In Bhagavata it is
told that, for enjoyment of pleasure through natural instincts,human body is
not essential. Attraction for Food, sleep, protection of self interests and
procreation are expressions of natural instincts. We need not learn anything to
become interested to fulfill the demands of these natural instincts. Our nature
itself is always pulling us automatically towards that direction.In fact,
animal body is more suitable than human body for enjoyment of gratifications
through natural instincts. We can notice this practically. A dog eats the
rejected part of our food with more satisfaction than us. We are not able to
get that much satisfaction even with the best part of the same food we eat. For
enjoyment of deep sleep we need provision of good bed . good cloths , AC ,fan
and so many other items .Even after getting those provisions also, we can not
be sure about our sound sleep . On the other hand, an animal can enjoy sound
sleep lying anywhere and without any provision. For enjoyment of sensual
pleasure through contact with opposite gender, animals do not face as many
restriction as a human being.Moreover, animal can openly express its inherent
selfishness and do anything they need to protect their own interest. Human
being can not do like that. So , Bhagavata tell us that, human body is not
meant for enjoyment of pleasure through fulfillment of desires generated by
natural instincts. If we leave ourselves free in the hand of those instincts
and go on fulfilling the desires generated by those instincts,there will be no difference between human
beings and animals. The scriptural advises are meant for human being and for restrictive
control of those natural instincts. Bhagvata states that Bharata was able keep
himself away from the influences of those natural instincts even after taking
birth in the body of a deer. This was because of retention
of memories of the scriptural knowledge, he attained in
the past lives.(to be continued )
ভাগৱতত কোৱা
হৈছে স্বাভাৱিক প্ৰবৃত্তি পূৰণৰ দ্বাৰা আনন্দ উপভোগ কৰাৰ বাবে মানৱ দেহৰ প্ৰয়োজন
নাই ।
আহাৰ , নিদ্ৰা , নিজৰ স্বাৰ্থ ৰক্ষা আৰু বংশবৃদ্ধিৰ দ্বাৰা আনন্দ লাভৰ হাবিয়াস হৈছে স্বাভাৱিক
প্ৰবৃত্তিৰ প্ৰকাশ ।এই বিলাকৰ প্ৰতি আকৰ্ষিত
হ’বৰ বাবে কোনো ধৰণৰ শিক্ষা লাভ কৰাৰ প্ৰয়োজন নহয় । আমাৰ
অন্তৰ্নিহিত স্বভাৱে এইবিলাকৰ প্ৰতি আমাক অহৰহ আকৰ্ষণ কৰি থাকে ।প্ৰকৃতাৰ্থত স্বাভাৱিক প্ৰবৃত্তি পূৰণৰ মাধ্যমত আনন্দ লাভ
কৰাৰ বাবে মানৱ শৰীৰতকৈ জন্তুৰ শৰীৰ অধিক উপযোগী । দৈনন্দিন
জীৱনত আমি এই কথাৰ সত্যতা প্ৰত্যক্ষ কৰিব পাৰো । আমি খাদ্যৰ
যি অংশ খোৱাৰ উপযুক্ত নহয় বুলি পাতত এৰি থৈ আহোঁ , কুকুৰ এটাই সেই
উচ্ছিষ্ট পৰম তৃপ্তিৰে খায় । আমি বেয়া বুলি ভাৱি পাতত এৰি অহা খাদ্য খাই
কুকুৰ এটাই যিমান তৃপ্তি লাভ কৰে সেই একে খাদ্যৰে নিৰ্বাচিত ভাল অংশ খাইও আমি
সিমানখিনি তৃপ্তি নাপাওঁ । টোপনি মাৰিবৰ বাবে আমাক ভাল পৰিবেশ , ভাল
বিছনা , কাপোৰ-কানি , ফেন , এ.চি আদিৰ প্ৰয়োজন হয় । এই সুবিধাসমুহ পোৱাৰ পিছতো ভালদৰে টোপনি আহিব
নে নাই তাক আমি ক’ব নোৱাৰো ।কিন্তু জন্তু
এটাই য’তে ত’তে বাগৰি নিদ্ৰাসুখ উপভোগ কৰে ।বিপৰীত
লিঙ্গৰ সংঙ্গসুখ লাভ কৰাৰ ক্ষেত্ৰত মানুহৰ বাবে বহুতো বাধানিষেধ থাকে কিন্তু
জন্তুৰ ক্ষেত্ৰত নাথাকে । তদুপৰি জন্তুৱে খোলাখুলি ভাৱে নিজৰ স্বাৰ্থ
প্ৰকাশ কৰি তাক পূৰণ কৰাৰ বাবে যি ইচ্ছা তাকে কৰিব পাৰে । মানুহৰ
বেলিকা তেনে আচৰণ কৰা সম্ভৱ নহয় ।সেই কাৰণে ভাগৱতত কোৱা
হৈছে যে স্বাভাৱিক প্ৰবৃত্তি পূৰণ কৰাৰ বাবে ইচ্ছা নিজে নিজে জাগ্ৰত হয় আৰু সেই
ইচ্ছা পূৰণ হ’লে সুখ অনুভৱ হয়। কিন্তু মানৱ শৰীৰ তেনে প্ৰকাৰৰ সুখ ভোগ কৰাৰ
বাবে সৃষ্টি হোৱা নাই । মানুহে যদি এইবিলাক
স্বাভাৱিক প্ৰবৃত্তিৰ কৱলত নিজকে সমৰ্পণ কৰে আৰু প্ৰবৃত্তিয়ে যি ধৰণে বিচাৰে সেই ধৰণে ইচ্ছা পূৰণ কৰি থাকে, তেন্তে
মানুহ আৰু জন্তুৰ মাজত একো প্ৰভেদ নাথাকে।সেই কাৰণে শাস্ত্ৰৰ উপদেশ বিলাক কেৱল মানুহৰ
বাবে উপযোগী আৰু সকলো শাস্ত্ৰতে মানুহক এই স্বাভাৱিক প্ৰবৃত্তি সমুহ নিয়ন্ত্ৰণ
কৰাৰ বাবে উপদেশ আৰু উপায় দিয়া হৈছে । ভাগৱতত কোৱা
হৈছে যে জন্তুৰ শৰীৰ লৈ জন্ম গ্ৰহণ কৰাৰ পিছতো ভৰতে এই স্বভাৱিক প্ৰবৃত্তি সমুহৰ
প্ৰভাৱৰ পৰা নিজকে মুক্ত ৰাখিব পাৰিছিল । জন্তু শৰীৰৰ মাধ্যমতো পূৰ্বজন্মত লাভ কৰা শাস্ত্ৰ
জ্ঞানৰ স্মৃতি ধৰি ৰাখিব পৰাৰ কাৰণে এই
কাম সম্ভৱ হৈছিল ।
(আগলৈ)
No comments:
Post a Comment