In Bhagavata it is told that, living
beings desire to live forever . This is not only true for human beings, it is
true in case of other living beings like animals and birds etc. To fulfill this
desire, the body is to remain there
forever. Therefore living beings consider their bodies as most valuable and
dearest possession. We can forego interest on other possessions to protect our
body. We undergo medical treatment to save our body by selling valuable
properties like gold, silver , land , house etc in our possession. Animals, birds and
other creatures also tries to protect their bodies with all efforts .Bhagavata also
tells that, one single driving force is there behind the activities of all the bodies
in the creation. All bodies are constituted with the same
materials ,that is five basic elements- space ,air, water, fire and earth . Bodies
of stones, gems etc where expression of life is not at all visible, are
constituted with innumerable numbers of combinations of these five elements in the
most gross form. By innumerable types of combination of these five elements in
gross form innumerable types of bodies of plants, creepers, animals , birds
etc, with clear expression of life are created. Combination of the same five
basic elements in fine, finer and finest forms, constitute human body mind
complex. These five elements in still finer forms are the constituents of the
bodies of demigods and other gods of higher heavens. If we think in this way,
we will find that nothing in this universe is separate from each other. So, if
we harm anybody or anything in this world, we will harm ourselves only. Through
the story of Bharat, this is practically demonstrated in Bhagavata. Teachings
of Guru Harideva are based on such knowledge. We will discuss this in the next
post. (to be continued )
ভাগৱতত কোৱা হৈছে যে প্ৰত্যেক জীৱই চিৰকাল
বাছি থকাৰ ইচ্ছা কৰে ।মানৱ
দেহধাৰী ব্যক্তিৰ বাবে এই কথা যিমান সত্য ,পশু
পক্ষী আদিকে ধৰি অন্যান্য প্ৰাণীৰ ক্ষেত্ৰতো ই সমানে সত্য।এই ইচ্ছা পূৰণ কৰাৰ বাবে চিৰকাল
ধৰি দেহৰ সংৰক্ষণ কৰা প্ৰয়োজন । সেই কাৰণে শৰীৰ সকলো প্ৰাণীৰ মনত অতি
আদৰৰ অমূল্য সম্পদ। শৰীৰ সংৰক্ষণৰ বাবে আমি অন্য সম্পদৰ মায়া ত্যাগ কৰিব পাৰো ।সোণ, ৰূপ, মাটি,
বাৰী,
ঘৰ দুৱাৰ আদি অন্যান্য মূল্যবান সা-সম্পদ বিক্ৰী কৰিও শৰীৰৰ চিকিৎসা ইত্যাদিৰ
ব্যৱস্থা কৰা হয় । অন্যান্য জীৱ জন্তু পশু পক্ষী আদিয়েও নিজৰ শৰীৰ সৰ্বতো প্ৰকাৰে ৰক্ষা
কৰাৰ চেষ্টা কৰে ।ভাগৱতে কৈছে যে এক একক চালিকা শক্তিয়ে জগতৰ স্থাৱৰ জঙ্গম সকলো শৰীৰকে
নিজ নিজ ৰূপত কাৰ্যক্ষম কৰি ৰাখিছে। আকৌ প্ৰত্যেক শৰীৰৰ
নিৰ্মাণৰ উপাদানো একে ।আকাশ,
বায়ু,
অগ্নি,
জল আৰু ভূমিৰ স্থূলতম ৰূপৰ অসংখ্য ধৰণৰ সংমিশ্ৰণৰ দ্বাৰা শিল পাথৰ আদি প্ৰাণৰ
অস্তিত্বৰ প্ৰকাশহীন স্থাৱৰ বস্তু সমুহ সৃষ্টি হৈছে । একে পঞ্চভূতৰ স্থূল ৰূপৰ অসংখ্য প্ৰকাৰৰ
সংমিশ্ৰণৰ দ্বাৰা গছ,
লতা ,
পশু ,
পক্ষী ইত্যাদি অসংখ্য প্ৰকাৰৰ চেতনাৰ
প্ৰকাশ থকা শৰীৰৰ সৃষ্টি হৈছে ।পঞ্চভূতৰ অসংখ্য প্ৰকাৰৰ সূক্ষ্ম,
সূক্ষ্মতৰ আৰু সূক্ষ্মতম ৰূপৰ অস্ংখ্য প্ৰকাৰৰ সংমিশ্ৰণৰ দ্বাৰা মানুহৰ শৰীৰ,মন,
বুদ্ধি,
অহংকাৰ ইত্যাদি সৃষ্টি হৈছে ।সাধাৰণ দেৱতাৰ
পৰা আৰম্ভ কৰি উচ্চতম পৰ্যায়ৰ সৃষ্টিকৰ্ত্তা ব্ৰ্হ্মা পৰ্যন্ত অসংখ্য দেৱতাৰ শৰীৰ
তাতোকৈ সূক্ষ্ম পঞ্চভূতৰ অসংখ্য প্ৰকাৰৰ সংমিশ্ৰণৰ ফলত সৃষ্টি হৈছে । এনে দৰে চিন্তা কৰি চালে দেখা যায় যে বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো বস্তু কাৰো
পৰা পৃথক নহয় । সেই কাৰণে
ভাগৱতে কৈছে যে কাৰো প্ৰতি হিংসা আচৰণ কৰাৰ অৰ্থ হৈছে নিজকে হিংসা কৰা । ভৰতৰ কাহিনীৰ মাধ্যমত ভাগৱতে এই কথা
ব্যৱহাৰিক ভাৱে বুজাই দিছে ।
হৰিদেৱ
গুৰুজনাৰ শিক্ষা এনে জ্ঞানৰ আধাৰত প্ৰতিস্থিত । পিছৰ লিখনিত এই কথা স্পষ্ট কৰাৰ চেষ্টা কৰা হ’ব
। (আগলৈ )
No comments:
Post a Comment