Monday 17 February 2020

Understanding Guru Harideva’s Approach Towards Unity-39 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩৯)


We told in the preceding post that Bharat had to take rebirth in the body of a deer because of only one unfulfilled desire. In spite of that, he was able to retain memory of his past birth. We tried to understand this point with the help of scriptures in the previous post. We can also try to understand it with an analogy of modern time.In one office there are thousands of pending files to be disposed by one head of the office. Thousands of pending files contain thousands of problems to be settled. The chief of office use to come in time.Then files are brought to his table according to the priority fixed as per rule. In a single day, he may be able to settle problems contained in maximum five to six files. But again on the same day itself,numbers of new files with new problems are opened and accumulated with the earlier pending files. In this manner, the head of the office goes on working there for a long time. But then also, he is not  in a position to know the actual number of files pending with him, the subject matter of each and every pending file,the priority of each and every file etc . So his job is an unending process. Like wise, we desired so many things in the past life. For each desire, one file was opened. Thousands of such files remained pending since long due to non fulfillment of the concerned desires . Now, in this current life, we will dispose a small number of such pending files. But at the same time, we will go on desiring new things in this life also. So, another large number of new files will again be added with the earlier pending files . The priorities of the files will be decided by the nature and strength of our desires. Accordingly, files will be brought to us for disposal of the concerned desire through enjoyment of happiness and sorrow. We can not know how many files of desires are pending , what are their subject matter and priority etc. This is the condition with us and there is no end to this process. But in an office with only one pending file, the situation is not like that . There everything is clear in the mind of head of the office and so, the matter can be settled in a comfortable manner.The case of Bharata was like this . He was having only one pending file of desire and so he was able to remember everything about it and tried his best to dispose it. (to be continued )   
  
ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছে যে ভৰতে পূৰ্বজন্মৰ এটা মাত্ৰ অপূৰ্ণ বাসনাৰ ফল ভোগ কৰাৰ বাবে হৰিণৰ শৰীৰ গ্ৰহণ কৰি পুনৰ্জন্ম লাভ কৰিছিল তেনে অৱস্থাতো পূৰ্বজন্মৰ কথা তেওঁৰ মনত আছিল আগৰ লিখনিত শাস্ত্ৰৰ বক্তব্য অনুসৰি বিষয়টো বুজাৰ চেষ্টা কৰা হৈছে বৰ্ত্তমান কালৰ ব্যৱহাৰিক উপমাৰ দ্বাৰাও কথাখিনি চিন্তা কৰি চাব পাৰি এটা অফিচত হাজাৰ হাজাৰ ফাইল নিষ্পত্তি নোহৱাকৈ পৰি থাকে এই সমস্ত ফাইল নিষ্পত্তি কৰাৰ দায়িত্ব অফিচৰ বৰমূৰীয়া বিষয়াজনৰ ওপৰত ন্যস্ত থাকে হাজাৰ হাজাৰ ফাইলৰ মাধ্যমত হাজাৰ হাজাৰ সমস্যাৰ নিষ্পত্তি কৰা হয়মূল বিষয়াজন নিৰ্দিষ্ট সময়ত অফিচলৈ আহে তাৰ পিছত পূৰ্বনিৰ্দিষ্ট নিয়মমতে আৰোপ কৰা গুৰুত্বৰ ক্ৰম অনুসৰি ফাইল সমুহ তেওঁৰ সন্মুখলৈ অনা হয় এদিনত বিষয়াজনে বৰ বেছি পাঁচ ছটা ফাইলৰ সমস্যাৰ নিষ্পত্তি কৰে আনহাতে সেই একেটা দিনতে নতুন নতুন সমস্যাৰ কথা লিপিবদ্ধ কৰি পুনৰ কেইটামান নতুন ফাইল খোলা হয় এইসমুহ পূৰ্বৰ নিষ্পত্তি নোহোৱা ফাইলৰ লগত জমা হয় এই নিয়মেৰে মূল বিষয়াজনে বহুদিন ধৰি একেটা অফিচতে কাম কৰি থাকে কিন্তু তাৰ পিছতো তেওঁৰ অফিচত কিমান ফাইল নিষ্পত্তি নোহোৱাকৈ পৰি আছে , প্ৰত্যেক ফাইলৰ বিষয় বস্তু কি , কোন ফাইলে কিমান অগ্ৰাধিকাৰ পোৱা উচিত ইত্যাদি কথা তেওঁ নাজানে এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে তেওঁৰ কামটো এটা অন্তহীন প্ৰক্ৰিয়া মাথো একেদৰে পূৰ্বৰ জন্মসমুহত আমাৰ বহুতো আশা আকাংক্ষা আছিল প্ৰত্যেক বাসনাৰ বিপৰীতে একো একোটা ফাইল খোলা হৈছিল আগৰ জন্মত পূৰ্ণ নোহোৱা হেতুকে অসংখ্য অপূৰ্ণ বাসনাৰ ফাইল বহু যুগৰ পৰা অফিচৰ নিষ্পত্তি নোহোৱা ফাইলৰ দৰে জমা হৈ আছে এই জন্মত আমি তাৰে কেইটামান ফাইলৰ নিষ্পত্তি কৰিম কিন্তু তাৰ লগতে এই জন্মতো আমাৰ বহুতো নতুন আশা আকাংক্ষা থাকিব তাৰ ফলত আগৰ নিষ্পত্তি নোহোৱা ফাইলৰ সৈতে আৰু নতুন ফাইল যোগ হ আমাৰ বাসনাৰ প্ৰকাৰ আৰু তীব্ৰতা অনুসৰি ফাইল সমুহৰ অগ্ৰাধিকাৰ নিৰ্ণয় কৰা হ সেই অনুসৰি ফাইল আমাৰ ওচৰলৈ আহিব আৰু বাসনা অনুযায়ী সুখ বা দুখ ভোগ কৰি আমি সেই ফাইলৰ নিষ্পত্তি কৰিব লাগিব অপূৰ্ণ বাসনাৰ কিমান সংখ্যক ফাইল নিষ্পত্তি হবলৈ বাকী আছে, প্ৰত্যেক ফাইলৰ  বিষয় বস্তু কি , কি অগ্ৰাধিকাৰৰ ভিত্তিত ফাইল আমাৰ ওচৰলৈ আহিব ইত্যাদি কথা আমি নাজানো এয়ে আমাৰ দৰে সাধাৰণ লোকৰ অৱস্থা আৰু এই অৱস্থাৰ কোনো অন্ত নাই কিন্তু যি অফিচত এটা মাত্ৰ ফাইল নিষ্পত্তি নোহোৱাকৈ থাকে তাৰ কথা সুকীয়া তাৰ সকলো কথা অফিচৰ বৰমূৰীয়াজনৰ মনত স্পষ্টভাৱে থাকে আৰু অতি সোনকালে তাৰ ওপৰত ব্যৱস্থা লব পাৰে ভৰতৰ কথাও এনে ধৰণৰ তেওঁৰ বেলিকা এটা মাত্ৰ অপূৰ্ণ বাসনাৰ ফাইল নিষ্পত্তি হবলৈ বাকী আছিল আৰু  সেয়েহে ইয়াৰ বিষয়ে সকলোখিনি কথা তেওঁৰ মনত আছিল আৰু ইয়াৰ সমাধানৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰাত সুবিধা হৈছিল (আগলৈ)

No comments:

Post a Comment