In continuation of our post of 16. 3. 20, we feel it necessary
to analysis the life style of self realized personalities from another angle . It is told in Bhagavata
that, common people are unable to
understand the self realized people . People in general, have unlimited numbers of desires . They want to earn unlimited money,
movable and immovable properties . They want
name and fame ,good wife , successful and famous children, higher social
status and so many other things . Their minds are completely occupied by thoughts of those things . They are unable to
think beyond such things . On the other hand, people with self realization are
completely free from desires . They realize that the things of the world ,after
which the common people run, are not true . These are like things we
encountered in the dream world . So, they try to divert the minds of common
people towards the ultimate truth. Scriptures tell that this is their only duty
in this world . For performance of that duty ,they try to create examples
through their activities in practical life for educating common people .Now ,people not having self realization,
consider the world in front of them along with everything related to it as true
. Self realized person Knows that all those things including their own body are
not true .So , naturally a clash of thoughts and believes arises between those
two classes of people. Self realized people are very limited in numbers compared
to common people . Also ,people can not understand their behavior. Because of
this majority of people consider them as mentally abnormal. Some people use to
make joke out of their behavior. Another class of people try to correct them through different types of
punishments. Not only the common people , sometimes the ruling class of the country
also try to dominate those self realized personalities . In scriptures and
human histories we get numbers of examples of such incidents.(to be continued )
আমাৰ ১৬.৩.২০ তাৰিখৰ লিখনিৰ আঁত ধৰি আত্মজ্ঞানী
ব্যক্তিৰ জীৱন বৃত্তান্ত অন্য এক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা উচিত বুলি ভৱা হৈছে। ভাগৱতত কোৱা হৈছে
যে আত্মজ্ঞানহীন সাধাৰণ মানুহে আত্মজ্ঞানী পুৰুষক বুজি পোৱা সম্ভৱ নহয় ।সাধাৰণ
লোকৰ অসংখ্য কামনা বাসনা থাকে । তেওঁলোকে সীমাহীন ভাৱে টকা পইচা ,
স্থাৱৰ অস্থাৱৰ সা-সম্পত্তি পাবলৈ বিচাৰে । তেওঁলোকে
নাম যশ , মনোমত স্ত্ৰী , সফল আৰু যশস্বী পুত্ৰ কন্যা, সামাজিক প্ৰতিপত্তি আৰু অন্যান্য অসংখ্য বস্তু পাবলৈ হাবিয়াস কৰে ।তেওঁলোকৰ
সমস্ত চিন্তা ভাৱনা এইবোৰৰ মাজতে আৱদ্ধ থাকে ।ইয়াত
বাদে অন্য একো চিন্তা তেওঁলোকে কৰিব নোৱৰে । আনহাতে আত্মজ্ঞানী ব্যক্তিৰ একো কামনা বাসনা
নাথাকে।তেওঁলোকে বুজি পায় যে আত্মজ্ঞানহীন সংসাৰী মানুহে যিবিলাক বস্তুৰ পিছত দৌৰি
ফুৰে তাৰ কোনো সত্যতা নাই । এই সমুহ সপোনত দেখা বস্তুৰ দৰে মিছা বস্তু । সেই কাৰণে
আত্মজ্ঞানী ব্যক্তিয়ে সাধাৰণ মানুহৰ মন অসত্যৰ পৰা পৰম সত্যৰ পিনে ঢাল খুওৱাৰ
চেষ্টা কৰে ।শাস্ত্ৰতো কোৱা হৈছে যে এয়ে আত্মজ্ঞানী ব্যক্তিৰ বাবে ইহ সংসাৰত
কৰিব লগীয়া একমাত্ৰ কৰ্ত্তব্য । এই কৰ্ত্তব্য পালন কৰাৰ কাৰণে তেওঁলোকে নিজৰ দৈনন্দিন
ব্যহাৰিক জীৱনৰ মাধ্যমত উদাহৰণ সৃষ্টি কৰি
জনসাধাৰণক জ্ঞান দিয়াৰ ব্যৱস্থা কৰে। এতিয়া সাধাৰণ মানুহে নিজে দেখি থকা জগত আৰু
জগতৰ লগত সংশ্লিষ্ট সমস্তকে সঁচা বুলি ভাৱে। আনহাতে আত্মজ্ঞানী ব্যক্তিয়ে এই সকলো বস্তুৰ
লগতে নিজৰ শৰীৰটোকো মিছা বুলি বুজি পায় । গতিকে দুয়ো পক্ষৰ মাজত ভাৱ আৰু বিশ্বাসৰ
সংঘাত আহি পৰে ।
সমাজত আত্মজ্ঞানহীন সাধাৰণ মানুহৰ তুলনাত আত্মজ্ঞানী ব্যক্তিৰ সংখ্যা একেবাৰে
নগণ্য ।অতি নগণ্য সংখ্যক মানুহৰ বিশ্বাস বেছিসংখ্যক
লোকতকৈ বেলেগ হোৱা বাবে জনসাধাৰণে তেওঁলোকক মানসিক ভাৰসাম্যহীন ব্যক্তি বুলি ভাৱে । কিছু সংখ্যক লোকে
তেওঁলোকৰ আচাৰ ব্যৱহাৰক লৈ তুচ্চ তাচ্চিল্য কৰে । অন্য এছামে আকৌ
নানা প্ৰকাৰে শাস্তি দি তেওঁলোকক শুধৰাবলৈ চেষ্টা কৰে । অকল সমাজেই
নহয় , কেতিয়াবা শাসক পক্ষৰ পৰাও তেওঁলোকক দমন কৰাৰ চেষ্টা কৰা হয়্।শাস্ত্ৰ আৰু
মানৱ ইতিহাসত এনে বহু উদাহৰণ আছে ।(আগলৈ)
No comments:
Post a Comment