In our post of 1.2.20 it was stated that, each and every desire of our past births is to be fulfilled or the accumulated stock of
such desires is to be totally destroyed for liberation from bondage of worldly
life . It is also told that unfulfilled desires of previous births become the source of happiness and sorrow in
later births . Now people desire to have
something to be happy only. Things which
brings sorrow are not at all desired by anybody. So , a question may arise as
how a desired thing may be the cause of sorrow after getting it ? In Bhagavata
this question is answered like this . In our childhood days we liked toys to
play with . We desired toys as gift from our father, mother and other relatives
and became happy if our desire is fulfilled . Now suppose one of our relatives brings some toys , which we demanded from him in the childhood days,
after fifteen years of placing the demand. At that time we will be a young man
studying in college . In that case can we be as happy as childhood days on fulfiment of the desire we made for happiness
fifteen years ago? One of our past enemy
may become our close friend due to
change of situation . We may desired his destruction when he was our bitter enemy
. Now, if his destruction comes as we desired earlier , can happiness come on
fulfillment of our past desire ? These are some of the examples of situations
which change the idea of happiness and sorrow during the time period of our
present life itself . Now from one birth to another, there is a huge time
gap and during this time, huge changes in
situations occurred in all respects. Not only that, we ourselves also assume
new body in each birth with different mental
set up . Hence fulfillment desires of past birth may create problem for us in
the present birth.with new body and new situations . Thus, though things are
desired in the past for happiness only, fulfillment of those past desires may not bring happinesss in future. So ,
Bhagavata encourages us to stop desiring anything of this world and suggested
the effective way of practice to train our mind in this line .The teachings of
Guru Harideva was based on such knowledge and teachings of Bhagavata . ( to be
continued )
আমাৰ ১.২.২০ তাৰিখৰ লিখনিত কোৱা হৈছে যে সংসাৰ বন্ধনৰ পৰা মুক্তি লাভ কৰাৰ বাবে আগৰ
জন্মসমুহত কৰি অহা প্ৰতিটো আশা আকাংক্ষাৰ পূৰণ হ’ব লাগে নাইবা সেই সমুহৰ সঞ্চিত
ভাণ্ডাৰ সম্পূৰ্ণৰূপে ধংস হ’ব লাগে।লগতে
ইয়াকো
কৈ অহা হৈছে যে পূৰ্বজন্মৰ অপূৰ্ণ আশা আকাংক্ষাসমুহৰ বাবে পিচৰ জন্মত সুখ বা দুখ ভোগ কৰিব লগীয়া হয় ।এতিয়া
কথা
হৈছে যে মানুহে সুখ পাবৰ বাবেহে কোনো বস্তু পাবলৈ আশা কৰে । দুখ কষ্ট দিব
পৰা একো বস্তু পাবৰ বাবে মানুহে আশা নকৰে।গতিকে ইয়াতে প্ৰশ্ন
উত্থাপন হ’ব পাৰে যে নিজে পাবলৈ আকাঙ্ক্ষা কৰা বস্তু পোৱাৰ পিছত মানুহ কিদৰে দুখী হ’ব পাৰে ? ভাগৱতত এই প্ৰশ্নৰ উত্তৰ
এনেদৰে দিয়া হৈছে ।
শিশু
অৱস্থাত আমি পুতলাৰ সৈতে খেলি আনন্দ পাইছিলো ।সেই
কাৰণে পিতৃ মাতৃ বা অত্মীয় স্বজনৰ পৰা উপহাৰ হিচাপে খেলনা পুতলা পাবলৈ আশা কৰিছিলো।
সেই আশা পূৰণ কৰি কোনোবাই পুতলা উপহাৰ দিলে আমি অতিশয় আনন্দ বোধ কৰিছিলো ।এতিয়া
ধৰা
হওক যে শিশু কালতে কোনোবা আত্মীয়ৰ পৰা দাবী কৰা পুতলা এটা সেই আত্মীয় ব্যক্তিজনে বিচৰাৰ
পোন্ধৰ বছৰৰ পিছ্ত আমাৰ হাতত দিলেহি । তেতিয়া হয়তো আমি কলেজত পঢ়ি থকা এজন যুবক । তেনে অৱস্থাত
আমি আগতে বিচৰা ধৰণে আকাঙ্ক্ষা পূৰণ হোৱা বাবে শিশু অৱস্থাৰ দৰে আনন্দিত হ’মনে? কোনোবা এজন ব্যক্তি আমাৰ দুৰ্ঘোৰ শত্ৰু আছিল ।কিবা
কাৰণত
পৰিস্থিতিৰ পৰিবৰ্ত্তন হোৱা হেতুকে তেওঁ আমাৰ পৰম মিত্ৰ হৈ পৰিল । দুৰ্ঘোৰ শত্ৰু
হৈ থকা অৱস্থাত আমি তেওঁৰ বিনাশ কামনা কৰিছিলো ।পৰম
মিত্ৰ
হোৱাৰ পিছত আমি পূৰ্বতে আশা কৰা ধৰণে সেই ব্যক্তি জনৰ হানি বিঘিনি হৈ আমাৰ আশা পূৰণ
হ’লে আমাৰ মনত সুখ উৎপন্ন হ’বনে ? এই বিলাক হৈছে আমাৰ বৰ্ত্তমান জীৱন কালৰ ভিতৰতে
সুখ আৰু দুখ সঙ্গা পৰিবৰ্ত্তন হোৱাৰ কেইটামান উদাহৰণ ।এতিয়া
এটা
জন্মৰ পৰা অন্য এটা জন্ম পৰ্যন্ত বহু সময়ৰ ব্যৱধান থাকে । এই ব্যৱধান কালত
পৰিবেশ পৰিস্থিতিৰ অনেক পৰিবৰ্ত্তন হয় |
অকল সেয়াই নহয় , আমি নিজেও নতুন শৰীৰত নতুন মানসিকতাৰ সৈতে এনে পৰিবৰ্ত্তন সমুহৰ সন্মুখীন
হ’ব লগীয়া হয় ।গতিকে সুখ লাভৰ বাবে অতীত কালৰ পৰিবেশ পৰিস্থিতি
অনুসৰি কৰা বাসনা সমুহৰ পৰা লাভ কৰা ফলে বৰ্ত্তমানৰ পৰিস্থিতিত আমাক সুখো দিব পাৰে
বা দুখো দিব পাৰে।সেই কাৰণে ভাগৱতে ইহ জগতৰ কোনো বস্তুকে সুখৰ আহিলাৰূপে
গণ্য কৰাৰ পৰা বিৰত থকাৰ উপদেশ দিছে আৰু লগতে কিদৰে এই কাম কৰিব পাৰি তাৰ ব্যৱহাৰিক
শিক্ষাও প্ৰদান কৰিছে । হৰিদেৱ গুৰুজনাৰ দ্বাৰা
প্ৰচাৰিত ধৰ্ম তথা তেওঁৰ ব্যক্তিগত জীৱনৰ ব্যৱহাৰিক দিশ ভাগৱতৰ এই জ্ঞান আৰু উপদেশৰ
ভিত্তিত প্ৰতিষ্ঠিত । (আগলৈ )
No comments:
Post a Comment