Saturday 11 April 2020

Understanding Guru Harideva’s Approach Towards Unity-66 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৬৬)


Kumar Bhaskar Barman was the most powerful and famous emperor of Kamrupa during 600-650 CE. He expanded his empire covering a large part of present West Bengal and Bangladesh. He had political alliance and personal friendship with emperor Harshabardhana of Kannouj. But so far our subject of discussion is concerned, we should mention that, he was a well educated person.He was interested to make the people of his kingdom well educated. He was a great patron of scholars. He encouraged learned scholars from different parts of India to come to his kingdom. In his time, the Nalanda University of Magadha, presently at Bihar, was the most famous University. Students from all over the world used to study there. Bhaskar Barman had connection with this Nalanda University .During his time, the famous Chinese Pilgrim and Buddist scholar Hu-En-Tsung visited India. He camped  at Nalanda University.The Scholar had no program to visit Kamrupa as it was not important for him from Buddhist point of View. But Bhaskar Barman was very eager to bring him here. So, he wrote a letter to Shilabhadra, the vice chancellor of Nalanda University, with strict instruction to send Hu-En-Tsung to Kamrupa.  Shilabhadra did not dare to disobey him and the Chinese Scholar had to visit Kamarupa. This Scholar recorded  that the king and the people of Kamrupa were not followers of Buddhism. In spite of that, he was warmly welcomed and treated with utmost respect here.Hu-En-Tsung stayed in Pragjyotishpur for one month and then proceeded to attend a religious convocation organised by emperor Harshabardhana at Kanouj . Kmar Bhaskar Barman accompanied him and participated in the convocation. The convocation was attended by eighteen independent kings from all over India, three thousand Buddhist Scholars, three thousand Brahmin Scholars and one thousand Buddhist monks. Thus he availed the opportunity to meet so many learned people assemled there from all over the world for 75 days. In this way Bhaskar Barman used to attend assemblies of learned people all over North India.In such an assembly in Kashi, on the occasion of a sacrificial ceremony arranged by the king of Kashi, Bhaskar Barman met Dwija Narottama, the forefather of Guru Harideva. (to be continued)

