Sunday 19 April 2020

Understanding Guru Harideva’s Approach Towards Unity-70(একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৭০)


Dwija Narottama, forefather of Guru Harideva, stayed at Aswaklanta for eighteen years. Narottama came here with his wife. Here the family was blessed with one son  and one daughter and they gradually grew up .In those days it was customary for a Brahmin family to marry their daughters before attainment of puberty.During  arrangement of marriage and celebration of such  ceremonies, people generally follow their own traditional customs. For this purpose, presence of a society of own people nearby, is essential. Narottama was far away from the society of his own people at Kannouj. Moreover he was a new comer to this country. After inquiry, he found that some people of his own community originated from Kannouj came to Kamrupa much earlier than him. They were residing in some places presently included in Barpeta district of Assam. They were engaged as priest in the temples or as teachers in the Toles of that area. Since ancient times till today, the said area of vast plain land is prone to flood and erosion of the Brahmaputra river. This river changes its course from time to time.As a result, new areas of plain land are formed and existing areas are destroyed along with human residences and other places of importance. In old days, other natural calamities like earth quake, epidemics etc also  changed the geography and demography of this area from time to time. Afterwards this area became battlefield of political powers like Ahoms, Kochas , Kamatas ,Mughals from Delhi ,Maans from Myanmar etc. This area also witnessed frequent inter fighting among the land lords to gain control over small parts of the land. Under those circumstances, survival of most of the things of ancient glories, once available in that area, was not at all possible. Hence it is not possible to assess the things of ancient times in this area.  In 7 th century, this area of Assam was part of the empire of Kumar Bhaskar Barman. Dantapur was a place situated in that area at a distance of 60-70 kms in the west of Aswaklanta. It was a river port and trade center on the North Bank of the Brahmaptra. Some ancient religious temple or shrine also might be there at that time. At this place, there was a Tole established under patronage of the king of Kamrupa. Considering  his duties as a teacher and also his familial responsibilities, Narottama finally decided to leave Aswaklanta and come to this Dantapur with his family.(to be continued )

হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ দ্বিজ নৰোত্তম অশ্বক্লান্তত ওঠৰ বছৰ কাল আছিল কনৌজৰ পৰা তেওঁৰ পত্নীও লগতে আহিছিল অশ্বক্লান্তত থকা কালত তেওঁলোকৰ এক পুত্ৰ আৰু এটি কন্যা সন্তানৰ জন্ম হৈছিল আৰু তেওঁলোক ক্ৰমে ডাঙৰ হৈ আহিছিল তেতিয়াৰ দিনত নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ ছোৱালীক কন্যাকাল প্ৰাপ্ত হোৱাৰ আগতে বিয়া দিয়াৰ নিয়ম আছিল সাধাৰণতে বিয়া বাৰু আদি মাঙ্গলিক অনুষ্ঠান নিজৰ নিজৰ বংশ পৰিয়ালত প্ৰচলিত পাৰম্পৰিক প্ৰথা অনুসৰি পতা হয় নৰোত্তমৰ বংশ পৰিয়ালৰ লোক সুদূৰ কনৌজতে থাকি গৈছিল কামৰূপ দেশো তেওঁৰ বাবে নতুন আছিলএনে পৰিস্থিতিত তেওঁ খা-খবৰ কৰি  কনৌজৰ পৰা তেওঁতকৈ আগতে কামৰূপলৈ অহা কিছুমান ব্ৰাহ্মণ পৰিয়ালৰ সন্ধান পাইছিল তেওঁলোকে বৰ্ত্তমানৰ বৰপেটা জিলাৰ অন্তৰ্গত বিভিন্ন স্থানত বসবাস কৰি সেই অঞ্চলৰ বিভিন্ন মঠ মন্দিৰৰ পূজাৰী হিচাপে বা টোল সমুহত শিক্ষকতা কৰি আছিল পুৰণি কালৰে পৰা এতিয়ালৈকে ওপৰোক্ত অঞ্চলৰ বিস্তীৰ্ণ সমতল ভুমিত বানপানী আৰু ব্ৰহ্মপুত্ৰৰ গৰখহনীয়াৰ প্ৰকোপ চলি আহিছে ব্ৰহ্মপুত্ৰ নদীয়ে সময়ে সময়ে গতি সলাই থাকে তাৰ ফলত নতুন সমতল অঞ্চল গঢ়ি উঠে পুৰণি ভুমিখণ্ড সমুহৰ লগতে তাত থকা মানুহৰ বসতি আৰু পুৰণি স্মৃতি চিহ্ন সমুহ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈ থাকে আগৰ কালত ভুমিকম্প,মহামাৰী আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলতো এনে ঠাইৰ ভৌগোলিক আকৃতি আৰু আবাসিক পৰিস্থিতিৰ সঘন পৰিবৰ্ত্তন হৈছিলতদুপৰি এটা সময়ত এই অঞ্চল আহোম , কোচ ,কমতা , দিল্লীৰ মোগল , ম্যানমাৰৰ মান প্ৰভৃতি বিভিন্ন ৰাজনৈতিক শক্তিৰ যুদ্ধ ক্ষেত্ৰত পৰিণত হৈছিল অনেক জমিদাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যৰ অধিকাৰৰ বাবে বহু যুদ্ধ বিগ্ৰহো এই অঞ্চলত সংঘটিত কৰিছিলএনেবোৰ পৰিস্থিতিত ইয়াত থকা পুৰণি কীৰ্ত্তি চিহ্নসমুহ বৰ্ত্তি থকাৰ পৰিবেশ নাছিলসেই কাৰণে এই অঞ্চল পুৰণি কালত কেনে আছিল বা ইয়াত কি কি আছিল তাক ঠাৱৰ কৰা সম্ভৱ নহয় সপ্তম শতিকাত এই অঞ্চল সম্ৰাট ভাস্কৰ বৰ্মনৰ সাম্ৰাজ্যৰ ভিতৰত আছিল ই অঞ্চলতে অশ্বক্লান্তৰ পৰা ৫০-৬০ কিঃমিঃ পশ্চিমে দন্তপুৰ নামৰ এখন ঠাই আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ই এক নদীবন্দৰ তথা ব্যৱসায়িক কেন্দ্ৰ আছিল হয়তো সেই কালত ইয়াত কোনো প্ৰাচীন ধৰ্মস্থান বা মঠ মন্দিৰো আছিলএই স্থানত কামৰূপৰ সম্ৰাট ভাস্কৰ বৰ্মনৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠিত এখন টোল আছিল দ্বিজ নৰোত্তমে শিক্ষক হিচাপে থকা কৰ্ত্তব্য আৰু নিজৰ পাৰিবাৰিক দায়িত্বৰ কথা বিবেচনা কৰাৰ অন্তত অশ্বক্লান্ত ত্যাগ কৰি এই দন্তপুৰলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল(আগলৈ)

No comments:

Post a Comment