In continuation of our discussion of 9.2.20, on the life stories of self realized persons contained in Bhagavata, we can discuss the story of King Bharata. Through this story, Bhagavata tries to make us understand how a small unfulfilled desire of one birth can be the cause of rebirth and subsequent sufferings for even a man of higher knowledge. It is told in Bhagavata that. there was a famous emperor named Bharata ruling over the whole world. He performed the duties of an emperor with great devotion, strictly following the rules and regulations given in the scriptures. He considered those duties as way and means for attainment of self realization. People, in general thinks that, for spiritual achievements we should go to a temple or hermitage. We should forget everything about family responsibility, social responsibility and all other natural responsibilities pertaining to our birth. We should forget the duties to be performed, in connection with those responsibilities etc. But in Bhagavata it is told that, we should perform the duties connected with the worldly responsibilities with great devotion, without expectation of any return for it, as was done by King Bharata. This type of selfless service, reduces the accumulated outcome of our past deeds and thus gradually brings higher spiritual achievements. King Bharata followed this line of approach for higher spiritual achievements . With this type of spiritual practice , his mind was totally purified in due course of time . At his old age,he realized that the emperor-ship he attained as a result of his past deeds was a very small achievement. Attainment of self realization is far higher achievement than emperor-ship of even the entire universe . Realizing this truth, he renounced his emperor-ship along with all worldly relations . He went to deep forest for living a lonely life and put his full effort for realization of the self. (to be continued )
আমাৰ 9.2.20 তাৰিখৰ লিখনিত আত্মজ্ঞানী পুৰুষৰ বিষয়ে কিছু কথা কৈ অহা হৈছে । এই সম্পৰ্কত আমি ভাগৱতত বৰ্ণনা কৰা সম্ৰাট ভৰতৰ কাহিনী বিচাৰ কৰি চাব পাৰো । এই কাহিনীৰ দ্বাৰা ভাগৱতে এক জন্মৰ এটা মাত্ৰ অতি ক্ষুদ্ৰ অপূৰ্ণ বাসনাই কিদৰে পুনৰ্জন্ম আৰু তাৰ আনুষঙ্গিক দুখ যন্ত্ৰণাৰ মাজলৈ আমাক লৈ যাব পাৰে তাক বুজাই দিয়াৰ চেষ্টা কৰিছে । ভৰত নামৰ এজন বিখ্যাত সম্ৰাটে সমগ্ৰ পৃথিৱীৰ আধিপতি হৈ দেশ শাসন কৰিছিল। শাস্ত্ৰই দিয়া নীতি নিয়ম আখৰে আখৰে মানি তেওঁ অতি নিষ্ঠা সহকাৰে এজন সম্ৰাট হিচাপে কৰিব লগীয়া কামসমুহ কৰিছিল । নিষ্ঠা সহকাৰে প্ৰজাপালনৰ কৰ্ত্তব্য পালন কৰা কামকে তেওঁ আত্মজ্ঞান সাধনাৰ পথ আৰু উপায় হিচাপে গ্ৰহণ কৰিছিল ।সাধাৰণ মানুহে ভাৱে যে পাৰমাৰ্থিক সাধনাৰ বাবে ঘৰ গৃহস্থী ত্যাগ কৰি বনবাসী বা আশ্ৰমবাসী হ’ব লাগে ।সাংসাৰিক দায়িত্ব , সামাজিক দায়িত্ব তথা জন্ম সূত্ৰে আহি পৰা অন্যান্য দায়িত্বসমুহৰ কথা পাহৰি যাব লাগে । এই দ্বায়িত্ব সমুহৰ আনুষঙ্গিক হিচাপে যিবিলাক কাম কৰিব লগীয়া হয়, সেইবোৰ এৰাই চলিব লাগে ।কিন্তু ভাগৱতে কৈছে যে জাগতিক দায়িত্ব সমুহ পালন কৰাৰ বাবে যি কাম কৰিব লগীয়া হয় তাক সম্ৰাট ভৰতৰ দৰে একান্ত নিষ্ঠা সহকাৰে কৰা উচিত ।এই সেৱাৰ বিনিময়ত একো এটা পোৱাৰ আশা আকাংক্ষা কৰিব নালাগে । ইয়াৰ দ্বাৰা আমাৰ পূৰ্ৱৰ জন্মসমুহৰ অপূৰ্ণ আশা আকাংক্ষাৰ সঞ্চিত বৃহৎ ভাণ্ডাৰ ক্ৰ্মান্বয়ে সৰু হৈ আহে আৰু পাৰমাৰ্থিক প্ৰগতিৰ মাত্ৰা ক্ৰমান্বয়ে বাঢ়ি যায়।সম্ৰাট ভৰতে পাৰমাৰ্থিক প্ৰগতিৰ বাবে এই পথ বাছি লৈছিল । এই পথেৰে নিৰলস ভাৱে সাধনা কৰি থকাৰ ফলত এটা সময়ত ভৰতৰ মন সম্পূৰ্ণ শুদ্ধ হৈ পৰিছিল আৰু ভাগৱতৰ উপদেশসমুহ সম্পূৰ্ণ শুদ্ধ বুলি প্ৰমাণিত হৈছিল ।বৃদ্ধ অৱস্থাত তেওঁ স্পষ্টভাৱে বুজি পাইছিল যে পূৰ্বজন্মৰ বাসনাৰ ফলত তেওঁ লাভ কৰা বৃহৎ সাম্ৰাজ্যৰ অধিকাৰ অত্যন্ত নগণ্য প্ৰকাৰৰ প্ৰাপ্তি ।আত্মজ্ঞানৰ প্ৰাপ্তি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ অধিকাৰ লাভতকৈও অনেক উচ্চ খাপৰ প্ৰাপ্তি ।এই সত্য উপলব্ধি কৰাৰ পিছত এটা সময়ত সম্ৰাট ভৰতে নিজৰ বিশাল সাম্ৰাজ্য তথা আত্মীয় স্বজন সকলোকে ত্যাগ কৰি নিৰ্জন স্থানত অকলশৰে থাকি আত্মচিন্তা কৰাৰ সিদ্ধন্ত লৈছিল। তাৰ পিছত তেওঁ গভীৰ অৰণলৈ গৈ আত্মজ্ঞান লাভ কৰাৰ বাবে পূৰ্ণকালীন প্ৰচেষ্টা আৰম্ভ কৰিছিল । (আগলৈ )
No comments:
Post a Comment