Thursday, 12 March 2020

Understanding Guru Harideva’s Approach Towards Unity-51 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৫১)


In the preceding post it is told that, self realized persons accept happiness-sorrow, respect-disrespect etc equally. This is as per advice of Bhagavata. In Bhagavata it is told that after attainment of self realization people should wait peacefully for full emancipation till their body exists. During this period of awaiting, happiness-sorrow, respect-disrespect and all other kinds of ups and downs come to their lives as outcomes of deeds performed in the past. A self realized person should be indifferent of all these things and enjoy everything without any reaction. In this way, the outcomes of the past deeds come to an end and he can attain full liberation after death of the present body. Self realized persons lead their lives according to those scriptural injunctions. If we light a lamp in a dark room it is lightened immediately. Nothing more is required to be done to remove darkness inside the room. Likewise the minds of man, full of  desires, feel happiness on fulfillment of desire. On getting resistance in this effort he becomes angry. When desire is not fulfilled, he becomes sad. All these thoughts come to his mind automatically like removal of darkness in presence of light  and are expressed through his actions. Self realization itself means total freeness from desires. Expectation for liberation also is one kind of desire. Bhagavata advises self realized persons to be free from this type of desire also. It is told in Bhagavata that, becoming son of a father itself means that he is the natural heir of the properties of father. For obtaining father’s property he need not have any desire for it. Likewise, self realized people attain liberation automatically. He need not have any desire for it. Thus, self realized persons have got no desire even for liberation also.  Happiness and sorrow, respect and disrespect etc are thoughts connected with desires. So, these things carry no meaning for them. This type of analysis of the knowledge contained in Bhagavata is necessary for understanding Guru Harideva. (to be continued)         

আগৰ লিখনিত কৈ অহ হৈছে যে আত্মজ্ঞানী ব্যক্তিয়ে সুখ-দুখ, মান-অপমান ইত্যাদি সমানভাৱে গ্ৰহণ কৰে ই ভাগৱত শাস্ত্ৰৰ উপদেশ ভাগৱতে কৈছে যে আত্মজ্ঞান লাভ কৰা ব্যক্তিয়ে জীৱিত থকা বাকী কালছোৱা শান্ত ভাৱে থাকি পূৰ্ণ মুক্তিৰ বাবে অপেক্ষা কৰিব লাগে এই অপেক্ষাৰত কালছোৱাত পূৰ্বজন্মৰ কৰ্মৰ ফলত সুখ-দুখ, মান-অপমান,ঘাত-প্ৰতিঘাত সমুহ আহে সকলোকে সমানভাৱে গ্ৰহণ কৰি সুখ দুখ মান অপমান আদি যি আহে তাক শান্তভাৱে ভোগ কৰিব লাগে তেনে কৰিলে পূৰ্বৰ কৰ্ম ফল ভোগ সমাপ্ত হয় আৰু বৰ্ত্তমানৰ শৰীৰৰ মৃত্যু হোৱাৰ পিছত পূৰ্ণ মুক্তি লাভ হয় আত্মজ্ঞানী ব্যক্তিয়ে এনে প্ৰকাৰৰ শাস্ত্ৰ জ্ঞানৰ আধাৰত জীৱ্ন নিৰ্বাহ কৰে অন্ধকাৰ কোঠা এটাৰ ভিতৰত লাইট জ্বলাই দিলে কোঠাটো লগে লগে পোহৰ হয় অন্ধকাৰ দূৰ কৰিবৰ বাবে অন্য একো কৰিব নালাগে একেদৰে আমাৰ দৰে স্বাৰ্থপৰ মানুহে নিজৰ কিবা স্বাৰ্থ পূৰণ হোৱাকৈ কিবা এটা পালে মন আনন্দত উত্ৰাৱল হয় স্বাৰ্থ পূৰণত বাধা পালে খং উঠে স্বাৰ্থ পূৰণ নহলে মনত কষ্ট অনুভৱ হয় অন্ধকাৰ কোঠাত লাইট জ্বলাই দিলে কোঠা পোহৰ হোৱাৰ দৰে মনত এনে ভাৱসমুহ প্ৰবেশ কৰাৰ লগে লগে আমাৰ মনত আনন্দ ,বিষাদ ,ক্ৰোধ আদি ভাৱৰ নিজে নিজে উৎপত্তি হয় আৰু কাৰ্যত তাৰ প্ৰকাশ ঘটে আত্মজ্ঞান লাভ কৰাৰ অৰ্থই হৈছে সমস্ত প্ৰকাৰৰ আশা আকাংক্ষাৰ পৰা মুক্ত হোৱা মুক্তি লাভৰ আকাংক্ষাও এক প্ৰকাৰৰ কামনা ভাগৱতে আত্মজ্ঞানী ব্যক্তিক এই প্ৰকাৰৰ কামনাৰ পৰাও মুক্ত থকাৰ উপদেশ দিছে ভাগৱতত কোৱা হৈছে যে পুত্ৰ স্বাভাৱিক ভাৱেই পিতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী একেদৰে আত্মজ্ঞানী ব্যক্তি স্বাভাৱিকতে মুক্তি লাভৰ অধিকাৰী পুত্ৰই যিদৰে কামনা নকৰিলেও পিতৃ সম্পত্তি পায় সেইদৰে আত্মজ্ঞানী ব্যক্তিয়ে কামনা নকৰিলেও মুক্তি পায় গতিকে আত্মজ্ঞানী ব্যক্তিৰ মুক্তি লাভৰো কামনা নাথাকে আনন্দ, বিষাদ, ক্ৰোধ, মান,অপমান আদি কামনাৰ বাসনাৰ সৈতে সম্পৰ্কিত ভাৱ আত্মজ্ঞানীৰ বাবে এইসমুহ ভাৱৰ কোনো অৰ্থ নাই এনে ভাগৱত জ্ঞানৰ দৃষ্টিৰে বিচাৰ কৰিলেহে আত্মজ্ঞানী জীৱন্মুক্ত মহাপুৰুষ হৰিদেৱ গুৰুজনাক বুজি পোৱা সম্ভৱ   (আগলৈ)

No comments:

Post a Comment