Friday 7 February 2020

Understanding Guru Harideva’s Approach Towards Unity-34 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩৪)

Though the main aim of Bhagavata is spiritual upliftment of people with little understanding capacity like us, it also contains advice for people with self realization. It is told here that after attaining self realization, people should wait peacefully till the end of his present body. He should accept equally whatever comes to him in the form of happiness or sorrow as a result of his past deeds. Those people with self realization may live within us as a member of our society. But while living as common man in the society also, those people strictly follow the advice of the scriptures to avoid further entry of desires into their mind. We may not be able to differentiate a people with self realization living in our society from another common people by seeing his body, dress and activities. Because all people are to enjoy the outcome of their past deeds and enjoy the happiness and sorrow of worldly life, in the same manner.The rules are not separate for people with spiritual knowledge and common man with little knowledge. So, the scriptures advise all common people not to pass any adverse comment or do anything adverse against anybody by simply seeing the external behavior expressed by him. This is because we may not properly understand the people with self realization living within us due to the difference in outlook towards worldly things. General people like us, react immediately if something happens in favor or against our interest and express our satisfaction or dissatisfaction through our words and action. But the same type of happening can never generate any reaction in the mind of people with self realization. We do our activities with calculation of profit and loss.But people with self realization do whatever is beneficial for other people. In their consideration, showing the path of self realization to common people is the only purpose of their living in this wolrd. Common people generally misunderstand those people and misbehave them for their uncommon life style.There are numbers of such example in Bhagavata. For proper understanding of life and teachings of Guru Harideva of mental exercise in this line is necessary. (to be continued)     


আমাৰ দৰে অল্পজ্ঞান সম্পন্ন লোকৰ পাৰমাৰ্থিক উন্নতি সাধন কৰাটোৱে ভাগৱত শাস্ত্ৰৰ মূল লক্ষ যদিও ইয়াত আত্মজ্ঞানী লোকৰ বাবেও উপদেশ সন্নিবিষ্ট কৰা হৈছে ইয়াত কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ পিছত আত্মজ্ঞানী পুৰুষে বৰ্ত্তমানৰ শৰীৰৰ আয়ুসকাল শেষ নোহোৱা পৰ্যন্ত শান্ত ভাৱে অপেক্ষা কৰা উচিত পূৰ্বৰ জন্মত কৰি অহা আশা আকাংক্ষা সমুহৰ ফল হিচাপে জীৱনলৈ আহি থকা সুখ আৰু দুখক সমানভাৱে গ্ৰহণ কৰা উচিত আত্মজ্ঞান সম্পন্ন পুৰুষ অমাৰ লগত আমাৰ সমাজতে বাস কৰি থাকিব পাৰে সমাজৰ মাজত সাধাৰণ ব্যক্তি হিচাপে বাস কৰি থাকিলেও তেনে লোকে মনত বাসনাৰ পুনৰ উদয় নহবৰ বাবে সকলো শাস্ত্ৰীয় নীতি নিৰ্দেশনা কঠোৰভাৱে পালন কৰে সমাজৰ মাজত সাধাৰণ লোকৰ দৰে বাস কৰি থকা আত্মজ্ঞানী পুৰুষক  বেশভূষা বা তেওঁলোকে কৰি থকা কাম চাই চিনাক্ত কৰা সম্ভৱ নহয় ইয়াৰ কাৰণ পূৰ্ৱ জন্মৰ অপূৰ্ণ আশা অকাংক্ষাৰ ফলত সাধাৰণ লোকে যিদৰে সংসাৰৰ সুখ দুখ ভোগ কৰে আত্মজ্ঞানী পুৰুষেও বৰ্ত্তমানৰ শৰীৰৰ আয়ুসকাল শেষ নোহোৱা পৰ্যন্ত সেই একে ধৰণে জাগতিক সুখ দুখ ভোগ কৰে ।এই বিষয়ত জ্ঞানী আৰু অজ্ঞানীৰ বাবে নিয়ম বেলেগ বেলেগ নহয় ।সেই কাৰণে শাস্ত্ৰত সাধাৰণ লোকক উপদেশ দি কোৱা হৈছে যে বাহ্যিক আচাৰ ব্যৱহাৰ দেখি কোনো লোকৰ বিষয়ে অশোভন মন্তব্য দিয়া বা তেনে লোকৰ অপকাৰ হব পৰা কোনো কাম কৰা উচিত নহয় ইয়াৰ কাৰণ হৈছে জাগতিক বস্তুৰ প্ৰতি লোৱা দৃষ্টিভঙ্গীৰ পাৰ্থক্য থকা হেতুকে আমি আমাৰ মাজত বাস কৰি থকা আত্মজ্ঞান সম্পন্ন পুৰুষক চিনি পোৱাত ভুল হয়   নিজৰ স্বাৰ্থৰ সৈতে সম্পৰ্কিত যিকোনো সৰু বৰ ঘটনাতে আমাৰ দৰে সাধাৰণ লোকৰ মনত প্ৰতিক্ৰিয়া হয় এনে প্ৰতিক্ৰিয়া আমাৰ বাক্য আৰু কৰ্মৰ মাজেদি প্ৰকাশিত হয় কিন্তু সেই একে প্ৰকাৰৰ ঘটনাই আত্মজ্ঞানী পুৰুষৰ মনত কোনো প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নোৱাৰে আমি আমাৰ কৰ্মসমুহ লাভ লোকচানৰ হিচাপ কৰি কৰো আত্মজ্ঞানী পুৰুষে তেনে লাভ লোকচানৰ বিচাৰ নকৰাকৈ কেৱল লোক কল্যাণৰ অৰ্থে কাম কৰে জনসাধাৰণক পাৰমাৰ্থিক শিক্ষা প্ৰদান কৰি আত্মজ্ঞান লাভ কৰাৰ শিক্ষা প্ৰদান কৰাটোকে তেওঁলোকে সংসাৰত জীৱন ধাৰণ কৰি থকাৰ একমাত্ৰ উদ্দেশ্য হিচাপে গণ্য কৰে সাধাৰণ মানুহে তেওঁলোকৰ এই আচৰণ সমুহ অস্বাভাৱিক বুলি ভাৱি তেওঁলোকৰ ওপৰত বিভিন্ন প্ৰকাৰৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায় ভাগৱতত এনে অনেক উদাহৰণ আছে হৰিদেৱ গুৰুজনাৰ দৰে আত্মজ্ঞানী পুৰুষৰ বিষয়ে সঠিক ভাৱে জানিবৰ বাবে কথাবোৰ এনে ধৰণে চিন্তা কৰাৰ প্ৰয়োজন হয় ।(আগলৈ)

No comments:

Post a Comment