Bhagavata tells
that,
activities
of house holders are always guided by
the desires . Motivated by those desires, some householders worship demigods and goddesses of different
names and shapes. Animals are sacrificed before statues of such gods and
goddesses to satisfy them. These worshipers believe that, after being satisfied
with this type of worship, those demigods may give anything they desire . Some
scriptures and a class of priest are also there in the society to encourage these
types of worship. So, people may argue that sacrifice of animals have sanction
of a class of vedic scriptures. So, where is the wrong in it ? Bhagavata explains the justifications
behind those arguments and counter arguments and clearly oppose sacrificing of
animals. We will discuss those things in proper place. Here we can only mention that Bhagavata very
clearly directed a house holder to protect all living beings as discussed in
our post of 4.3.20. Otherwise they are bound to attract
punishment for violation of those directives. The same thing is also practically demonstrated through the story of
Bharata. Common people like us may not
understand scriptural arguments in favor
or against the sacrifice of animals . But after going through the story, we may
at least think for a moment that, the animal
we select for sacrifice, may be somebody like emperor Bharata in an animal body, undergoing
process of spiritual perfection. In 1453 CE ,when Guru Harideva came to Assam,
people used to sacrifice not only animals but human being also in the name of religion . As
a Guru, he understood that general people not having knowledge of Bhagavata are attracted towards these types of religious practices . So , he started his mission of educating
common people in this line through his Satra established at Bahari . (to be
continued )
ভাগৱতত কোৱা হৈছে যে গৃহস্থ ব্যক্তিৰ
কৰ্মসমুহ কামনাৰ দ্বাৰা পৰিচালিত হয় । কামনাৰ তাড়ণাত পৰি গৃহস্থ ব্যক্তিয়ে
নানা নামধাৰী আৰু নানা আকৃতিৰ দেৱতাৰ পূজা অৰ্চনা কৰে।দেৱী
দেৱতাক সন্তুষ্ট কৰাৰ বাবে তেওঁলোকে বিভিন্ন দেৱী দেৱতাৰ মূৰ্ত্তিৰ সন্মুখত জীৱজন্তু বলি দিয়ে । এই সকল লোকে বিশ্বাস কৰে যে এনে ধৰণে পূজা
আগবঢ়ালে দেৱী দেৱতা সন্তুষ্ট হয়।
তেতিয়া উপাসকে বিচৰামতে সকলো বস্তু দেৱী দেৱতাৰ পৰা পোৱা যায় । মনুষ্য সমাজত এই সকল উপাসকক উৎসাহিত কৰিব পৰা
বৈদিক শাস্ত্ৰও আছে তেনে শাস্ত্ৰৰ দ্বাৰা পূজাপাঠ কৰা পুৰোহিতো আছে।গতিকে
মানুহে যুক্তি প্ৰদৰ্শন কৰি ক’ব
পাৰে যে জীৱ জন্তু বলি দি পূজা অৰ্চনা কৰা বিষয়ত বৈদিক শাস্ত্ৰৰ সমৰ্থন আছে । তেনে ক্ষেত্ৰত বলি বিধানৰ বিৰোধিতা কৰাৰ
যুক্তি ক’ত
? ভাগৱতে বলি বিধানৰ
সপক্ষে আৰু বিপক্ষে থকা যুক্তি তৰ্কসমুহৰ বিতং ব্যাখ্যা কৰিছে আৰু স্পষ্ট ভাষাত
বলি বিধানৰ বিৰোধিতা কৰিছে ।
এই সমুহৰ বিষয়ে আমি যথাস্থানত আলোচনা কৰিম ।
ইয়াত ইমানে ক’ব
পাৰি যে ভাগৱতে আমি ৪.৩.২০
তাৰিখৰ লিখনিত বৰ্ণনা কৰাৰ দৰে সকলো প্ৰাণীৰ মঙ্গলৰ বাবে কাম কৰাটো গৃহস্থ
ব্যক্তিৰ ধৰ্মীয় কৰ্ত্তব্য বুলি স্পষ্ট নিৰ্দেশ দিছে।লগতে
কোৱা হৈছে যে এই কাম যথাযথভাৱে নকৰিলে গৃহস্থ ব্যক্তিৰ ধৰ্মহানি হয় আৰু তাৰ বাবে
শাস্তিভোগ কৰাটো বাধ্যতামূলক ।ভৰতৰ কাহিনীৰ মাধ্যমেৰে
এই নিয়মৰ দৃষ্টান্তমূলক শিক্ষা দিয়া হৈছে ।আমাৰ দৰে সাধাৰণ মানুহে
বলি বিধানৰ সপক্ষে বিপক্ষে থকা শাস্ত্ৰীয় যুক্তি তৰ্কসমুহ বুজি নাপাওঁ । কিন্ত ভৰতৰ কাহিনীৰ মাধ্যমত এই চিন্তা ক্ষন্তেকৰ
বাবে হ’লেও
আমাৰ মনলৈ আহিব পাৰে যে যিটো জন্তুক বলি দি হত্যা কৰাৰ বাবে সাজু কৰা হয়,
সি পশুৰ ৰূপত সম্ৰাট ভৰতৰ দৰে পাৰমাৰ্থিক
জ্ঞানৰ পূৰ্ণতা লাভ কৰাৰ বাবে চেষ্টা কৰি থকা কোনো সাধকো হ’ব
পাৰে ।হৰিদেৱ গুৰুজনা ১৪৫৩ খৃঃত অসমলৈ অহাৰ সময়ত ইয়াত
ধৰ্মৰ নামত অকল পশুকে নহয় মানুহকো বলি দিয়া হৈছিল । গুৰু হিচাপে তেওঁ বুজি পাইছিল যে ভাগৱত
শাস্ত্ৰৰ জ্ঞান নাথাকিলে সাধাৰণ মানুহ এনে বলিবিধান যুক্ত ধৰ্মৰ ফালে আকৰ্ষিত হয় । সেয়েহে তেওঁ বহৰিত সত্ৰ স্থাপন কৰি জনসাধাৰণক
ভাগৱত শাস্ত্ৰৰ জ্ঞান দিয়াৰ কামত ব্ৰতী হৈছিল ।(আগলৈ)
No comments:
Post a Comment