Tuesday 25 February 2020

Understanding Guru Harideva’s Approach Towards Unity-43 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৪৩)


Guru Harideva, tried to make us interested to proceed in the path of self realization through his teachings based on Bhagavata. Because,  once we start our journey in this path with true eagerness, all kinds of help automatically come to us under all circumstances. In case of Bharata also, such help came. So, after taking birth as an animal also, he was able to remember the mistake committed in his past life. He was repentant on his past mistake. He understood  that keeping company of a deer with attachment was the main cause of his downfall. So ,he carefully avoided any further mistake in that life. Time passed away and the animal body of Bharata ended .Next  time,  he was born in a brahmin family with memories of the past two lives. While dealing with outside world as a human being , speech and application of mind with intelligence is essential. If one can not speak and intelligence is not applied in dealing with others , then he is considered as mentally abnormal .Less number of people become interested to establish emotional relation with such people. In this birth, Bharat was a normal human being . But he used to behave like a dumb and deaf  mentally abnormal person to avoid emotional contact with outside world. Thus, he remained free from any kind of attachment. He was tortured by the human society in all possible extent. But Bharat did not show any reaction to anything that happened to him. Once some robbers apprehended him for sacrificing before the statue of Goddess they used to worship . Bharata did not object. Then he was prepared for the sacrifice by bath etc. Bharata did not show any reaction. Then he was asked to go to the place of sacrifice. Bharata obeyed their order without any reaction. Finally the head of the robber gang lifted his weapon to cut his neck. At that moment , the protective force came immediately in the form of the Goddess herself . The Goddess killed the robbers and saved his life. Thus, Bharata got all  helps  to complete his journey in the path of self realization. The details of the story is described in Bhagavata . (to be continued )             

ভাগৱত শাস্ত্ৰৰ আধাৰত প্ৰদান কৰা শিক্ষাৰ দ্বাৰা হৰিদেৱ গুৰুজনাই আমাক আত্মজ্ঞান লাভ কৰাৰ বাবে আগ্ৰহী কৰাৰ চেষ্টা কৰিছিল কাৰণ এবাৰ একান্ত আগ্ৰহ সহকাৰে এই পথত আগবাঢ়িলে পিছৰ পৰ্যায়ৰ যিকোনো পৰিস্থিতিতে সকলো প্ৰকাৰৰ সহায় নিজে নিজে আহে   ভৰতৰ বেলিকাও এনে সহায় আহিছিল সেই কাৰণে জন্তুৰ শৰীৰত জন্ম গ্ৰহণ কৰাৰ পিছতো পূৰ্ব জন্মত কৰা ভুলৰ কথা তেওঁৰ মনত আছিলতেওঁ সেই ভুলৰ বাবে অনুতাপ কৰিছিল তেওঁ বুজিব পাৰিছিল যে এটা হৰিণৰ সৈতে আসক্তিমূলক সম্পৰ্কই তেওঁৰ পতনৰ মূল কাৰণ্এই জন্মত যাতে নতুন একো ভুল নহয় তাৰ বাবে তেওঁ সদা সতৰ্ক আছিল এনেকৈয়ে সময় পাৰ হৈছিল আৰু এটা সময়ত ভৰতৰ হৰিণ শৰীৰ সমাপ্ত হৈছিল ইয়াৰ পিছত এটি  ব্ৰাহ্মণ পৰিয়ালত তেওঁৰ জন্ম হৈছিল এইবাৰো আগৰ দুটা জন্মৰ সকলো কথা তেওঁৰ মনত আছিল মানুহ হিচাপে বাহিৰৰ জগতৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰত বাক্য, মন আৰু বুদ্ধিক যথাযথভাৱে প্ৰয়োগ কৰাৰ প্ৰয়োজন হয়।যদি কোনো এজন মানুহে কথা নাপাতে আৰু অন্যান্য বিষয়ত কৰা আচাৰ আচৰণত মন আৰু বুদ্ধিৰ সঠিক প্ৰয়োগ নকৰে,তেন্তে তেওঁক মানসিক ভাৰসাম্যহীন বুলি গণ্য কৰা হয় এনে ব্যক্তিৰ সৈতে অতি কম সংখ্যক মানুহে আবেগিক সম্পৰ্ক স্থাপন কৰে এই জন্মত ভৰত মানসিক ভাৱে স্বাভাৱিক আছিল কিন্তু তেওঁ কলা বোবা আৰু মানসিক ভাৰসাম্যহীন মানুহৰ দৰে আচৰণ কৰিছিল কাৰো সৈতে কোনো প্ৰকাৰৰ আসক্তিমূলক সম্পৰ্ক যাতে স্থাপন নহয় তাৰ বাবে তেওঁ এনে আচৰণ কৰিছিল সেই কাৰণে তেওঁ সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে কৰা বিভিন্ন ধৰণৰ অত্যাচাৰ সহ্য কৰিব লগীয়া হৈছিল কিন্তু এইবিলাকৰ পৰা ভৰতৰ মনত কোনো প্ৰকাৰৰ প্ৰতিক্ৰিয়া উৎপন্ন হোৱা নাছিল এবাৰ এটা ডকাইতৰ দলে তেওঁলোকৰ উপাস্য দেৱীৰ সন্মুখত বলি দিয়াৰ বাবে ভৰতক ধৰি লৈ গৈছিলভৰতে বাধা দিয়া নাছিল তেওঁক গা পা ধুৱাই বলি দিয়াৰ বাবে প্ৰস্তুত কৰা হৈছিল ভৰতে একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল তাৰ পিছত তেওঁক বলিশাললৈ যাব দিয়া হৈছিল ভৰতে নিৰ্বিবাদে সেই আদেশ পালন কৰিছিল তাৰ পিছত ডকাইতৰ চৰ্দাৰে তেওঁৰ ডিঙি কাটিবৰ বাবে অস্ত্ৰ ডাঙিছিল সেই মুহুৰ্ত্ততে, সেই বিশেষ দেৱীৰ ৰূপত তেওঁৰ ৰক্ষাকাৰী শক্তিৰ আবিৰ্ভাৱ হৈছিল দেৱীয়ে ডকাইত বিলাকক বধ কৰি তেওঁৰ জীৱন ৰক্ষা কৰিছিল এনেদৰে  আত্মজ্ঞানৰ সাধনা সম্পূৰ্ণ কৰাৰ বাবে ভৰতে সকলো প্ৰকাৰৰ সহায় পাইছিল ভাগৱতত এই সকলো কথা বিতংভাৱে বৰ্ণনা কৰা হৈছে (আগলৈ)

No comments:

Post a Comment