It is told in our earlier
posts that, self realization attained through spiritual practice as per teachings of Bhagavata
makes us free from all desires.When new desires are not there , nothing will be
added in the stock of desires for enjoyment through future births. Moreover, it is also assured in Bhagavata that
once the self is realized, the accumulated huge stock of
desires of the past are destroyed immediately. So , we need not enjoy the
outcome of those , through repeated births and
deaths . For such people , the birth and death cycle stops as nothing will be
left pending for enjoyment in future births .The only thing left out for such
person is to enjoy the happiness and sorrow of the past deeds for which he
assumed the present body. Thus, after self realization and becoming free from
worldly bondage also, Guru Harideva was to live in this world and enjoy the happiness and
sorrow of worldly life , till the end of his current body. Bhagavata tries to
explain these things with analogy of our dream world. While in dream, we come into contact with so many desirable or undesirable things. These things
bring happiness or sorrow when we are dreaming . We may have most beloved
persons like wife and children in the dream world.We feel happy when they are living
a comfortable life. When they are in distress we become anxious . But all these
are happenings of dream world only . When we wake up , we can remember the wife and children we met in dream world . But
that is all. After awakening we never feel any attachment towards our wife and
children of dream world . Likewise, people with self realization are awake in
spiritual world . The worldly life, which we consider to be true , is a dream world for them . They are bound
to enjoy the happiness and sorrow of this world as outcome of past desires .
But they do so like things in dream world , without feeling of any attachment .
In Bhagavata these things are elaborated with practical life stories of such people for our easy understanding . (to be
continued)
আমাৰ আগৰ লিখনিত কোৱা হৈছে যে ভাগৱত শাস্ত্ৰৰ
নিৰ্দেশ মতে পাৰমাৰ্থিক সাধনা কৰি আত্মজ্ঞান লাভ কৰা ব্যক্তিৰ কোনো জাগতিক কামনা বাসনা
থাকিব নোৱাৰে । জাগতিক বাসনা ত্যাগ হোৱাৰ ফলত পিছৰ জন্মত ভোগ কৰিব
লগাকৈ তেওঁৰ বাসনাৰ ভাণ্ডাৰত নতুন কোনো বাসনা জমা নহয় ।তদুপৰি
ভাগৱতত ইয়াকো কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ লগে লগে আগৰ জন্ম সমুহত কৰা বাসনা
সমুহৰ সঞ্চিত বৃহৎ ভাণ্ডাৰ ধংসপ্ৰাপ্ত হয় । বাৰে বাৰে জন্ম
গ্ৰহণ কৰি সেই সঞ্চিত বাসনা সমুহৰ ফল ভোগ কৰাৰ বাধ্যবাধকতা নাথাকে ।গতিকে
আত্মজ্ঞানী পুৰুষে ভৱিষ্যতে জন্ম গ্ৰ্হণ কৰি ফল ভোগ কৰিব লগীয়াকৈ অৱশিষ্ট একো
বাসনা নাথাকে ।
তেনে
পুৰুষৰ বাবে জন্ম মৃত্যুৰ পাক চক্ৰ স্তব্ধ হয় ।কিন্তু
অতীত জন্মৰ যিবিলাক অপূৰ্ণ বাসনাৰ ফল ভোগ কৰাৰ বাবে বৰ্ত্তমানৰ শৰীৰত তেওঁ জন্ম
লাভ কৰিছে, সেই শৰীৰৰ আয়ুসকাল শেষ নোহোৱা
পৰ্যন্ত পূৰ্ৱৰ বাসনা অনুসৰি ইহ জগতৰ সুখ দুখ ভোগ কৰাৰ বাবে তেওঁ বাধ্য ।এই
বাধ্য বাধকতাৰ কাৰণেই ভাগৱত জ্ঞানৰ প্ৰত্যক্ষ অনুভূতি লাভ কৰি আত্মজ্ঞানী পুৰুষত পৰিণত
হোৱাৰ পিছতো হৰিদেৱ গুৰুজনাই জীৱনকাল শেষ নোহোৱালৈকে ইহ জগতত থাকি সাংসাৰিক সুখ
দুখ ভোগ কৰিছিল ।ভাগৱতে আমাৰ সপোন দেখি থকা অৱস্থাৰ লগত ৰিজনি কৰি এই কথা
বুজাবলৈ চেষ্টা কৰিছে । সপোন দেখি থকা অৱস্থাত আমি অনেক প্ৰকাৰৰ প্ৰিয় বা অপ্ৰিয়
বিষয় বস্তুৰ মুখামুখী হ’ব লগীয়া হয় । সেইবিলাকে আমাৰ মনত সুখ বা দুখ উৎপন্ন কৰে।কিন্তু
এই সুখ বা দুখ সপোন দেখি থকা সময়খিনিৰ বাবেহে স্থায়ী হয় ।সপোনত
আমি
পত্নী , পুত্ৰ ,কন্যাৰ সৈতে সংসাৰ কৰি থকা দেখিব পাৰো । তেওঁলোকৰ
সুখত আমি সুখী অনুভৱ কৰো ।তেওঁলোকে কষ্টত থকা
দেখিলে আমি উদ্বিগ্ন হওঁ । সপোন ভাঙি সাৰ পোৱাৰ পিছত সপোনত লগ পোৱা পত্নী
বা ল’ৰা ছোৱালী কেইটাৰ মুখৰ ছবি আমাৰ মনতো থাকিব পাৰে । কিন্তু কথা
সিমানতে অন্ত পৰে ।দিঠকলৈ অহাৰ পিছত সপোনৰ জগতত এৰি থৈ অহা পত্নী পুত্ৰ
কন্যাৰ প্ৰতি আমি কোনো প্ৰকাৰৰ আসক্তি বোধ নকৰো ।একেদৰে
হৰিদেৱ গুৰুজনাৰ দৰে আত্মজ্ঞানী পুৰুষৰ বাবে পাৰমাৰ্থিক জগতখন দিঠক আৰু সাংসাৰিক
জীৱনত কৰা সুখ দুখ ভোগ সপোনত ভোগ কৰা সুখ দুখৰ দৰে ।পূৰ্ৱজন্মৰ
সঞ্চিত বাসনাৰ ফলত তেনে আত্মজ্ঞানী মহাপুৰুষে বৰ্ত্তমানৰ শৰীৰত থাকি সংসাৰৰ সুখ দুখ ভোগ কৰিবলৈ
বাধ্য হয় ।কিন্তু তেওঁলোকে সপোনত দেখা বস্তুৰ দৰে আসক্তিহীন
ভাৱে সেই সুখ দুখক গ্ৰহণ কৰে । ভাগৱতত আত্মজ্ঞানী
পুৰুষৰ জীৱন কাহিনীৰ সহায়ত এই জ্ঞান আমাৰ বোধগম্য কৰাৰ চেষ্টা কৰা হৈছে ।(আগলৈ)
No comments:
Post a Comment