From prior to arrival
of Dwija Ajanabha at Aswaklanta, Pathsasla system of education became more
popular than Tole system of education all over Assam . Like old days, Pathsala
education system was also run by Brahmin Scholars or Gurus. All classes of
people from Hindu communities were allowed to study there. Muslim people
settled here, brought their own systems of education called Moktabs and Madrasas
along with them, from their places of origin. The Pathsala institutions were patronized by the
parents of students and local public. Some Pathsalas were run by donations of
affluent people or philanthophic organizations also. However , in those cases,
the donors were not allowed to interfere with the Gurus in the management of
Pathsalas. Pathsalas had no institutional name like schools of now a day. Those
were known by the name of the Gurus .The
Pathsala syllabus included reading , writing , arithmetic , letter writing ,
basic Sanskrit grammar and literature , religious
tales, accounts and correspondence related to commercial establishment , land
holding , money lending etc along with other
subjects of local importance from the point of view of employment.Students from
6-7 years to 16-17 years of age were generally admitted. Students used to study
there for a period of 6-7 years or till attainment of efficiency in pathsala curriculum.
It was not compulsory for a Pathshala student to stay with Guru. Generally
those students were from nearby places and they used to come to Pathsalas from
their home in time fixed by the Gurus. On the other hand,
in some Brahmin families, most of the subjects included in Pathsala syllabus
were taught to children from very childhood as a family tradition. Students from
such Brahmin families were interested in higher education imparted through
Toles only. So ‘Toles’, under Gurukul system of education, were also kept attached
with some of those Pathsalas. Limited number of Brahmin students only, used to study
in those Toles . They used to stay with their Gurus. They strictly followed the
rules and regulations of Gurukul System. They used to serve as assistant
teacher of Pathsalas attached to their Toles and helped their Gurus in running
those Pathsalas. After coming to Aswaklanta, Dwija Ajanabha established one Tole of original system here. But due to the prevailing situations, only
two students came forward to study there. (to be continued)
দ্বিজ অজনাভ অশ্বক্লান্তলৈ অহাৰ আগৰে পৰা সমগ্ৰ অসমত পাঠশালা শিক্ষা ব্যৱস্থা টোল শিক্ষা ব্যৱস্থাতকৈ বহু বেছি জনপ্ৰিয় হৈছিল ।
অতীত কালৰে পৰা চলি অহাৰ দৰে পাঠশালা শিক্ষা ব্যৱস্থাও ব্ৰাহ্মণ শিক্ষক বা গুৰুৰ পৰিচালনাত চলিছিল।সকলো শ্ৰেণীৰ হিন্দুকে ইয়াত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা দিয়া হৈছিল।অসমত স্থায়ী ভাৱে বসতি স্থাপন কৰা মুছলমান সকলে তেওঁলোকৰ নিজ নিজ স্থানত প্ৰচলিত মোক্তাৱ আৰু মাদ্ৰাছা শিক্ষা ব্যৱস্থা লগত লৈ আহিছিল।পাঠশালা বিলাক শিক্ষাৰ্থীৰ অভিভাৱক আৰু স্থানীয় ৰাইজৰ পৃষ্ঠপোষকতাত চলিছিল।
কিছুমান ধনী ব্যক্তি আৰু দাতব্য অনুষ্ঠানৰ দান বৰঙণিৰ দ্বাৰাও কিছুমান পাঠশালা চলোৱা হৈছিল ।
তেনে ক্ষেত্ৰতো পাঠশালা গুৰুৰ ব্যৱস্থা মতেই পৰিচালিত হৈছিল।
এই বিষয়ত দাতাই কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিছিল । আজিকালিৰ স্কুলৰ দৰে পাঠশালা সমুহৰ কোনো আনুষ্ঠানিক নাম নাছিল ।
গুৰুৰ নামেৰে পাঠশালা সমুহ জনাজাত হৈছিল।
পঢ়া ,লিখা, অংক ,চিঠি পত্ৰ লিখা, প্ৰাথমিক পৰ্যায়ৰ সংস্কৃত ব্যাকৰণ আৰু সাহিত্য , ধৰ্মীয় শিক্ষামূলক কাহিনী , সাধাৰণ ব্যৱসায়, মহাজনী ব্যৱসায়, জমিদাৰী আদি বিভিন্ন ব্যৱসায়ৰ হিচাপ নিকাচ তথা ব্যৱসায়িক পত্ৰ যোগাযোগ আৰু লগতে স্থানীয় পৰিবেশ অনুযায়ী কৰ্মসংস্থানৰ বাবে উপযোগী অন্যান্য বিষয় পাঠশালা পাঠ্যক্ৰমৰ অন্তৰ্গত আছিল।সাধাৰণতে
ইয়াত ৬-৭ বছৰৰ পৰা ১৬-১৭ বছৰ বয়সীয়া ছাত্ৰৰ নাম ভৰ্ত্তি কৰা হৈছিল ।
একোজন ছাত্ৰক পাঠ্যক্ৰমৰ বিষয়সমুহ ভালদৰে আয়ত্ব নোহোৱা পৰ্যন্ত প্ৰায় ৬-৭ বছৰ ধৰি পাঠদান কৰা হৈছিল ।
পাঠশালাৰ ছাত্ৰৰ বাবে গুৰুগৃহত থকাটো বাধ্যতামূলক নাছিল ।
বেছিভাগ ছাত্ৰৰ ঘৰ ওচৰে পাজৰে আছিল আৰু তেওঁলোকে গুৰুৱে বান্ধি দিয়া সময়মতে পাঠশালালৈ অহা যোৱা কৰিছিল।
আনহাতে কিছুমান ব্ৰাহ্মণ পৰিয়ালৰ পৰম্পৰা অনুসৰি শিশুক একেবাৰে সৰু কালৰে পৰা পাঠশালাত শিকোৱা বছিভাগ বিষয়ৰ শিক্ষা ঘৰতে দিয়া হৈছিল।তেনে পৰিয়ালৰ ছাত্ৰসকলে টোলৰ জৰিয়তে দিয়া উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবেহে আগ্ৰহী আছিল ।
সেই প্ৰয়োজনৰ প্ৰতি লক্ষ ৰাখি কিছুমান পাঠশালাৰ সৈতে টোল শিক্ষা ব্যৱস্থাও সংলগ্ন কৰি ৰখা হৈছিল ।
সীমিত সংখ্যক ব্ৰাহ্মণ ছাত্ৰই এনে টোলত শিক্ষা গ্ৰহণ কৰিছিল।
তেওঁলোকে গুৰুৰ লগতে বাস কৰিছিল ।
গুৰুকূলৰ সকলো নীতি নিয়ম মানি চলিছিল ।
তেওঁলোকে নিজৰ টোলৰ সৈতে সংলগ্ন পাঠশালাৰ সহকাৰী শিক্ষকৰ দায়িত্ব লোৱাৰ উপৰিও পাঠশালা পৰিচালনাৰ সকলো দিশতে গুৰুক সহায় কৰিছিল ।
দ্বিজ অজনাভে অশ্বক্লান্তলৈ অহাৰ পিছত আগৰ নিয়ম মতে এখন টোল স্থাপন কৰিছিল ।
কিন্তু ওপৰোক্ত পৰিবেশ পৰিস্থিতি সমুহৰ বাবে মাত্ৰ দুজন ছাত্ৰহে তেওঁৰ টোলত পঢ়িবলৈ আহিছিল ।
(আগলৈ)
No comments:
Post a Comment