Guru Harideva was a self realized personality. To understand his life and philosophy, we should study the life stories of self realized personalities
described in Bhagavata. In Bhagavata it is told that a person
who realized his self, is free from bondage of worldly life. The worldly life
is a dream world for him. All of us have experience of dream world. We meet so
many people and things when we are dreaming .We may have wife, children, high office of powers and huge properties etc in dream world. After awakening, we can understand that all
these things are false. So, in awakening state ,we never feel attachment for
any people or thing that comes to us while in dream. Sometimes our own body
also appears before us in the dream. We never recognize that body as our own
after awakening. The dream world is not in our control. We are bound to be
attached with the people and things that appear before us in dream. We are bound
to enjoy everything that comes to us in the form of happiness and sorrow in dream.
In the same way,
we are bound to enjoy the outcomes of
past deeds in our present worldly life. The only way to come out of dream world, is to
wake up. Once we wake up, the dream world vanishes along with all attachments that
we feel in dream .Then only we can understand that dream world is not true.
Likewise, the worldly life with all types of attachment is true for common
people not having Self realization. But after attainment of self realization, people
can understand that the worldly life is not true. After realization also
worldly life exists outside
as before. But a self realized person never
considers it as true as before. His lookout towards worldly life changes. Now he
is able to deal with worldly life in a better way free from any kind of
personal attachment. We should go through life and teachings of Guru Harideva
with all these things in mind .(to be continued)
হৰিদেৱ
গুৰুজনা আত্মজ্ঞানী পুৰুষ আছিল । তেওঁৰ ব্যৱহাৰিক জীৱন আৰু ধৰ্মীয় দৰ্শন বুজি
পোৱাৰ বাবে ভাগৱতত বৰ্ণনা কৰা আত্মজ্ঞানী পুৰুষ সকলৰ জীৱন বৃত্তান্ত অধ্যয়ন কৰা
প্ৰয়োজন ।
ভাগৱতত
কোৱা হৈছে যে আত্মজ্ঞানী পুৰুষ সংসাৰ বন্ধনৰ পৰা মুক্ত । সংসাৰ
তেওঁলোকৰ মনত স্বপ্নৰাজ্যৰ দৰে । সপোন দেখাৰ অভিজ্ঞতা আমাৰ সকলোৰে আছে।সপোনত
আমি বহু মানুহ আৰু বস্তু দেখা পাওঁ , বহু প্ৰকাৰৰ ঘটনাৰ পৰিঘটনাৰ
মুখামুখী হওঁ । সপোনৰ দেশত আমাৰ স্ত্ৰী ,
পুত্ৰ ,কন্যা , অফুৰন্ত সা-সম্পদ , উচ্চ বিষয় বাব আদি থাকিব পাৰে ।সাৰ
পোৱাৰ পিচত সেই সকলো মিছা বুলি বুজিব পাৰো কাৰণে স্বপ্ন ৰাজ্যৰ একোৰে প্ৰতি আমাৰ
আসক্তি নাথাকে ।
সপোনত কেতিয়াবা আমাৰ নিজৰ শৰীৰো আমাৰ সন্মুখলৈ আহে । সাৰ পোৱাৰ
পিছত সপোনত দেখা সেই শৰীৰো আমাৰ নিজৰ বুলি ভবা নহয়। সপোনৰ জগতৰ
ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাথাকে ।এই জগতত থকা অৱস্থাত
সুখ বা দুখৰ ৰূপত আমাৰ ওচৰলৈ যি আহে তাক ভোগ কৰিবলৈ আমি বাধ্য ।একেদৰে
সংসাৰত থকা অৱস্থাত পূৰ্বজন্মৰ কৰ্মৰ ফলত আমাৰ জীৱনলৈ যি আহে তাক ভোগ কৰাত বাদে অন্য
একো বিকল্প নাই ।
টোপনিৰ
পৰা সাৰ পোৱাটো সপোনৰ জগতৰ পৰা বাহিৰ হোৱাৰ একমাত্ৰ উপায় । সাৰ পোৱাৰ
লগে লগে সপোনৰ জগতৰ লগতে এই জগতত থকা কালত যি যি বিষয় বস্তুৰ প্ৰতি আমাৰ আসক্তি
আছিল তাৰো অন্ত পৰে ।তাৰ পিছতহে আমি বুজিব
পাৰো যে সপোনৰ জগতখন সত্য নহয় ।একেদৰে
আত্মজ্ঞানহীন মানুহে সাংসাৰিক জীৱন আৰু ইয়াৰ সৈতে সম্পৰ্কিত আসক্তি সমুহ সত্য বুলি
ভাৱে ।কিন্তু আত্মজ্ঞান লাভ কৰাৰ পিছত তেওঁলোকে বুজিব পাৰে
যে সাংসাৰিক জগত সত্য নহয় । ইয়াৰ পিছতো সাংসাৰিক জগত থাকে কিন্তু
আত্মজ্ঞানী মানুহে ইয়াক সত্য বুলি নাভাৱে কাৰণে সাংসাৰিক জগতৰ প্ৰতি তেওঁলোকৰ
দৃষ্টিভঙ্গী সলনি হয় । তেওঁলোকে কোনো প্ৰকাৰৰ ব্যক্তিগত স্বাৰ্থৰ পৰা দূৰত থাকি পূৰ্বতকৈ
অধিক সমন্বয় সহকাৰে সংসাৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব পাৰে।এই
বিলাক কথা মনত ৰাখি আমি হৰিদেৱ গুৰুজনাৰ বিষয়ে চিন্তা চৰ্চা কৰা উচিত । (আগলৈ)
No comments:
Post a Comment