Friday, 20 March 2020

Understanding Guru Harideva’s Approach Towards Unity-55 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৫৫)


As an effort to have some correct idea about Guru Harideva, we discussed practical life style, behavior, relationship with society etc, of some of the self realized personalities in the preceding posts. Bhagavata tells that, self realized persons are not subjected to rebirth. But till their present body exists, they are bound to enjoy the happiness and sorrow of  worldly life as results of their past deeds. So, it is clear that, both common people anদ self realized persons are to enjoy results of past deeds in the present life. But there is a difference in their mentality in acceptance of these things. Persons without self realization become happy when pleasure comes to them as a result of their own past deeds. They express their happiness through celebration of parties with other people. They become proud of themselves for such happiness. They think that their own intelligent activities are the causes behind the arrival of happiness in their life. They use to undermine people who are unable to attain happiness alike. They remains afraid of losing this state of happiness. So, they always keep themselves busy in protecting the sources of happiness and also increasing these sources further. On the other hand when they are to face misery as outcome of their own past deeds, they blame other people, society and prevailing situations for that. They become jealous of other people happier and richer than themselves. To come out from  miserable situations they start doing lawful or unlawful activities and so on. They are also bound to enjoy the outcomes of those new deeds performed while enjoying  the outcomes of their past deeds. In this way their bondage goes on increasing. Rebirth becomes necessary after completion of present life to enjoy outcomes of those new deeds. Like this, their life and death cycle continue till attainment of self realization. So , self realization should be the main aim of religious practice according to Guru Harideva . Guru Harideva dedicated his whole life for educating common people in this line.(to be continued )

হৰিদেৱ গুৰুজনা সম্পৰ্কে সম্যক ধাৰণা দিয়াৰ উদ্দেশ্যে ইয়াৰ আগৰ লিখনি কেইটামানত আত্মজ্ঞানী পুৰুষৰ কাৰ্য কলাপ , আচাৰ আচৰণ , চাল চলন আদি যথা সাধ্যে আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে ভাগৱতে কৈছে যে আত্মজ্ঞানী পুৰুষৰ পুনৰ্জন্ম নহয় কিন্তু বৰ্ত্তমানৰ শৰীৰ জীৱিত থকালৈকে তেওঁলোকে ইহ স্ংসাৰত  থাকি  পূৰ্বজন্মৰ কৰ্মৰ ফলত ৎপন্ন সুখ দুখ ইত্যাদি ভোগ কৰিব লাগে অৰ্থাৎ ভগৱতত স্পষ্ট ভাৱে কোৱা হৈছে যে আত্মজ্ঞানহীন ব্যক্তি আৰু আত্মজ্ঞানী পুৰুষ উভয়ে ইহ সংসাৰত পূৰ্বজন্মৰ কৰ্ম অনুসৰি সুখ বা দুখ ভোগ কৰিব লাগে কিন্তু এই সুখ দুখ ভোগ কৰাৰ বেলিকা আত্মজ্ঞানী আৰু আত্মজ্ঞানহীন সাধাৰণ ব্যক্তিৰ মানসিক প্ৰতিক্ৰিয়া একে নহয় আত্মজ্ঞানহীন ব্যক্তিয়ে পূৰ্বজন্মৰ কৰ্মৰ ফলত সুখ ভোগ কৰিলে মনত আনন্দ অনুভৱ কৰে আনন্দ প্ৰকাশ কৰি লোকক দেখুৱাবৰ বাবে নানা ধৰণৰ উৎসৱ আদিৰ আয়োজন কৰে সেই সুখ সমৃদ্ধি নিজৰ শক্তি সামৰ্থ্যৰ ফল বুলি অহংকাৰ কৰে একে ধৰণৰ সুখ সমৃদ্ধিৰ অধিকাৰী নোৱাৰা জনক নিজতকৈ নিম্ন স্তৰৰ ব্যক্তি বুলি ভাবি তুচ্চ-তাচ্চিল্য কৰে  সুখ সমৃদ্ধিৰ হানি বুলি তেওঁলোকে ভয় কৰি থাকে সুখ সমৃদ্ধিৰ উৎস সমুহ ৰক্ষা কৰা কামত তেওঁলোক সদায় ব্যস্ত হৈ থকাৰ লগতে  সেই উৎসবিলাক বৃদ্ধি কৰাৰ উপায় চিন্তা কৰি থাকে আনহাতে  পূৰ্বজন্মৰ কৰ্মৰ ফল অনুসৰি যেতিয়া দুখ ভোগ কৰিব লগীয়া হয় , তেতিয়া তাৰ কাৰণে অন্য ব্যক্তি , সমাজ বা সেই সময়ৰ পৰিবেশ পৰিস্থিতিক দোষাৰোপ কৰে নিজতকৈ অধিক সুখী আৰু সমৃদ্ধিশালী ব্যক্তিক  ঈৰ্ষা কৰে দুখৰ প্ৰতিকাৰৰ অৰ্থে ন্যায়সঙ্গত বা অন্যায়্মূলক ভাৱে বিভিন্ন প্ৰকাৰৰ কাৰ্য কলাপত লিপ্ত হয় ইত্যাদি এনেদৰে আত্মজ্ঞানহীন ব্যক্তিয়ে পূৰ্বকৰ্মৰ ফলত উৎপন্ন সুখ দুখ ভোগ কৰাৰ সময়ত আকৌ নতুন নতুন অসংখ্য কৰ্মৰ সৃষ্টি কৰে এই নতুন কৰ্মৰ ফল ভোগ কৰাৰ বাবেও তেওঁলোক বাধ্য হয় ইহ জন্মত কৰা নতুন কৰ্মৰ ফল ভোগ কৰাৰ বাবে মৃত্যুৰ পিছত পুনৰ্জন্ম লোৱাৰ আৱশ্যকতা আহি পৰে গতিকে আত্মজ্ঞান লাভ নকৰা পৰ্যন্ত তেওঁলোকৰ জন্ম মৃত্যুৰ পৰ্যায় আৰু সুখ দুখৰ ভোগ চলি থাকে সেই কাৰণে হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান লাভ কৰাটো ধৰ্ম সাধনাৰ মূল লক্ষ হোৱা উচিত সাধাৰণ মানুহেও যাতে এই লক্ষৰ পিনে আগ বাঢ়ি যাব পাৰে তাৰ বাবে হৰিদেৱ গুৰুজনাই সমগ্ৰ জীৱন কাল অহোপুৰুষাৰ্থ কৰি গৈছে ।(আগলৈ )

No comments:

Post a Comment