In Bhagavata it
is told that, only human being have the intelligence required for understanding
spiritual knowledge .A tiger can never think about spirituality and try to come
out of the worldly bondage . The ways to come out of it is described in the
scriptures. Birth in a human body is
essential to understand the worldly bondage and also the ways to come out of it,
through teachings of scriptures like Bhagavata. Guru Harideva brought those
scriptural knowledge to the level of understanding of common people like us. Bhagavata
tells that, before taking birth as a
human being ,we are to pass through
innumerable birth and death cycles in different types of bodies . Through the story of Bharata, we learn
that fall down from human body to other lower bodies of animal or other
species is also possible. Another lesson we get is that ,we are bound to enjoy
the outcome of each and everything
of whatever we do. In physical
world, action visible by people outside, is counted as work performed . But in spiritual
world, something
desired mentally is also counted as things done practically. People outside can
not know whatever we think in our mind
.But we are bound to enjoy the outcome of mental thoughts also . For good thoughts happiness will come. We will suffer
for evil thoughts in our mind . Bharata
desired to take care of one baby deer with motherly affection in mind . To
enjoy the outcome of that mental thought, he had to take rebirth as a deer . It
is told in Bhagavata that, taking birth as a human being and to continue in
that status is not as easy as we may think, So , as a human being it is our
foremost duty to purify our body mind complex to avoid fall down from our
present position . Unless we purify our
body mind complex it is not possible to perform this duty . Again without
practice under able guidance of a teacher, purification of body mind complex is
not possible. Guru Harideva practically trained up common people like us in
this direction through his Satras. (to
be continued )
ভাগৱতত কোৱা
হৈছে যে শাস্ত্ৰ সমুহে বৰ্ণনা কৰা পাৰমাৰ্থিক জ্ঞানৰ কথা সমুহ বুজি পাবৰ বাবে যি
বিবেক বুদ্ধিৰ প্ৰয়োজন সি কেৱল মানুহৰহে আছে ।এটা
বাঘে পাৰমাৰ্থিক জ্ঞান লাভ কৰি জাগতিক
বন্ধনৰ পৰা মুক্ত হোৱা বিষয়ত চিন্তা চৰ্চা কৰিব নোৱাৰে ।এই
জ্ঞান শাস্ত্ৰ সমুহত আছে । হৰিদেৱ গুৰুজনাই শাস্ত্ৰত থকা এই জ্ঞান আমাৰ
দৰে সাধাৰণ মানুহে বুজিব পৰা ধৰণে ব্যাখ্যা কৰি গৈছে । ভাগৱত
শাস্ত্ৰই দিয়া জ্ঞানৰ সহায়ত জাগতিক বন্ধন কি আৰু এই বন্ধনৰ পৰা মুক্ত হোৱাৰ উপায়
কি তাক বুজিব পাৰি । কিন্তু ইয়াক বুজিবৰ বাবে মানুহ হিচাপে জন্ম গ্ৰহণ কৰা প্ৰয়োজন
।
ভাগৱতে
কৈছে যে মানুহ হিচাপে জন্ম গ্ৰহণ কৰাৰ পূৰ্বে
বিভিন্ন প্ৰকাৰৰ শৰীৰৰ মাধ্যমত আমাৰ অসংখ্যবাৰ জন্ম আৰু মৃত্যু হয় । ভৰতৰ
কাহিনীৰ সহায়ত আমি বুজিব পাৰো যে মানুহ হিচাপে জন্মাৰ পিছতো আমাৰ পতন হ’ব পাৰে। আমি জন্তু
বা তাতোকৈ নিম্ন স্তৰৰ শৰীৰ গ্ৰহণ কৰি পুনৰ জন্ম লাভ কৰিব পাৰো ।আকৌ
এই কাহিনীৰ পৰা অন্য এটা শিক্ষা পোৱা যায় যে আমি যি কৰো তাৰ ফল ভোগ কৰাৰ পৰা
কোনোপধ্যে সাৰি যোৱা সম্ভৱ নহয়।আমি নিতৌ দেখি
থকা জগতখনত অন্যই বুজি পোৱা ধৰণে কিবা এটা কৰিলেহে তাক কাম বুলি ধৰা হয় । কিন্তু
পাৰমাৰ্থিক জগতত নিজৰ মনতে কৰা চিন্তাকো কৰি পেলোৱা কাম বুলি ধৰা হয় । আমি
মনে মনে কি ভাৱো তাক অন্যই জনা সম্ভৱ নহয়। কিন্তু সেই ভাৱনাৰ ফল ভোগ কৰিবলৈ আমি বাধ্য ।মনেৰে ভাল
কথা ভাৱিলে শুভ কৰ্মৰ ফল পোৱা যায় আৰু বেয়া কথা ভাৱিলে অশুভ কৰ্মৰ ফল পোৱা যায় ।ভৰতে
মৃত্যুৰ সময়ত এটা হৰিণ পোৱালীক মাতৃসুলভ আবেগেৰে লালন পালন কৰাৰ কথা মনে মনে
চিন্তা কৰিছিল ।তাৰ ফলত তেওঁ হৰিণ হিচাপে জন্ম গ্ৰহণ কৰিছিল । ভাগৱতে কৈছে
যে মানুহ হিচাপে জন্ম গ্ৰহণ কৰা আৰু মানুহ হিচাপে বৰ্ত্তি থকা আমি যিমান সহজ বুলি
ভৱো সিমান সহজ নহয় । গতিকে আমাৰ চিন্তা আৰু কৰ্মৰ ফলত যাতে বৰ্ত্তমানৰ
অৱস্থাৰ পৰা পতন নহয় তাৰ বাবে সতৰ্ক থকাটো মানুহ হিচাপে আমাৰ সবাতোকৈ প্ৰয়োজনীয়
কৰ্ত্তব্য। শৰীৰ আৰু মন বিশুদ্ধ নহ’লে এই
কৰ্ত্তব্য পালন কৰিব নোৱাৰি। আকৌ উপযুক্ত শিক্ষকৰ তত্বাবধানত অভ্যাস
নকৰিলে মন আৰু শৰীৰ বিশুদ্ধ ৰাখিব নোৱাৰি । হৰিদেৱ গুৰুজনাই সত্ৰানুস্থান স্থাপন কৰি
জনসাধাৰণক এই বিষয়ৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল ।(আগলৈ
)
No comments:
Post a Comment