We told in the earlier
posts that Guru Harideva was self realized personality.We should go through the
life stories of the self realized personalities described in Bhagavata to know
him properly . Emperor Bharata was also a self realized person and his stories contain
very important information on our subject matter. Bharata attained self
realization through practice of rigorous and devout penance for three consecutive
births. Detailed description of all those we can have in Bhagavata. Here, we already
brought some hints , about his first stage of practice in the preceding post .Regarding
the rest also, we may bring some short references to make our subject of
discussion clear . After going to deep forest and practicing rigorous penance for
self realization, as we told earlier ,Bharata was able to make sufficient
progress in this line. But just before his death, he felt some attachment towards
a motherless baby deer. Subsequently, a desire for maintenance and protection
of the baby came to his mind. With this unfulfilled desire in mind he expired.Now
as a human being, it is our natural duty to feel piety and look into the welfare
of everybody, including animals in distress. Bhagavata tells us that there is
nothing wrong in it and this should be done with utmost care. But in doing so, we
should be free from of any kind of attachment. In this case, Bharata felt
motherly attachment towards the baby deer.He wanted to take care of one single
particular baby deer.The mother of a baby deer is concerned about its own baby
only. The desire of Bharata was also of such selfish nature like a mother deer.
Fulfillment of this desire is not possible with a human body. For taking care
of a baby deer as desired by Bharata, body of a mother deer is most suitable. We
already told that, even the minutest desire in our mind is to be fulfilled
before attainment of self realization. So, for enjoyment of the outcome of this
desire, Bharata had to take his next birth as a deer.(to be continued)
আমাৰ আগৰ
লিখনিত কৈ অহা হৈছে যে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনা আত্মজ্ঞানী জীৱন্মুক্ত
পুৰুষ আছিল আৰু তেওঁৰ বিষয়ে ভালদৰে জানিবৰ বাবে আমি ভাগৱত শাস্ত্ৰত থকা আত্মজ্ঞানী
পুৰুষ সকলৰ জীৱন বৃত্তান্ত অধ্যায়ন কৰা প্ৰয়োজন ।সম্ৰাট ভৰতৰ কাহিনীও
এক আত্মজ্ঞানী পুৰুষৰ কাহিনী ।এই কাহিনীত আমি আগতে আলোচনা কৰি অহা বহু বিষয়ৰ
স্পষ্ট তথ্য প্ৰমাণ আছে ।ভৰতে একেৰাহে তিনিটা
জন্মৰ কঠোৰ সাধনাৰ অন্তত আত্মজ্ঞান লাভ কৰিছিল ।এই
সমুহৰ বিস্তৃত বৰ্ণনা ভাগৱতত পোৱা যায় । ইয়াৰ আগৰ লিখনিটোত তেওঁৰ প্ৰথম জন্মৰ সাধনাৰ
বিষয়ে কিছু আভাস দিয়া হৈছে । লিখনিৰ বিষয় বস্তু স্পষ্ট কৰাৰ বাবে পিছৰ জন্মৰ
সাধনাৰ বিষয়েও চমু আভাস দিয়া প্ৰয়োজন ।আমি
আগৰ লিখনিটোত কোৱাৰ দৰে সম্ৰাট ভৰতে গভীৰ অৰণ্যবাসী হৈ আত্মজ্ঞান লাভৰ উদ্দেশ্যে
কঠোৰ সাধনা আৰম্ভ কৰাৰ পিছত এই দিশত বহু আগবাঢ়ি গৈছিল । কিন্তু
জীৱনৰ অন্তিম অৱস্থাত তেওঁ এটি মাতৃহীন হৰিণ শিশুৰ প্ৰতি আসক্তি অনুভৱ কৰিছিল।ইয়াৰ ফলত সেই
অসহায় হৰিণ শিশুটিক আদৰ যত্ন সহকাৰে লালন পালন কৰাৰ বাসনা তেওঁৰ মনত উদয় হৈছিল ।এই অপূৰ্ণ
বাসনা মনত লৈয়ে তেওঁ দেহত্যাগ কৰিছিল।মানুহ হিচাপে জীৱ
জন্তুকে ধৰি জগতৰ সমস্ত আৰ্ত্ত আৰু দুৰ্দশাগ্ৰস্ত প্ৰাণীৰ প্ৰতি আমাৰ মনত দয়াভাৱ
থাকিব লাগে ।
ভাগৱতে কৈছে ইয়াত একো ভুল নাই ,বৰঞ্চ অত্যন্ত যত্ন আৰু আগ্ৰহ সহকাৰে এই সকলৰ
সেৱা কৰা উচিত । কেৱল তাকে কৰোতে যিকোনো প্ৰকাৰৰ আসক্তিৰ পৰা মুক্ত হৈ
থাকিব লাগে ।ইয়াৰ বিপৰীতে ভাৰতে কিন্তু মাতৃসুলভ আসক্তিৰ বশবৰ্ত্তী হৈ এটা
মাত্ৰ বিশেষ হৰিণ পোৱালীক লালন পালন কৰাৰ বাসনা কৰিছিল । হৰিণ মাতৃয়ে নিজৰ
পোৱালীৰ সমানে অন্য হৰিণৰ পোৱালীক স্নেহ নকৰে। গতিকে ভৰতৰ বাসনা
আছিল জন্তুসুলভ স্বাৰ্থপৰ বাসনা। মানুহৰ শৰীৰত থাকি এই বাসনা পূৰণ কৰা সম্ভৱ
নহয় ।
হৰিণ শিশুক ভৰতে ইচ্ছা কৰাৰ দৰে লালন পালন কৰাৰ বাবে হৰিণ শৰীৰধাৰী মাতৃ সবাতোকৈ
উপযুক্ত ।
আমাৰ আগৰ লিখনিত কৈ অহা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ পূৰ্বতে মনত বাঁহ লৈ থকা অতি
সাধাৰণ বাসনাও পূৰ্ণ হোৱাটো বাধ্যতামূলক । সেয়েহে মৃত্যুৰ সময়ত ভৰতৰ মনত ৰৈ যোৱা এই অপূৰ্ণ
বাসনাৰ ফলত এটা হৰিণৰ শৰীৰ লৈ পুনৰ্জন্ম লাভ কৰিবলৈ তেওঁ বাধ্য হৈছিল । (আগলৈ)
No comments:
Post a Comment