Tuesday 7 April 2020

Understanding Guru Harideva’s Approach Towards Unity-64 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৬৪)

At present, Kannouj is a city in the central part of Uttar Pradesh on the bank of the river Ganga. It is situated at a distance of 80 kms in the south west direction of Kanpur. Actually Kannuj is the name of a district adjacent to Kanpur district with Kannuj city as its district head quarter. From the ancient times this area is famous for production of perfumes. At present also this area is full of perfume industries and Kannuj city is the main trade center of perfumes. Kannuj is mentioned in Ramayana, Mahabharata and other Puranas as Kannyakubja, Kushasthali etc. During the time of Mahabharata this area of land was known as Panchala. River Ganga divided Panchala into North Panchala and South Panchala .Once king Drupada ruled both the parts. Arjuna donated this country to his Guru Drona defeating king Drupada in a battle. Drona returned South Panchala to king Drupada again. Kampilya was the capital of South Panchla ruled by king Drupada. The name Kampilya is related to sage Kapila of whom some ancient remains are still there. The famous Sayamvara ceremony of Droupadi  described in the Mahabharata  took place at Kampilya. Earlier to this and prior to the rule of Lord Rama at Ayodhya, Panchala was a part of Madhyadesha.The Emperor of Madhyadesha was Kushanabha. Kushanabha was the grand father of king Bishwaratha. This Bishwaratha later became very famous as sage Bishwamitra.  At that time also Kampilya was the Capital of Panchala and a Brahmin king named Brahmadatta ruled this land as a subordinate to emperor of Madhyadesha. The Grammar of Patanajali composed in 150 BCE, notes of Tolemi of 140 CE, notes  of chinese visitor Fahiun (399-414)CE also mentioned Kannouj in their works. During 606-647 CE , Kannouj or kaannyakubja was the capital of emperor Harshabardhana.The name of his empire was also known  as Kannykubja Desha . At that time, Kannouj  was the most famous city of North India. The Chinese pilgrim Hu-En-Tsung described these things elaborately. Department of Archaeology also discover here so many remains of ancient civilizations starting from 1200 BCE. Remains of a huge numbers of ancient  temples of Buddhism , Jainisim and Hinduism are also found in this  area . From those past histories we can get some idea about the ancient glories of Kannouj. The forefathers of Guru Harideva were the residents of this Kannyakubja Desha from time immemorial. (to be continued)

বৰ্ত্তমান ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মধ্য ভাগত গঙ্গা নদীৰ পাৰত কনৌজ নামৰ এখন চহৰ আছে কানপুৰ চহৰৰ পৰা দক্ষিণ পশ্চিম দিশত আৰু প্ৰায় ৮০কিঃমিঃ দূৰত গঙ্গা নদীৰ পাৰত অৱস্থিত প্ৰকৃততে কনৌজ কানপুৰ জিলাৰ লগত লাগি থকা এখন জিলা আৰু কনৌজ চহৰ এই জিলাৰ সদৰ ঠাই অতীজৰে পৰা এই অঞ্চল সুগন্ধি আঁতৰ উৎপাদনৰ বাবে বিখ্যাত আছিল বৰ্ত্তমান কালতো কনৌজ আঁতৰ, গোলাপ জলৰ উৎপাদন উদ্যোগ আৰু ইয়াৰ ব্যৱসায়ৰ বাবে প্ৰসিদ্ধ বাল্মিকী ৰামায়ণ, মহাভাৰত আৰু অন্যান্য পুৰাণত কান্যকুব্জ , কুশস্থলী অদি নামেৰে কনৌজৰ উল্লেখ আছে মহাভাৰতত যি পাঞ্চাল দেশৰ কথা কোৱা হৈছে কনৌজ তাৰ অংশ গঙ্গা নদীয়ে প্ৰাচীন পাঞ্চাল দেশক উত্তৰ পাঞ্চাল আৰু দক্ষিণ পাঞ্চাল নামে দুটা ভাগত বিভক্ত কৰি ৰাখিছিল এসময়ত দ্ৰুপদ এই  সমগ্ৰ পাঞ্চাল দেশৰ ৰজা আছিল অৰ্জুনে দ্ৰুপদক পৰাস্ত কৰি পাঞ্চাল ৰাজ্যখন দ্ৰোণাচাৰ্যক দিছিল দ্ৰোণচাৰ্যই উত্তৰ পাঞ্চাল নিজৰ হাতত ৰাখি দক্ষিণ পাঞ্চাল দ্ৰুপদক এৰি দিছিল দ্ৰুপদৰ ৰাজ্য দক্ষিণ পাঞ্চালৰ ৰাজধানী আছিল কাম্পিল্য ঋষি কপিলৰ সৈতে এই নাম সংলগ্ন আৰু মহৰ্ষি কপিলৰ কিছু প্ৰাচীন স্মৃতিও ইয়াত আছে এই কাম্পিল্যতে মহাভাৰত প্ৰসিদ্ধ্ব দ্ৰৌপদীৰ সয়ম্বৰ সম্পন্ন হৈছিল ইয়াৰো আগৰ কালত, ৰাম অযোধ্যাৰ ৰজা হোৱাৰ আগতে পাঞ্চাল মধ্যদেশৰ অন্তৰ্গত আছিল এই  মধ্যদেশৰ সম্ৰাট আছিল কুশনাভ কুশনাভ আছিল ৰজা বিশ্বৰথৰ আজোককাক ৰজা বিশ্বৰথেই পিছত ক্ষত্ৰিয়ৰ পৰা ব্ৰাহ্মণ হৈ ঋষি বিশ্বামিত্ৰ হিচাপে বিখ্যাত হৈছিল সেই সময়ত কাম্পিল্যকে ৰাজধানী কৰি ব্ৰহ্মদত্ত নামৰ এজন ব্ৰাহ্মণ ৰজাই মধ্যদেশৰ অধীন হিচাপে পাঞ্চাল দেশ শাসন কৰিছিল খৃঃপূঃ ১৫০ ৰচিত পতঞ্জলি ব্যাকৰণতো কনৌজৰ উল্লেখ আছে ১৪০ খৃঃৰ টোলেমী আৰু ৩৯৯-৪১৪ খৃঃৰ চীনা পৰিব্ৰাজক ফাহিয়ানৰ লিখনিতো কনৌজৰ বৰ্ণনা আছে ৬০৬৬৪৭ খৃঃত বিখ্যাত সম্ৰাট হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত কনৌজ বা কান্যকুব্জ আছিল তেওঁৰ ৰাজধানী আৰু তেওঁৰ সাম্ৰ্ৰজ্যখনো কান্যকুব্জ দেশ নামেৰে জনাজাত হৈছিল সেই সময়ৰ চীনা পৰিব্ৰাজক হিউ এন চাঙে ইয়াৰ বিস্তাৰিত বিৱৰণ লিখি থৈ গৈছে পূৰাতত্ব বিভাগে ইয়াত খৃঃপূঃ ১২০০ পৰা আৰম্ভ কৰি অনেক প্ৰাচীন তথ্যৰ লগতে বহুতো বৌদ্ধ ,জৈন আৰু হিন্দু মঠ মন্দিৰৰ অৱশেষ আৱিষ্কাৰ কৰিছে এই তথ্য সমুহৰ পৰা আমি কনৌজৰ সুপ্ৰাচীন গৌৰৱময় ইতিহাসৰ আভাস পাওঁ খন কান্যকুব্জ দেশতে অতি প্ৰাচীন কালৰ পৰা মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ সকলে বসবাস কৰি আহিছিল (আগলৈ)

No comments:

Post a Comment