Saturday, 1 February 2020

Understanding Guru Harideva’s Approach Towards Unity-31 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩১)


We discussed in our post of 30 .1.20, that unfulfilled desires are the causes of bondage. Also, we are bound to enjoy the happiness and sorrow generated by each and every desire. So, to be free from bondage, we are to stop desiring anything more . And also , we are to finish enjoyment of all the rewards or punishments due to us,for whatever was desired so far. Now,  before taking birth in the present body, we assumed so many bodies, in the cycle of birth and death . In each birth, we desired so many things and most of those desires remained unfulfilled .Those unfulfilled desires of each birth remained accumulated in our mind and we are bound to enjoy the result of everything accumulated like that . Again , the life time of our present body is not sufficient to finish enjoyment of the outcome of such huge amount of desires so accumulated . Moreover, one type of body is not suitable for all types of enjoyments , as desired . So, as per rule of creation,  we assumed the present body to enjoy only a certain selected part of things desired in the previous births. Now, unless we stop desiring in this birth also ,there will be increase in the accumulation of desires for enjoyment in the coming births and like this our movement in the cycle of birth and death will continue forever . Again the present body we assumed is suitable for enjoyment of the outcome of a small portion of the huge amount of accumulated past desires . So , if we somehow stop desiring anything more in this birth ,without proper guidance from authentic scripture like Bhagavata , then also, our bondage will not end . Because in such case new desire may not be there, but the accumulated past desires will still be there . So , we are to take birth again and again in different types of bodies for enjoyment of the outcome of those in unlimited installments. Bhagavata shows us the correct path to come out of this problem. Here it is told that, self realization through teachings of Bhagavata makes us free from all desires. Moreover, once the self is realized, the accumulated huge amount of desires of the past are destroyed immediately and we need not enjoy the outcome of those through repeated birth and death.(to be continued) 

আমাৰ ৩০.১.২০ তাৰিখৰ লিখনিত কোৱা হৈছে যে অপূৰ্ণ হৈ থকা বাসনাসমুহ সংসাৰ বন্ধনৰ কাৰণ তদুপৰি যি বাসনা কৰা হয় সেই অনুসৰি প্ৰত্যেক বাসনাৰ ফল ভোগ কৰাৰ বাবে আমি বাধ্য গতিকে সংসাৰ বন্ধনৰ পৰা মুক্তি লাভ কৰাৰ বাবে প্ৰথমে বাসনা ত্যাগ কৰা প্ৰয়োজন তাৰ পিচৰ পৰ্যায়ত ইতিমধ্যে কৰা বাসনাসমুহৰ পৰা পাব লগা সুখ দুখ ভোগ কৰি শেষ কৰাৰ প্ৰয়োজন তেতিয়াহে বন্ধনৰ পৰা ৰেহাই পোৱা সম্ভৱ বৰ্ত্তমান শৰীৰৰ মাধ্যমত জন্ম লোৱাৰ আগতে বিভিন্ন প্ৰকাৰৰ শৰীৰ গ্ৰহণ কৰি আমি অসংখ্যবাৰ জন্ম গ্ৰহণ কৰিছিলো প্ৰত্যেক জন্মতে আমি বহুত কিবাকিবি পাবলৈ আশা কৰিছিলো আৰু তাৰ ভিতৰৰ অনেক বাসনা পূৰ্ণ নোহোৱাকৈ থাকি গৈছিল এনেদৰে প্ৰত্যেক জন্মৰ অসংখ্য অপূৰ্ণ বাসনাৰ এক বৃহৎ ভাণ্ডাৰ আমাৰ মনত সঞ্চিত হৈ আছে এই বৃহৎ ভাণ্ডাৰত সঞ্চিত অসংখ্য অপূৰ্ণ বাসনাৰ পৰা পাব লগা ফল ভোগ কৰাৰ বাবে আমি বাধ্য আমাৰ শৰীৰৰ নিৰ্দিষ্ট আয়ুস কালৰ ভিতৰত এই বৃহৎ ভাণ্ডাৰত জমা হৈ থকা অসংখ্য বাসনাৰ ফল ভোগ কৰি শেষ কৰা সম্ভৱ নহয় তদুপৰি বাসনাও অনেক প্ৰকাৰৰ আৰু প্ৰত্যেক বাসনাৰ ফলো বেলেগ বেলেগ সেয়েহে এক প্ৰকাৰৰ শৰীৰ সমস্ত প্ৰকাৰৰ বাসনাৰ ফল ভোগ কৰাৰ বাবে উপযোগী নহয় সেই কাৰণে সৃষ্টিৰ নিয়ম মতে এক নিৰ্দিষ্ট পৰিমাণৰ নিৰ্বাচিত বাসনাৰ ফল ভোগ কৰাৰ বাবে বৰ্ত্তমান শৰীৰত আমাৰ জন্ম হৈছে এই জন্মতো যদি বাসনা ত্যাগ কৰা নহয় ,তেন্তে আমাৰ সঞ্চিত  ভাণ্ডাৰত অপূৰ্ণ বাসনাৰ পৰিমাণ আকৌ বাঢ়িব আৰু এইসমুহৰ ফল ভোগ কৰাৰ বাবে জন্ম মৃত্যুৰ চক্ৰত আমাৰ ভ্ৰমণ অনন্ত কাল ধৰি চলি থাকিব আকৌ আমাৰ বৰ্ত্তমানৰ শৰীৰ সঞ্চিত ভাণ্ডাৰৰ এক সামান্য অংশ ভোগ কৰাৰ বাবেহে উপযোগী গতিকে ভাগৱতৰ দৰে প্ৰামাণ্য শাস্ত্ৰৰ নিৰ্দেশ নমনাকৈ যদি অন্য কিবা উপায়ে নতুন বাসনা ত্যাগ কৰাও হয়,  তেতিয়াও আমাৰ বন্ধন সমাপ্ত হোৱাৰ সম্ভাৱনা নাথকে নতুন বাসনা ত্যাগ কৰাৰ পিছতো আগৰ সঞ্চিত বাসনাসমুহ অলপ অলপ পৰিমাণৰ কিস্তিত ভোগ কৰাৰ বাবে আমি অসংখ্যবাৰ জন্ম গ্ৰহণ কৰাৰ বাবে বাধ্য হব লাগিব ভাগৱতে এই সমস্যাৰ সমাধান কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ বাবে শুদ্ধ পথ প্ৰদৰ্শন কৰিছে ইয়াত কোৱা হৈছে যে ভাগৱত শাস্ত্ৰই দিয়া শিক্ষাৰ মাধ্যমত আত্মজ্ঞান লাভ কৰাৰ পিছত মনত কোনো জাগতিক বস্তুৰ প্ৰতি বাসনাৰ উদয় নহয় তদুপৰি আত্মজ্ঞান লাভ কৰাৰ লগে লগে পূৰ্বৰ সঞ্চিত বাসনাৰ বৃহ ভাণ্ডাৰ সম্পূৰ্ণৰূপে ধংস হয় কাৰণে বাৰে বাৰে জন্ম লৈ সেইবোৰৰ ফল ভোগ কৰাৰ প্ৰয়োজন নহয় (আগলৈ)

No comments:

Post a Comment