Sometimes, we are to
move a distance of five-six kilometers in dark night. Then we take a torchlight
in hand and start moving. The torch can not light the whole distance of five
kms from our starting point . But with our advancement with the torch in hand, the path goes on lightening.
In this way the torch is able to light the whole distance of five kms. Again
the whole distance of the road may not be equally smooth. Somewhere there may
be water logging, mud, thorn , uneven surface and so many other resistances in
the path. But everything is lighted by the torch in our hand. Thus we can safely
pass through the whole distance of five kms with a torch in our hand which can
light only a portion of two to three meters of the path. Our eagerness for
attainment of self realization is like a torchlight in our hand. Through the
story of Bharata, in Bhagavata, we learn that achievement in this direction,
however small it may be, is permanently deposited into our credit. Our
destination may be far away. But one step towards right direction is also
counted as an advancement only. Once we start proceeding in the path of self
realization with true eagerness, all types of help start coming. If we die
before attainment, this eagerness will show the scope to start again in the
next birth. If we commit mistake in between and take rebirth even as an animal
like Bharata, then also this eagerness will guide us to come out of that
problem and start our incomplete journey again. Even this eagerness may invite
some form of protective force to save our life, if necessity arise while travelling in the path of self
realization. This point we will discuss in the coming posts. Guru Hardeva told
that attainment of self realization should be the goal of human life. Once we
start moving in this path our real eagerness itself will show the path like a
torch light in our hand . (to be continued )
কেতিয়াবা আন্ধাৰ ৰাতি পাঁচ-ছয় কিলোমিটাৰ দূৰলৈ খোজ কাঢ়ি যোৱাৰ প্ৰয়োজন হয় । তেতিয়া হাতত টৰ্চ এটা লৈ আমি যাত্ৰা আৰম্ভ কৰো । যাত্ৰাৰ আৰম্ভণীৰ পৰা শেষ পযন্ত সম্পূৰ্ণ পাঁচ কিঃ মিঃ পথ টৰ্চটোৱে পোহৰ কৰিব নোৱাৰে ।কিন্তু টৰ্চটো হাতত লৈ আগ বাঢ়ি থাকিলে পথটোও পোহৰ হৈ গৈ থাকে । এই নিয়মেৰে টৰ্চটোৱে গোটেই পাঁচ কিঃমিঃ পথ পোহৰ কৰিব পাৰে ।আনহাতে যাত্ৰা কৰা পথছোৱা সমানে মসৃণ নাথাকে। পথত খলা বমা , পানীৰ ডোঙা , বোকা , কাইট ইত্যাদি বহুতো বাধা বিঘিনি থাকে । হাতত থকা টৰ্চৰ পোহৰত এই সকলোকে আমি দেখা পাওঁ।এনেদৰে মাত্ৰ দুই মিটাৰ পথ পোহৰ কৰিব পৰা এটা টৰ্চৰ পোহৰত আমি পাঁচ কিলোমিটাৰ পথ সুকলমে পাৰ হৈ যাব পাৰো । আত্মজ্ঞানৰ পথত মনৰ একান্ত আগ্ৰহ আমাৰ হাতত থকা এই টৰ্চ লাইটৰ দৰে। ভাগৱতত বৰ্ণনা কৰা ভৰতৰ কাহিনীৰ পৰা আমি জানিব পাৰো যে আত্মজ্ঞানৰ পথত লাভ কৰা সামান্য পৰিমাণৰ অগ্ৰগতিও আমাৰ বাবে এক স্থায়ী সম্পদ হিচাপে সঞ্চিত হৈ থাকে ।আমাৰ লক্ষস্থান বহু দূৰ হ’ব পাৰে কিন্তু সেই লক্ষৰ দিশত পেলোৱা এটা খোজকো অগ্ৰগতি বুলিয়ে ধৰা হয় । একান্ত আগ্ৰহ সহকাৰে আত্মজ্ঞান লাভৰ পথত অগ্ৰসৰ হোৱাৰ লগে লগে সকলো দিশৰ পৰা সহায় আহে ।আত্মজ্ঞান লাভ কৰাৰ আগতে শৰীৰ সমাপ্ত হ’লে পিছৰ জন্মত আগতে এৰা ঠাইৰ পৰা আৰম্ভ কৰাৰ পথ এই আগ্ৰহৰ ফলতে আমি দেখ পাওঁ । মাজতে কৰা কোনো ভুলৰ বাবে পতনৰ সন্মুখীন হৈ ভৰতৰ দৰে জন্তুৰ শৰীৰত জন্ম ল’ব লগা হ’লেও এই একান্ত আগ্ৰহৰ বলতে তেনে বিপদৰ পৰা মুক্ত হৈ পুনৰ আত্মজ্ঞানৰ পথত যাত্ৰা আৰম্ভ হ’য় । আনকি এই আগ্ৰহৰ ফলতে সাধনাৰ অগ্ৰগতি অব্যাহত ৰখাত সহায় কৰিবৰ বাবে মৃত্যুকো প্ৰতিৰোধ কৰিব পৰা শক্তিৰ আবিৰ্ভাৱ ঘটে। এই বিষয়ে আমি পৰবৰ্ত্তী লিখনিত আলোচনা কৰিম । হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান লাভ মনুষ্য জীৱনৰ মূল লক্ষ হোৱা উচিত আৰু এই বিষয়ত আগ্ৰহান্বিত হোৱাটো আমাৰ ফালৰ পৰা কৰিব লগা প্ৰাথমিক কৰ্ত্তব্য ।লক্ষৰ দিশত সঁচা আগ্ৰহেৰে আগবাঢ়িব খুজিলে সেই আগ্ৰহেই হাতত থকা টৰ্চ লাইটটোৰ দৰে পৰ্যায়ক্ৰমে পথ দেখুৱাই আমাক নিৰাপদে আগ বঢ়াই লৈ যায় । (আগলৈ)
No comments:
Post a Comment