Sunday 22 March 2020

Understanding Guru Harideva’s Approach Towards Unity-56 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৫৬)


In our post of 20.3.20 we discussed the position of common people without self realization. We always witness this in our day to day life. Now,  we can compare their conditions with those of self realized persons .For this, we can take example of Bharata again. We discussed his life story in some of the earlier posts.  After self realization Bharat had to live in human society of common people. He used to live the rest of his life period there. The nature of the people of that society was the same as described in our post of 20.3.20. There, Bharata was forced to do all odd works by his own brothers and sister in laws. Sometimes his neighbors also forced him to do hard works. He used to obey their order without any objection. After forcing him to do very hard works, his own family members and neighbors used to offer Bharata  whatever was left over in their plates and kitchen for fooding. He used to eat those rotten and worst quality food without any objection. Once he was captured by a gang of robbers and made all arrangement to sacrifice him in front of their Goddess. Bharata never objected and obeyed their orders peacefully . These things we  already discussed in our post of 25.2.20. From this example we can see that Bharata was determined to accept whatever came to him as outcomes of his past deeds . This was because of  self realization he attained. Bhagavata also advises them to  spend the rest of their life after self realization with this type of determination . General people are habitually accustomed to protect their own interest. They use to put resistance when injustice and torture affects their own personal interests. If we keep ourselves cool and  think for sometimes, we can just imagine that much more strength is necessary to remain indifferent under adverse situations affecting our own interests than doing something in resistance. Tremendous strength and power is required to sit peacefully and inactively under adverse situation. Even king of the kings in material world can not have such tremendous strength.  But after self realization general people also can have such tremendous strength . Intention of  Guru Harideva was to strengthen common people with this type of strength through self realization. (to be continued)

 আমাৰ ২০.৩.২০ তাৰিখৰ লিখনিত আত্মজ্ঞানহীন সাধাৰণ লোকৰ অৱস্থাৰ কথা বৰ্ণনা কৰা হৈছে দৈনন্দিন জীৱনত আমি সদায় এইবিলাক দেখি থাকো এতিয়া আমি তেওঁলোকৰ অৱস্থা আত্মজ্ঞানী লোকৰ অৱস্থাৰ সৈতে তুলনা কৰি চাব পাৰো তাৰ বাবে আমি পুনৰ ভৰতৰ উদাহৰণ লব পাৰো আগৰ কেইটামান লিখনিত ভৰতৰ জীৱন বৃত্তান্ত বৰ্ণনা কৰি অহা হৈছে আত্মজ্ঞান লাভ কৰাৰ পিছৰ বাকী জীৱনছোৱা ভৰতে সাধাৰণ সংসাৰী মানুহৰ সমাজত থাকিব লগীয়া হৈছিল সেই মানুহবোৰৰ মনোবৃত্তি আমি ২০.৩.২০ তাৰিখৰ লিখনিত উল্লেখ কৰা ধৰণৰ আছিল নিজৰ ককায়েক নবৌৱেকহতে তেওঁক অতি কষ্টকৰ কাম কৰিবলৈ বাধ্য কৰিছিল ওচৰ চুবুৰীয়া লোকেও শাৰিৰীক কষ্টকৰ কামত তেওঁ খটুৱাইছিল ভৰতে কোনো আপত্তি নকৰাকৈ সেইবোৰ কৰি গৈছিল জোৰপূৰ্বক ভাৱে কঠোৰ পৰিশ্ৰমৰ কাম কৰাই লোৱাৰ অন্তত পৰিয়ালৰ লোক আৰু চুবুৰীয়াই পাতত থাকি যোৱা আৰু পাকঘৰত অৱশিষ্ট থকা খাদ্য তেওঁক খাবলৈ দিছিল ভৰতে কোনো আপত্তি নকৰাকৈ সেই উচ্ছিষ্ট , বাহী আৰু দুৰ্গন্ধ যুক্ত খাদ্য খাইছিল এসময়ত কেইজনমান ডকাইতে তেওঁক ধৰি বান্ধি নি নিজৰ উপাস্য দেৱীৰ সন্মুখত বলি দিয়াৰ যো যা কৰিছিল এনে পৰিস্থিতিতো ভৰতে কোনো বাধা নিদিয়াকৈ তেওঁলোকে যি কৰে তাকে কৰিবলৈ এৰি দিছিল আমাৰ ২৫.২.২০ তৰিখৰ লিখনিত এই কথা কৈ অহা হৈছেএনে উদাহৰণৰ পৰা স্পষ্টভাৱে বুজিব পাৰি যে ভৰতে পূৰ্ব জন্মৰ কৰ্মৰ ফল স্বৰূপে যি আহে তাকে গ্ৰহণ কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ আছিল ভাগৱতেও আত্মজ্ঞানী পুৰুষক জীৱনৰ বাকী কালছোৱা এই ধৰণৰ দৃঢ়তা সহকাৰে কটোৱাৰ উপদেশ দিছে ভৰতৰ এই দৃঢ়তা আত্মজ্ঞান লাভৰ ফল সাধাৰণ মানুহে স্বভাৱিকতে নিজৰ স্বাৰ্থ ৰক্ষা কৰাৰ চেষ্টা কৰে কোনোবাই অন্যায় অত্যাচাৰ কৰি স্বাৰ্থ বিঘ্নিত কৰিলে স্বাভাৱিকভাৱে বাধা দিয়ে আমি যদি শান্ত মনে বহি কিছু সময় চিন্তা কৰি চাওঁ তেতিয়া বুজিব পাৰিম যে আমাৰ স্বাৰ্থ হানি হোৱা কামত বাধা দিয়াৰ বাবে যিমান শক্তিৰ প্ৰয়োজন হয়, সেই একে পৰিস্থিতিত উদাসীন হৈ থাকিবৰ বাবে তাতকৈ অনেক বেছি শক্তিৰ প্ৰয়োজন হয় অতিশয় বিপৰীত পৰিস্থিতিৰ মাজত একো প্ৰতিকাৰ নকৰাকৈ শান্তভাৱে বহি থাকিবৰ বাবে প্ৰচণ্ড শক্তি আৰু সামৰ্থ্যৰ প্ৰয়োজন হয় বৈষয়িক জগতত যিসকল ৰজাৰো ৰজা তেওঁলোকৰো এনে শক্তি সামৰ্থ্য নাথাকে কিন্তু আত্মজ্ঞান লাভ কৰাৰ পিছত সাধাৰণ মানুহো এনে অমোঘ শক্তিৰ অধিকাৰী হ'ব পাৰে। হৰিদেৱ গুৰুজনাই আত্মজ্ঞানৰ মাধ্যমেৰে সাধাৰণ মানুহকো এনে অমোঘ শক্তিৰে শক্তিমন্ত কৰি তোলাৰ প্ৰয়াস কৰিছিল (আগলৈ)

No comments:

Post a Comment