Monday 30 March 2020

Understanding Guru Harideva’s Approach Towards Unity-60 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৬০)


We mentioned in our post of 28.3.20  that,  a Guru or teacher with self realization is the greatest teacher of mankind . Self realization is the highest achievement in human life. We may think that if we approach a self realized Guru , he can teach us the process of self realization immediately . The things are not like that. We should prepare ourselves first for it. It is like preparing ourselves for higher education . A child  first learn to read and write  in a primary school . Then he  gradually reaches higher classes one by one and finally becomes a scholar in the subject of his choice. Here, preparation for becoming a scholar starts from the very childhood. Like wise, preparation is needed for attainment of self realization from the time of birth itself. Bhagavata tells that if someone is not able to prepare his dependents to come out from birth and death cycles through self realization, he can not be considered as qualified father, mother, relative, teacher, well wisher and so on. Guru Harideva told that from birth to death we come into contact with so many people. Our father ,mother , other family members, relatives , family priest and other elderly people provide us food ,shelters ,different types of educations.They perform different types reformatory religious rites for our benefit.They guided us with their experiences to make our life easy. Their experience and capacity may differ. But all of them work with same intention and same seriousness for our benefit.We can cite an example here .A teacher of  University stage is of far higher qualification than a teacher of primary school. But both of them teach the students with same intention and same seriousness. Guru Harideva told that all those persons work for our welfare. They are our will wishers .They deserve high respect from us. But due to lack of self realization, they are not able to save us from repeated births and deaths. We may think that self realization is needed only for  people interested in spiritual life .Bhagavata tells that it is not correct. Self realization is essential for all. (to be continued)

আমাৰ ২৮.৩.২০ তাৰিখৰ লিখনিত কৈ অহা হৈছে যে আত্মজ্ঞানী পুৰুষ মানৱ সমাজৰ শ্ৰেষ্ঠতম শিক্ষক আত্মজ্ঞান মানৱ জীৱনত পাব পৰা শ্ৰেষ্ঠতম সম্পদ আমি ভাৱি লব পাৰো যে কোনো এজন আত্মজ্ঞানী গুৰুৰ ওচৰলৈ গলে তেওঁ অলপ সময়ৰ ভিতৰতে আত্মজ্ঞান লাভ কৰাৰ নিয়ম প্ৰণালী শিকাই দিব পাৰে কিন্তু আচলতে তেনেকুৱা নহয় আমি ইয়াৰ বাবে প্ৰথমতে নিজক প্ৰস্তুত কৰাৰ প্ৰয়োজন হয় উচ্চ শিক্ষা লাভ কৰাৰ বাবে আমি যিদৰে ঢাপে ঢাপে আগবাঢ়ি যাওঁ এই প্ৰস্তুতিও তেনেকুৱা এটা শিশুক প্ৰথমে প্ৰাথমিক বিদ্যালয়ত আখৰ চিনোৱা হয় তাৰ পিছত সি ঢাপে ঢাপে আগবাঢ়ি গৈ নিজে ভাল পোৱা কোনো এটা বিষয়ত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লৈ পণ্ডিত ব্যক্তিত পৰিণত হয় অৰ্থাৎ পণ্ডিত হোৱাৰ প্ৰস্তুতি শিশু কালৰ পৰাই আৰম্ভ হয় একেদৰে জন্মৰ পিছৰ পৰাই আত্মজ্ঞান লাভ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ হোৱা প্ৰয়োজন ভাগৱতে কৈছে যে যি ব্যক্তিয়ে নিজৰ আশ্ৰয়ত থকা লোকক আত্মজ্ঞানৰ মাধ্যমৰে জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হোৱাৰ শিক্ষা দিব নোৱাৰে তেওঁক উপযুক্ত পিতা , মাতা ,আত্মীয় , গুৰু , শুভচিন্তক আদি বুলি ধৰা নহয় হৰিদেৱ গুৰুজনাই কৈছে যে জন্মৰ পৰা মৃত্যু পৰ্যন্ত অনেক ব্যক্তি আমাৰ সংস্পৰ্শলৈ আহে আমাৰ পিতা, মাতা, পৰিয়ালৰ অন্য লোক, কূলগুৰু ,কূলপুৰোহিত আৰু অন্যান্য বয়স্ক ব্যক্তিসকলে আমাৰ খুৱায় ,আশ্ৰয় দিয়ে , নানা বিষয়ৰ শিক্ষা প্ৰদান কৰে আমাৰ মঙ্গলৰ অৰ্থে নানা প্ৰকাৰৰ সংস্কাৰ মূলক ধৰ্মীয় কাৰ্যৰ অনুষ্ঠান কৰেতেওঁলোকৰ অভিজ্ঞতাৰ পৰা নানা প্ৰকাৰে উপদেশ দি আমাৰ জীৱন যাত্ৰা সহজ কৰি তোলে সেইসকল লোকৰ অভিজ্ঞতা বা ক্ষমতা পৃথক পৃথক হব পাৰে কিন্তু সকলোৱে একে সমান সততা আৰু আগ্ৰহ লৈ আমাৰ মঙ্গলৰ হকে কাম কৰে কথাখিনি স্পষ্ট কৰাৰ বাবে এটা উদাহৰণ লব পাৰি বিশ্ববিদ্যালয় পৰ্যায়ৰ এজন শিক্ষকৰ শিক্ষাগত অৰ্হতা এজন প্ৰাথমিক শিক্ষকতকৈ বহু বেছি কিন্তু উভয়ে একে সমান সততা আৰু আগ্ৰহ সহকাৰে শিক্ষা দান কৰে হৰিদেৱ গুৰুজনাই কৈছে যে এই সকলোখিনি লোকেই আমাৰ মঙ্গলৰ হকে কাম কৰে তেওঁলোকৰ প্ৰত্যেকে আমাৰ অতিকৈ সন্মানৰ পাত্ৰ কিন্তু আমাৰ শুভ চিন্তক হোৱা সত্বেও আত্মজ্ঞানৰ অভাৱ থকা কাৰণে তেওঁলোকে আমাক জন্ম মৃত্যুৰ গৰাহৰ পৰা ৰক্ষা কৰিব নোৱাৰে আমি ভাবি থাকিব পাৰো যে যি সকল লোক পৰমাৰ্থিক জীৱনৰ প্ৰতি আগ্ৰহী তেওঁলোকৰ বাবেহে আত্মজ্ঞানৰ প্ৰয়োজন থাকে ভাগৱতে কৈছে যে এনে ধাৰণা সত্য নহয় আত্মজ্ঞান সকলোৰে বাবে প্ৰয়োজনীয় (আগলৈ )

No comments:

Post a Comment