Sunday, 9 February 2020

Understanding Guru Harideva’s Approach Towards Unity-35 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩৫)

We told in the preceding post that to understand the life and teachings of Guru Harideva , we should study the life stories of self realized persons described in Bhagavata .Each person with self realization has to enjoy the outcome of past deeds till their body of the present life is alive .Now the outcome of past deeds are different for each person since the past deeds were not same for all . So, the lifestyle and behavior of each self realized person also differs . Sukadeva got the knowledge of Bhagavata from his father Vyasdeva. Both of the father and son were self realized personalties .But the lifestyles of them were different. Vyaseva was a married person of matured age . He was well dressed as per Indian tradition of that time. He frequently attended the royal courts of the famous kings of his time . He was honored by all people at all places he visited. Even the most powerful kings of that time came down from the throne to greet him when he used to enter their royal courts. On the other hand, Sukadeva was a boy of young age .He was completely absorbed with spiritual thoughts. Because of that, he was not at all conscious of his body .He did not even feel it e necessary to wear a  piece of cloth at least to cover the private part of his body  .Sukadeva never visited any royal court . He was not interested to stay in one place for more time than the time required for milking a cow and used to roam around in the world according to his own free will . Nowhere he was greeted with due respect like his father Vyasadeva. People used to pass adverse comments and children used to throw dust on his naked body thinking him to be a mentally abnormal person. It is told in Bhagavata that all those happened due to differences in their past deeds and the consequent outcomes of those deeds .But one thing was common for both .Since both Sukadeva and Vyasadeva were self realized persons, they never reacted on those types of happiness and sorrow of their life like a common man.The life and teachings of Guru Harideva was based on such analysis of the knowledge contained in Bhagavata.(to be continued)

 ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছে যৈ হৰিদেৱ গুৰুজনাৰ জীৱন আৰু তেওঁ আমাক দি থৈ যোৱা শিক্ষাৰ তাৎপৰ্য  বুজিবলৈ হ’লে আমি ভাগৱতত বৰ্ণনা কৰা আত্মজ্ঞানী পুৰুষ সকলৰ জীৱন বৃত্তান্তসমুহ সঠিকভাৱে বুজাৰ প্ৰয়োজন ।সকলো আত্মজ্ঞানী পুৰুষে বৰ্ত্তমান শৰীৰত জীৱিত থকালৈকে আগৰ জন্মত কৰা কৰ্মসমুহৰ ফল ভোগ কৰিব লাগে । পূৰ্বৰ জন্মত সকলোৱে একে কৰ্ম বা একে ধৰণৰ আশা আকাংক্ষা কৰা নাছিল। গতিকে পৰৱৰ্ত্তী জন্মত সেইসমুহৰ পৰা লাভ কৰা ফলসমুহো একে হ’ব নোৱাৰে । সেয়েহে আত্মজ্ঞান লাভ কৰা প্ৰত্যেক ব্যক্তিৰ জীৱন ধাৰণৰ প্ৰণালী আৰু আচাৰ ব্যৱহাৰ পৃথক পৃথক হয় ।  শুকদেৱে  তেওঁৰ পিতা ব্যাসদেৱৰ পৰা ভাগৱত শাস্ত্ৰৰ জ্ঞান লাভ কৰিছিল। পিতা পুত্ৰ উভয়ে আত্মজ্ঞানী পুৰুষ আছিল ।কিন্তু দুয়োৰে জীৱন যাত্ৰাৰ প্ৰণালী আৰু আচাৰ আচৰণ  একে নাছিল । ব্যাসদেৱ আছিল পূৰ্ণ বয়স্ক বিবাহিত ব্যক্তি ।তেওঁ সেই কালৰ ৰুচি অনুযায়ী কাপোৰ কানি পৰিধান কৰিছিল ।তেওঁ সেই কালৰ বিখ্যাত ৰজাসকলৰ ৰাজসভালৈ সঘনে অহা যোৱা কৰিছিল । তেওঁ যি ঠাইলৈ গৈছিল তাতেই সকলোৰে পৰা মান সন্মান পাইছিল । আনকি সেই কালৰ অতি শক্তিশালী ৰজাসকলেও ৰাজ সভাত উপস্থিত হোৱা ব্যাসদেৱক আদৰি আনিবলৈ নিজৰ ৰাজসিংহাসনৰ পৰা নামি আহিছিল । আনহাতে ব্যাসদেৱৰ তুলনাত শুকদেৱ অতি কম বয়সৰ ল’ৰা আছিল । আত্মচিন্তাত তেওঁ সদায় সম্পূৰ্ণ মগ্ন হৈ আছিল্। নিজৰ এটা শৰীৰ আছে বুলি তেওঁ অনুভৱ কৰিব পৰা অৱস্থাত নাছিল । সেই কাৰণে কাপোৰ এখনেৰে শৰীৰ ঢাকি লজ্জা নিবাৰণ কৰাৰ প্ৰয়োজনীতাও তেওঁ অনুভৱ কৰা নাছিল  ।কেতিয়াও কোনো ৰাজসভালৈ তেওঁ যোৱা নাছিল । গাই এজনী খিৰাবৰ বাবে যিমান সময় লাগে তাতকৈ বেছি সময় কোনো এখন ঠাইতে থকাৰ বাবে তেওঁ আগ্ৰহী নাছিল । নিজৰ ইচ্ছামতে য’তে ত’তে ঘুৰি ফুৰিছিল । কাৰো পৰা আৰু কোনো ঠাইতে পিতৃ ব্যাসদেৱৰ দৰে আদৰ সম্ভাষণ তেওঁক জনোৱা হোৱা নাছিল ।মানুহে তেওঁৰ বিষয়ে কটু মন্তব্য কৰিছিল আৰু  বিভিন্ন ব্যক্তিয়ে মানসিক ভাৰসাম্য হেৰুওৱা ব্যক্তি বুলি ভাবি তেওঁৰ নাঙঠ শৰীৰলৈ ধুলি বালি দলিয়াইছিল ।ভাগৱতে কৈছে যে শুকদেৱ আৰু ব্যাসদেৱৰ দৰে আত্মজ্ঞানী ব্যক্তিৰ এনে ধৰণৰ সুখ দুখ ভোগৰ পাৰ্থক্য পূৰ্ৱৰ জন্মৰ অপূৰ্ণ আশা আকাঙ্ক্ষাৰ পাৰ্থক্য  অনুসৰি হৈছিল।কিন্তু এটা বিষয়ত দুয়োৰে স্থিতি  এক আছিল । আত্মজ্ঞানী পুৰুষ হোৱা হেতুকে উভয়ে এনে সুখ আৰু দুখত   সাধাৰণ মানুহৰ দৰে সুখী   বা  দুখী হোৱা নাছিল । হৰিদেৱ গুৰুজনাৰ জীৱন আৰু দৰ্শন বুজাৰ বাৱে ভাগৱত শাস্ত্ৰই দিয়া জ্ঞানৰ ওপৰোক্ত প্ৰকাৰৰ বিশ্লেষণৰ আৱশ্যক।(আগলৈ)

No comments:

Post a Comment