We mentioned in our earlier posts
that,life styles of all self realized persons
are not similar. This is because of
differences in outcomes of their past deeds. We also mentioned the life styles
of Vyasadeva, Sukadeva , Bharata, Janaka etc as examples. All of them were self
realized personalities with different types of life styles. But we can notice
one thing common in all of them. That is, they can tolerate every kind of
torture and injustice related to their own life only.They can not tolerate the sufferings of other
people. They know that the reason of sufferings of common people is lack of spiritual knowledge and its practical application. So, all self realized
persons are interested in serving the human society as great teachers to teach
those things. Common people are always selfish by nature. They always try to
safeguard their own interests . Even they do not hesitate to fulfill their small
personal desires at the cost of huge loss to other persons , the nation or even
the whole mankind. Scriptures and human
history contain ample examples of such selfish persons.
People without self realization are not able to understand the logic behind doing
works for the benefit of others at the
cost of their won interest . They can not understand that the whole universe is
a single body. All other things including our own body and mind are parts of
that universal body . Our body has got different organs like hands, feet,
mouth, belly etc, All organs work harmoniously for the benefit of one single body . For example,
our hand pickup foods and put into our mouth . The food may
be very tasty. But the hand is not at all concerned with it . The tongue got
the taste of food and the digestive system made the food suitable for nourishing each and every organ of our body. Finally the blood stream supplies
this processed food to all organs without any discrimination. This is a nice analogy for explanation of the
meaning of self less service. Selfish people with personal desires are not able
to understand this type of logic behind selfless service. So as per scriptural
norms, they have got no requisite qualification to become great teachers of mankind . (to be continued
)
আগৰ লিখনিত কৈ অহা
হৈছে যে সকলো আত্মজ্ঞানী পুৰুষৰ জীৱন যাপনৰ নিয়ম একে নহয় ।
পূৰ্বৰ জন্মৰ কৰ্ম আৰু তাৰ পৰা উৎপন্ন ফল একে নোহোৱাৰ বাবে এনে পাৰ্থক্য থাকে । ইয়াৰ প্ৰমাণ হিচাপে
ব্যাসদেৱ , শুকদেৱ , ভৰত জনক আদিৰ জীৱন বৃত্তান্তৰ কথাও উল্লেখ কৰি অহা হৈছে। এই সকলো কেইজন
আত্মজ্ঞানী পুৰুষ আছিল যদিও সকলোৰে জীৱন যাত্ৰাৰ প্ৰণালী একে নাছিল। কিন্তু লক্ষ্য কৰিলে
দেখা যায় যে এটা বিষয়ত সকলোৰে মনোভাৱ একে আছিল । তেওঁলোক সকলোৱে নিজৰ ওপৰত আনে কৰা অন্যায়
অত্যাচাৰ সহ্য কৰিব পাৰিছিল । কিন্তু অন্য লোকে দুখ কষ্টৰ মাজত থকাটো
সহ্য কৰিব পৰা নাছিল । তেওঁলোকে বুজিব পাৰিছিল যে পাৰমাৰ্থিক জ্ঞানৰ অভাৱ বা সেই জ্ঞানৰ প্ৰয়োগ
কৰিব নজনাৰ বাবে সাধাৰণ লোকে দুখ কষ্ট ভোগ কৰে । সেই কাৰণে জনসাধাৰণক এই সমুহৰ শিক্ষা দিয়াৰ
বাবে আত্মজ্ঞানী পুৰুষ সকল আগ্ৰহী হয়। তেওঁলোকে মানৱ সমাজৰ মহান শিক্ষক হিচাপে দায়িত্ব
পালন কৰে ।
সাধাৰণ মানুহ স্বাভাৱিকতে স্বাৰ্থান্বেষী হয় ।তেওঁলোকে
সদায় নিজৰ স্বাৰ্থৰ সুৰক্ষাৰ হকে কাম কৰে ।আনকি নিজৰ
ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে অন্য মানুহ , দেশ বা সমগ্ৰ মানৱ জাতিৰ
স্বাৰ্থ বিঘ্নিত কৰাৰ বাবেও কুন্ঠাবোধ নকৰে । শাস্ত্ৰ আৰু
মানৱ ইতিহাসত এনে ব্যক্তিৰ অনেক উদাহৰণ আছে । নিজৰ
স্বাৰ্থ বিসৰ্জন দি অন্যৰ স্বাৰ্থ ৰক্ষাৰ হকে কামৰ কৰাৰ আঁৰত কি যুক্তি থাকে তাক আত্মজ্ঞানহীন
মানুহে বুজি নাপায় । তেওঁলোকে বুজি নাপায় যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড একেটা
মাত্ৰ শৰীৰ্।আমাৰ সকলোৰে নিজৰ নিজৰ শৰীৰ মনকে ধৰি বিশ্ব ব্ৰহ্মাণ্ডত যিমান বস্তু
আছে সেই সকলো এই শৰীৰৰ অংশ।আমাৰ নিজৰ শৰীৰতো
হাত ,ভৰি, নাক ,মুখ পেট আদি অনেক অঙ্গ প্ৰত্যঙ্গ আছে ।এই
সকলো অঙ্গ প্ৰত্যঙ্গই সমন্বিতভাৱে একেটা শৰীৰৰ মঙ্গলৰ অৰ্থে কাম কৰে । উদাহৰণ
স্বৰূপে হাতে খাদ্য তুলি মুখত ভৰাই দিয়ে। খাদ্য বস্তু অতিশয় সোৱাদ যুক্ত হ’ব
পাৰে।
কিন্তু সোৱাদৰ লগত হাতৰ কোনো সম্পৰ্ক নাই।জিভাই সোৱাদ লয়।পৰিপাক
প্ৰণালীয়ে খাদ্যক শৰীৰৰ সকলো অঙ্গ প্ৰত্যঙ্গৰ পুষ্টি সাধন কৰিব পৰা ধৰণে উপযোগী কৰি
তোলে ।
তেজৰ
প্ৰবাহে সকলো অঙ্গকে প্ৰয়োজন অনুসৰি সমভাৱে এই খাদ্যৰ যোগান ধৰে। নিস্বাৰ্থ আৰু
পৰোপকাৰমূলক কৰ্মৰ অৰ্থ কি তাক বুজাৰ বাবে ই এক উৎকৃষ্ট উপমা। ব্যক্তিগত
আশা অকাংক্ষাৰে পৰিপূৰ্ণ স্বাৰ্থপৰ ব্যক্তিয়ে নিস্বাৰ্থ অৰু পাৰোপকাৰ মূলক কৰ্মৰ
যুক্তিযুক্ততা বুজি নাপায়।গতিকে মানৱ সমাজৰ উপযুক্ত শিক্ষক হোৱাৰ
যোগ্যতা তেওঁলোকৰ নাই বুলি শাস্ত্ৰই ক’ব খোজে। (আগলৈ)
No comments:
Post a Comment