We mentioned in our
preceding post that, Bharata was on the verge of self
realization through rigorous and devout penance. At that stage he had to face
downfall and was subjected to rebirth as a deer. Bhagavata tells us that though
he was bound to accept an animal body because of only one unfulfilled desire, he
was able to remember everything that happened in his previous life. We are not
able to remember everything that happened to us even yesterday. With this idea
in mind, it may be difficult to understand such thing by common people like us.
Now, scriptures assure us that once we gain something
positive in the direction of attainment of self realization, that is never
destroyed with destruction of the body. In the subsequent births we will get
scope to start our journey from the point where our journey towads self
realization stopped in the previous birth. This is true for common people like
us also. But in our case, such journey in
the spiritual path starts in connection with some sudden development in our
life. We can never imagine those developments beforehand .We are not able to
understand the root cause behind these types of sudden developments as because we
can not remember anything that happened in our earlier life. But the case of
Bharata was not like that. He was already on the verge of realization of the
self. There was only one small mistake on his part and that was creating resistance
in his path. Except that, he was totally free from desire and his mind was
completely purified. So, he was able to retain the memory of his past birth.
Bhagavata tells us that because of his past good deeds and rigorous penance, he
was granted this favor as per rules of spiritual field. It was a special facility
to make him able to analysis his past mistakes and thus to remain free from any
further mistake before realization of the self.(to be continued )
ইয়াৰ আগৰ
লিখনিটোত কৈ অহা হৈছে যে ভৰতে শুভ কৰ্মৰ যথাযথ সম্পাদন আৰু কঠোৰ তপস্যাৰ বলত আত্মজ্ঞান
লাভ কৰাৰ ঠিক আগৰ পৰ্যায়ত উপনীত হৈছিল । সেইখিনিতে পথভ্ৰষ্ট হোৱাৰ কাৰণে হৰিণৰ গৰ্ভত
জন্ম গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল । ভাগৱতে কৈছে যে এটা জন্তুৰ শৰীৰ গ্ৰহণ কৰাৰ পিছতো পূৰ্ব জন্মৰ
সকলো কথা তেওঁৰ মনত আছিল। কালিৰ দিনটোত কি কি ঘটিছিল তাকো সম্পূৰ্ণভাৱে মনত ৰখা আমাৰ
দৰে সাধাৰণ ব্যক্তিৰ বাবে সম্ভৱ নহয় । সেই কাৰণে জন্তুৰ শৰীৰ ধাৰণ কৰাৰ পিছতো পূৰ্বজন্মৰ
কথা মনত আছিল বুলি ক’লে আমাৰ বুজাত কিছু অসুবিধা হোৱাটো স্বাভাৱিক । এই সম্পৰ্কে
শাস্ত্ৰৰ যুক্তি কি তাক চোৱা প্ৰয়োজন ।শাস্ত্ৰত কোৱা হৈছে
যে পাৰমাৰ্থিক উন্নতিৰ পথত কিছুদূৰ আগবাঢ়ি যোৱাৰ পিছত অনেকৰে মৃত্যু হ’ব পাৰে
।
কিন্তু
মৃত্যুৰ কাৰণে বৰ্ত্তমান শৰীৰ নষ্ট হোৱাৰ ফলত সাধনাৰ যতি পৰিলেও এই দিশত আগতে কৰা
প্ৰগতিখিনি নষ্ট হৈ নাযায় । আগৰ জন্মত য’ত সমাপ্ত হৈছিল পিচৰ
জন্মত ঠিক তাৰ পৰাই পুনৰ উন্নতি আৰম্ভ হয় । শাস্ত্ৰৰ এই
আশ্বাস আমাৰ দৰে সাধাৰণ মানুহৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হয় ।কিন্তু
সাধাৰণ মানুহৰ বেলিকা পাৰমাৰ্থিক পথৰ যাত্ৰা নিজৰ অজ্ঞাতে আৰম্ভ হয় ।একো
আগতীয়া উমান নিদিয়াকৈ হঠাতে উদ্ভৱ হোৱা কোনো পৰিস্থিতিৰ ফলতহে আমাৰ পাৰমাৰ্থিক পথৰ যাত্ৰা আৰম্ভ হয় । যিহেতু আগৰ
জন্মৰ কোনো কথা আমাৰ মনত নাথাকে সেয়েহে হঠাতে উদ্ভৱ হোৱা এনে ধৰণৰ পৰিস্থিতিৰ মূল
কাৰণ কি তাক আমি বুজিব নোৱাৰো । কিন্তু ভৰতৰ ক্ষেত্ৰত কথা তেনেকুৱা নহয় । আগৰ জন্মত
সাধনা প্ৰায় সমাপ্ত হোৱাৰ ফলত তেওঁ আত্মজ্ঞান লাভ কৰাৰ উপযুক্ত পৰ্যায়ত উপনীত
হৈছিল ।কিন্তু আত্মজ্ঞান লাভ কৰাৰ আগ মুহুৰ্ত্তত কৰা এটা
সাধাৰণ ভুলৰ বাবেহে তেওঁৰ এই প্ৰাপ্তি বাধাগ্ৰস্ত হৈছিল । ইয়াত বাদে
তেওঁৰ মন সম্পূৰ্ণ বাসনামুক্ত আৰু নিৰ্মল আছিল । সেই কাৰণে
তেওঁৰ মনে পূৰ্ব জন্মৰ স্মৃতি ধৰি ৰাখিব পাৰিছিল। ভাগৱতে কৈছে
যে পূৰ্ব জন্মৰ শুভ কৰ্ম আৰু কঠোৰ তপস্যাৰ ফল স্বৰূপে পাৰমাৰ্থিক জগতৰ নিয়ম অনুসৰি
তেওঁক এই সুবিধা দিয়া হৈছিল। এই সুযোগ লাভ কৰাৰ বাবে পূৰ্বজন্মৰ ভুলৰ
স্মৃতি ৰোমন্থন কৰি পুনৰ কোনো ভুলৰ দ্বাৰা বিপথে পৰিচালিত নোহোৱাকৈ আত্মজ্ঞান লাভ
কৰাটো তেওঁৰ বাবে সহজ হৈ পৰিছিল। (আগলৈ)
No comments:
Post a Comment