খ্ৰ্ষ্টীয় ৬০০ৰ পৰা ৬৫০লৈ কুমাৰ ভাস্কৰ বৰ্মন উত্তৰ পূৱ ভাৰতৰ এজন অতি শক্তিশালী আৰু বিখ্যাত সম্ৰাট আছিল বৰ্ত্তমান পশ্চিম বঙ্গ আৰু বাংলাদেশৰ বহু অংশ তেওঁৰ সাম্ৰাজ্যৰ ভিতৰুৱা আছিলকনৌজৰ সম্ৰাট হৰ্ষবৰ্দ্ধনৰ সৈতে তেওঁৰ ৰাজনৈতিক মিত্ৰতা ব্যক্তিগত বন্ধুত্ব আছিলকিন্তু আমাৰ লিখনিৰ বিষয় সম্পৰ্কত তেওঁৰ গুৰুত্ব অন্য এটা ফালৰ পৰাহে অধিক তেওঁ নিজে এজন সুশিক্ষিত ব্যক্তি আছিল নিজৰ ৰাজ্যৰ প্ৰজাকো তেওঁ সুশিক্ষিত কৰিব বিচাৰিছিল গুণী জ্ঞানী পণ্ডিত লোকক তেওঁ সকলো প্ৰকাৰে সহায় সহযোগ কৰি উৎহিত কৰিছিল ভাৰতৰ বিভিন্ন স্থানৰ পৰা গুণী জ্ঞানী পণ্ডিত লোকক নিজ ৰাজ্যলৈ আনি ইয়াত সংস্থাপন কৰাৰ বাবে চেষ্টা কৰিছিল তেওঁৰ দিনৰ মগধত (বৰ্ত্তমানৰ বিহাৰত) অৱস্থিত নালন্দা বিশ্ববিদ্যালয় বৰ বিখ্যাত আছিল পৃথিৱীৰ বিভিন্ন দেশৰ পৰা ছাত্ৰ আহি ইয়াত পঢ়িছিলএই বিখ্যাত শিক্ষানুষ্ঠানৰ সৈতে ভাস্কৰ বৰ্মনৰ সম্পৰ্ক আছিল তেওঁৰ ৰাজত্ব কালত বিখ্যাত চীনা পৰিব্ৰাজক তথা বৌদ্ধ পণ্ডিত হিউয়েন চাঙ ভাৰতলৈ আহিছিল নালন্দা বিশ্ববিদ্যালয়ত তেওঁ অতিথি হিচাপে আছিল বৌদ্ধ ধৰ্মৰ একো প্ৰভাৱ নথকা হেতুকে কামৰূপলৈ তেওঁ আহিব খোজা নাছিল কিন্তু এই পণ্ডিতজনক নিজ দেশলৈ আনি তেওঁৰ পৰা জ্ঞান আহৰণ কৰাৰ বাবে ভাস্কৰ বৰ্মন অত্যন্ত আগ্ৰহী আছিলসেই কাৰণে তেওঁ  নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শীলভদ্ৰলৈ এখন চিঠি লিখিছিল এই চিঠিত বৌদ্ধ পণ্ডিত জনক কামৰূপলৈ পঠোৱাৰ বাবে কঠোৰ নিৰ্দেশ দিয়া হৈছিল এই আদেশ অমান্য কৰাৰ সাহস শীলভদ্ৰৰ নাছিল আৰু হিউয়েন তেওঁ চাঙক কামৰূপলৈ পঠিয়াই দিছিল পণ্ডিতজনে লিখি থৈ গৈছে যে কামৰূপৰ ৰজা আৰু প্ৰজা বৌদ্ধ ধৰ্মত বিশ্বাসী নাছিলতথাপি ইয়াত তেওঁক অত্যন্ত আদৰ আৰু সন্মান সহকাৰে ৰখা হৈছিল প্ৰায় এমাহ কাল কামৰূপত থকাৰ পিছত তেওঁ সম্ৰাট হৰ্ষবৰ্দ্ধনে আয়োজন কৰা এক ধৰ্ম মহাসভাত যোগ দিয়াৰ বাবে কনৌজলৈ ৰাওনা হৈছিলতেওঁৰ লগতে ভাস্কৰ বৰ্মনো গৈ সেই ধৰ্মসভাত যোগ দিছিল এই ধৰ্ম মহাসভাত ভাৰতৰ ওঠৰ জন স্বাধীন ৰজা , তিনি হাজাৰ বৌদ্ধ পণ্ডিত,তিনি হাজাৰ হিন্দু পণ্ডিত আৰু এহেজাৰ বৌদ্ধ সন্ন্যাসী উপস্থিত আছিল বিদ্যানুৰাগী ভাস্কৰ বৰ্মনে পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা আহি কনৌজত  সমবেত হোৱা এই বৃহৎ সংখ্যক গুণী জ্ঞানী পণ্ডিতৰ পৰা ৭৫ দিন ধৰি জ্ঞান আহৰণ কৰাৰ সুযোগ গ্ৰহণ কৰিছিলভাৰত বৰ্ষৰ বিভিন্ন স্থানত সমবেত হোৱা গুণী জ্ঞানী ব্যক্তিৰ সমাবেশ সমুহত যোগদান কৰাত ভাস্কৰ বৰ্মনৰ আগ্ৰহ আছিলএনেদৰে কাশী ৰাজ্যৰ ৰজাই আয়োজন কৰা এক যজ্ঞ অনুষ্ঠানতো তেওঁ উপস্থিত আছিলতাত সমবেত হোৱা পণ্ডিত ব্যক্তিসকলৰ সমাবেশত তেওঁ হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ নৰোত্তম দ্বিজক লগ পাইছিল (আগলৈ)

No comments:

Post a Comment