We told in the
preceding post that social rules and regulation are meant for control of people
with desires . Desires bring bondage. People free from desire are free from
bondage also. Living life under control
of social rules and regulations is itself
a kind of bondage. Self realized persons have no desire. So ,
they live in the society with their own
style of living . They may or may not follow rules and regulations of the society.
Bhagavata tells that, all self realized personalities are free from desires and
are in liberated state .We may see them moving in the society because they are
bound to live till the end of their present body. They are bound to enjoy the
happiness and sorrow generated by past deeds, till their present body remains
alive. After the end of their present body, they will never take birth again. While
living at this state, they accept whatever comes to them in the form of
happiness or sorrow equally. They never
react to anything that happens in their life. This is their way to finish the
outcomes of past deeds and attain complete
liberation at the end of present life. Moreover ,life styles of every self
realized person is different. Vyasdeva , Sukadeva , Bharata , Janaka are examples of some of such persons described in
scriptures .Vyasdeva was a sage honored
by the emperors of that time . Janaka was a king honored by the sages of his time . On the other hand, people
used to make fun of Sukadeva and Bharata
thinking them to be mentally abnormal . But one thing was common for all
of them. Janaka and Vyasdeva were not feeling
any happiness for the respect shown to
them. Similarly, Sukadeva and Bharat were
not feeling anything bad for the disrespect shown to them .That was
because of attainment of self
realization. All of them were able to accept happiness and sorrow equally. These things are described in Bhagavata in
details. Guru Harideva also attained self realization. So, we should study
these things to understand his life and
teachings properly . (to be continued )
ইয়াৰ আগৰ
লিখনিটোত কোৱা হৈছে যে সামাজিক নীতি নিয়ম কামনা বাসনা থকা মানুহৰ বাবেহে প্ৰযোজ্য।বাসনাই
বন্ধন আনে ।
যাৰ কোনো আশা আকাংক্ষা নাই তেওঁৰ কোনো বন্ধনো নাই ।সামাজিক
নীতি নিয়ম মানি সমাজত বাস কৰাও এক প্ৰকাৰৰ বন্ধন। আত্মজ্ঞানী
ব্যক্তিৰ একো বাসনা অৱশিষ্ট নাথাকে।গতিকে তেওঁলোকে সমাজত নিজৰ ইচ্ছা
মতে বাস কৰে ।তেওঁলোকে সামাজিক নীতি নিয়ম মানিবও পাৰে বা নামানিবও
পাৰে ।
ভাগৱতে কৈছে যে আত্মজ্ঞানী ব্যক্তিৰ কোনো কামনা বাসনা নাথাকে কাৰণে তেওঁলোক মুক্ত পুৰুষ
।মুক্তি লাভ কৰাৰ পিছতো বৰ্ত্তমান
শৰীৰৰ ম্যাদ উকলি নোযোৱা পৰ্যন্ত বাছি থাকিবলৈ তেওঁলোক বাধ্য । লগতে এই
শৰীৰত থাকি পূৰ্ব জন্মৰ কৰ্মৰ ফলত উৎপন্ন
সুখ দুখ ভোগ কৰিবলৈও তেওঁলোক বাধ্য ।সেই কাৰণে আমি আমাৰ মাজত তেওঁলোকক দেখা পাওঁ। বৰ্ত্তমান
শৰীৰ ধংস হোৱাৰ পিছত তেওঁলোকৰ পুনৰ্জন্ম নহয় ।এনে জীৱন্মুক্ত
অৱস্থাত থকা ব্যক্তিয়ে জীৱনত সুখ বা দুখ যি আহে তাকে সমান ভাৱে গ্ৰহণ কৰে । জীৱনত ঘটি
থকা একোৰে প্ৰতি কোনো প্ৰতিক্ৰিয়া তেওঁলোকে প্ৰকাশ নকৰে । পূৰ্ব জন্মৰ কৰ্মৰ
ফল ভোগ সমাপ্ত কৰি বৰ্ত্তমান শৰীৰৰ ম্যাদ শেষ হোৱাৰ লগে লগে মুক্তি লাভ কৰাৰ বাবে
তেওঁলোকে এই উপায় অৱলম্বন কৰে ।প্ৰত্যেক জীৱন্মুক্ত
ব্যক্তিৰে জীৱ্ন প্ৰণালী বেলেগ বেলেগ । ব্যাসদেৱ , শুকদেৱ ,জনক , ভৰত আদি শাস্ত্ৰত উল্লেখ থকা কেইজনমান জীৱন্মুক্ত
পুৰুষৰ উদাহৰণ । ঋষি ব্যাসদেৱক সেই সময়ৰ সম্ৰাট সকলেও সন্মান
কৰিছিল ।
জনক ৰজা আছিল যদিও সেই সময়ৰ ঋষি মুনি সকলেও তেওঁক সন্মান
প্ৰদৰ্শন কৰিছিল ।
আনহাতে শুকদেৱ আৰু ভৰতক ৰাস্তাৰ মানুহে পাগল বুলি ভাৱি জোকাই মেলি অত্যাচাৰ কৰিছিল
।
কিন্তু
এটা বিষয়ত তেওঁলোকৰ কোনো প্ৰভেদ নাছিল। জনক আৰু ব্যাসদেৱ সমাজে দিয়া মান সন্মানৰ
প্ৰতি যিমান উদাসীন আছিল ভৰত আৰু শুকদেৱ সমাজে কৰা অপমানৰ প্ৰতিও সমানে উদাসীন
আছিল ।এই সকলো ব্যক্তি আত্মজ্ঞানী আছিল কাৰণে সুখ দুখ মান অপমান
সমানভাৱে লৈছিল ।ভাগৱতত এই বিলাক বৰ্ণনা আছে ।হৰিদেৱ
গুৰুজনা আত্মজ্ঞানী পুৰুষ আছিল । তেওঁক সঠিকভাৱে বুজাৰ কাৰণে আমি এইবিলাক
অধ্যয়ন কৰা প্ৰয়োজন ।(আগলৈ )
No comments:
Post a Comment