Friday 21 February 2020

Understanding Guru Harideva’s Approach Towards Unity-41 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৪১)


Guru Harideva told us that unless we know ourselves, we can not know the ultimate truth. Our identity is not separate from the ultimate truth and realization of this fact is the meaning of self realization. We elaborated this in our post of 8.10.19 . Guru Harideva attained self realization through devotional study of Bhagavata and practical application of the knowledge contained there . He suggested the same way of approach for us also. Attainment of self realization is the ultimate goal  of the religious practice suggested by Guru Harideva. But, as a Guru, he was aware of the fact that common people like us, can not reach this goal in one lifetime. Bhagavata, cited examples of people  who attained self realization through rigorous practice of several life spans .Now ,if we sow seeds of paddy in the field , we see the seedlings within three four days . Then the seedlings grow day by day and we can harvest the paddy after three four months.  Here our works and the subsequent results are physically visible. But when we work for attainment of self realization, we are not able to see the results like that. Therefore, doubts arise in our mind regarding progress and achievements of our efforts. Question arises as, what will happen if we die after making some progress, but before attainment of self realization? Bhagavata tells that we need not worry about it. We will get scope to start in the next birth, from the point where we leave in this birth. Then further question arises as, what will happen  if we do something wrong in the middle of those two stages ? Bhagavata again comes to clear our doubt and assure us that after making sufficient progress if we face downfall due to some mistake, then also we need not worry. We will get all supports for correction of such mistakes and start our journey again from the earlier position. In Bhagavata these things are bought to our knowledge in an interesting way through the story of Bharata. Guru Harideva tod that common people like us also have right to attain self realization and suggested us to go through these examples cited in Bhagavata for our encouragement.(to be continued)

হৰিদেৱ গুৰুজনাই   কৈছে যে পৰম সত্য কি তাক জানিবৰ বাবে প্ৰথমে আত্মজ্ঞান লাভ কৰা প্ৰয়োজন আমাৰ প্ৰকৃত পৰিচয় পৰম সত্যৰ পৰা পৃথক নহয় আৰু এই জ্ঞানৰ উপলব্ধিয়ে আত্মজ্ঞান বা আত্মোপলব্ধি কথাখিনি আমাৰ ৮.১০.১৯ তাৰিখৰ লিখনিত বহলাই কোৱা হৈছে ভাগৱত শাস্ত্ৰৰ ভক্তিপূৰ্ণ গভীৰ অধ্যয়ন আৰু তাৰ পৰা উপলব্ধ জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ দ্বাৰা গুৰুজনাই আত্মজ্ঞান লাভ কৰিছিল সেই একে পথ তেওঁ আমাৰ বাবেও নিৰ্দেশ কৰি গৈছে আত্মজ্ঞান লাভ কৰাটো হৰিদেৱ গুৰুজনাৰ দ্বাৰা প্ৰচাৰিত ধৰ্মৰ মূল লক্ষ কিন্তু গুৰু হিচপে তেওঁ এই কথা বুজি পাইছিল যে এটা জন্মৰ সাধনা কালত এই লক্ষত উপনীত হোৱা আমাৰ দৰে সাধাৰণ লোকৰ বাবে সম্ভৱ নহয় ভাগৱতত এনে বহু ব্যক্তিৰ উদাহৰণ দিয়া হৈছে যিসকলে কেইবাটাও জন্মৰ কঠোৰ সাধনাৰ অন্তত আত্মজ্ঞান লাভ কৰিছিল এতিয়া কথা হৈছে আমি যদি পথাৰত ধানৰ সঁচ সিচি দিওঁ তেন্তে তিনি চাৰিদিন পিছত গজালি ওলায় গজালিবোৰ লাহে লাহে বাঢ়ি থাকে আৰু তিনি চাৰিমাহৰ ভিতৰ ধান চপাই ভৰাঁলত থব পাৰো এই ক্ষেত্ৰত কৰা কাম আৰু তাৰ পৰা উৎপন্ন ফল আমি নিজ চকুৰে দেখি থাকো কিন্তু আত্মজ্ঞান লাভ কৰাৰ বাবে কৰা কৰ্মৰ ফল তেনেদৰে প্ৰ্ত্যক্ষ কৰিব নোৱাৰি সেই কাৰণে এই ক্ষেত্ৰত কৰা কামৰ প্ৰগতি আৰু ফলাফল সম্পৰ্কত আমাৰ মনত সংশয় উৎপন্ন হয় প্ৰশ্ন উঠে যে সাধনাত কিছু অগ্ৰগতি লাভ কৰাৰ পিছত, কিন্তু আত্মজ্ঞান লাভ কৰাৰ পূৰ্বতে যদি আমাৰ মৃত্যু হয় , তেন্তে কি হ? ভাগৱতে কৈছে তেনে চিন্তাৰ প্ৰয়োজন নাই , এই জন্মত যিমানখিনি আগ বঢ়া হৈছিল পৰৱৰ্ত্তী জন্মত তাৰ পৰাই পুনৰ উন্নতি কৰাৰ সুবিধা দিয়া হ আকৌ প্ৰশ্ন উঠে যে এই দুই অৱস্থাৰ মাজত যদি নতুনকৈ কিবা ভুল কৰা হয় তেন্তে কি হ? ভাগৱতে পুনৰ আমাৰ সন্দেহ দূৰ কৰি কৈছে যে এবাৰ আত্মজ্ঞান লাভৰ পথত অগ্ৰসৰ হোৱাৰ পিছত কিবা ভুল কাম কৰাৰ বাবে আগৰ অৱস্থাৰ পৰা যদি  পতন হয়,  তেতিয়াও চিন্তা নাই কাৰণ তেনে ব্যক্তিক ভুল সংশোধন কৰি আগৰ স্থানৰ পৰা পুনৰ প্ৰগতি কৰাৰ বাবে সকলো প্ৰকাৰে সহায় কৰা হয় ভৰতৰ কাহিনীৰ মাধ্যমেদি ভাগৱতে সৰস ভাৱে এই জ্ঞান আমাক দিছে হৰিদেৱ গুৰুজনাই কৈছে যে আমাৰ দৰে সাধাৰণ লোকৰো আত্মজ্ঞান লাভ কৰাৰ অধিকাৰ আছে আৰু ভাগৱতৰ এই কাহিনীসমুহৰ জৰিয়তে দাঙি ধৰা উদাহৰণ সমুহ অধ্যয়্ন কৰি আমি নিজৰ মনোবল বৃদ্ধি কৰা উচিত(আগলৈ)

No comments:

Post a Comment