Tuesday 24 March 2020

Understanding Guru Harideva’s Approach Towards Unity-57 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৫৭)


Understanding Guru Harideva’s Approach Towards Unity-57 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-)

In our post of 22.3.20, we told that, people who can peacefully tolerate injustice and torture imposed upon them by others are stronger than people opposing it . This may not be acceptable to people of now a days . If we propagate this type of thought, people may not like to accept this idea. So some clarification is necessary.Common people take for granted  that if there is injustice, if somebody tries to torture us we should fight against it . This is because  the common people  like us are doing our works like a slave . We are slave of name ,fame , material comforts etc etc. Even we want some gratifications for the social services we render in the name of charity.By nature , if somebody does something against our own interests we feel  disturbed. Then we start fighting against the person  or do something to counteract.But the self realized persons are free from any desire for anything in this world. Even they are not interested to protect their own body . We can know it through the example of Bharata discussed earlier . Since self realized persons are not interested in anything in this world, nothing can be done by others to disturb their peace of mind .So question of resisting anything from their side can not arise. Moreover they know that common people not having any knowledge of self is like a child. A loving father  never  expect that his small child will treat him as father with due respect. A child may do anything as he likes . He may beat, throw a stone or mud on his father. While playing, the child may put his legs on the head of his father .Even a child may urinate or spit upon his father and so on . For those things a father never feel bad and treat his child as enemy . Everything that is done by the child are considered as parts of  play.These are tolerated and happily enjoyed by the father. A father first brought up his child with proper care and training.  After that only he expect  due respect from his child. We should try to understand all self realized personalities like Guru Harideva from those angles.(to be continued)

আমাৰ ২২.৩.২০ তাৰিখৰ লিখনিত কৈ অহা হৈছে যে নিজৰ ওপৰত আনে কৰা অন্যায় অত্যাচাৰ শান্ত মনে সহ্য কৰিব পৰা ব্যক্তি ইয়াক বাধা দিবলৈ চেষ্টা কৰা ব্যক্তিতকৈ অধিক শক্তিশালী সাধাৰণ লোকৰ বাবে এই কথাখিনি গ্ৰহণযোগ্য নহব পাৰে অনেকে এই কথা ভুল বুলি ভাৱিব পাৰেসেয়েহে কথাখিনি অলপ বহলাই কোৱা প্ৰয়োজন বুলি ভৱা হৈছে আত্মজ্ঞানহীন সাধাৰণ ব্যক্তিয়ে ভাৱে যে কোনোবাই যদি আমাৰ ওপৰত অন্যায় অত্যাচাৰ কৰে তেন্তে তাৰ প্ৰতিকাৰ কৰিবলৈ চেষ্টা কৰাটোৱে নিয়ম ইয়াৰ কাৰণ হৈছে আমাৰ দৰে সাধাৰণ মানুহে ক্ৰীতদাসৰ দৰে মনোভাৱ লৈ কাম কৰে আমি নাম, যশ , বৈষয়িক সুখ আদিৰ দাস আনকি আমি জনসেৱা , দান, দাক্ষিণা আদি নাম দি যিবিলাক পূণ্য কৰ্ম কৰা বুলি ভাৱো তাৰ বাবেও আনৰ পৰা প্ৰশংসা,পুৰষ্কাৰ ইত্যাদি পোৱাৰ আকংক্ষা কৰো আমাৰ স্বাৰ্থৰ ক্ষতি হোৱাকৈ কোনোবাই কিবা কৰিলে আমি মনত অশান্তি অনুভৱ কৰো ইয়াৰ পিছতে সেই অন্যায়্কাৰী ব্যক্তিৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হওঁ তেওঁ কৰা কামৰ বিপৰীতে অন্য কাম কৰি অন্যায়ক বাধা দিবলৈ চেষ্টা কৰো কিন্তু আত্মজ্ঞানী ব্যক্তিৰ এইবিলাক একোৰে প্ৰতি কোনো প্ৰকাৰৰ আশা আকাংক্ষা নাথাকে আনকি তেওঁলোকে নিজৰ শৰীৰটো ৰক্ষা কৰাৰ বাবেও আগ্ৰহ নকৰে।  ভৰতৰ জীৱন বৃত্তান্তৰ পৰা আমি এই কথা জানিব পাৰো যিহেতু জগতৰ একোৰে প্ৰতি আত্মজ্ঞানী পুৰুষৰ কোনো আসক্তি নাই সেয়েহে তেওঁলোকৰ মনত অশান্তি সৃষ্টি কৰিব পৰাকৈ কোনেও একো কাম কৰা সম্ভৱ নহয়গতিকে তেওঁলোকৰ ফালৰ পৰা একোকে বাধা দিয়াৰো প্ৰশ্ন নুঠে তদুপৰি তেওঁলোকে জানে যে আত্মজ্ঞানহীন সাধাৰণ ব্যক্তি অবোধ শিশুৰ দৰে কোনো স্নেহশীল পিতৃয়ে তেওঁৰ শিশু সন্তানৰ পৰা পিতাক হিচাপে পাব লগা সন্মান পাব বুলি নাভাৱে শিশুৱে নিজৰ যি ইচ্ছা তাকে কৰে পিতৃৰ গালৈ শিলৰ টুকুৰা , বোকা , মাটি আদি দলিয়ায়খেলি থকা অৱস্থাত পিতাকৰ মূৰত ভৰি তুলি দিয়ে পিতাকৰ কোলাতে শৌচ,পেচাপ কৰি দিয়ে,গালৈ থুৱাই দিয়ে ইত্যাদি এইবিলাকৰ বাবে পিতাকে শিশুক বেয়াও নাপায় বা শত্ৰু বুলিও নাভাৱে বৰঞ্চ এইসমুহ কাৰ্য শিশুসুলভ খেল ধেমালি বুলি ভাৱি আনন্দ মনে উপভোগ কৰে পিতৃয়ে আগতে শিশুক আদৰ যত্ন দি ডাঙৰ দীঘল কৰে . শিক্ষা দীক্ষা দি উপযুক্ত কৰে আৰু তাৰ পিছতহে সেই সন্তানৰ পৰা পিতৃ হিচাপে প্ৰাপ্য মৰ্যাদা পাবলৈ আশা কৰে এনেবোৰ দৃষ্টিকোণৰ পৰা চিন্তা কৰি হৰিদেৱ গুৰুজনাৰ দৰে আত্মজ্ঞানী পুৰুষক বুজাৰ চেষ্টা কৰা উচিত (আগলৈ)

No comments:

Post a Comment