিছত ভাগৱত জ্ঞানৰ অমোঘ শক্তিৰে শক্তিমন্ত হৈ গুৰুজনা অসমলৈ ঘুৰি আহিছিল । তাৰ পিছত তেওঁ সত্ৰ প্ৰতিস্থা কৰি সেই সত্ৰসমুহৰ জৰিয়তে ভাগৱতৰ জ্ঞান জনসমাজৰ উপকাৰৰ অৰ্থে বিলাই দিছিল । এই সম্পৰ্কে বিতং আলোচনা কৰিলেহে আগতে আত্মজ্ঞান লাভৰ পথ কিমান কঠিন আছিল আৰু ভাগৱতে এই জটিল পথ কিমান সৰল কৰি সমাজৰ সকলোকে আত্মজ্ঞান লাভৰ সুযোগ দান কৰিছে তাক বুজা সম্ভৱ হ’ব । (আগলৈ)
No comments:
Post a Comment