Through the
story of Bharata ,Bhagavata teaches us that, only one ultimate truth is there as the driving force behind all bodies . Bharata was an emperor in
one life .Then he was born as an animal and after that the same Bharata took
rebirth as a human being in a Brahmin family . Bodily there were changes. But
the ultimate truth inside all those bodies was the same. This single driving
force or consciousness made all different types of bodies active in different
ways and at different times. The bodies of emperor Bharata , animal Bharata and
Brahmin Bharat were different . Those different bodies appeared at different times and
remained active for different time periods . But
one consciousness made all the bodies
active at all times . The religious
teachings of Guru Harideva is aimed to
make us understand this unity in diversities in the creation . This is
the ultimate truth beyond limit of time and space .Our body has got limitations.
Body has to remain confined in one place .Bodily we can not be present in two
places at a time . This is the limitation of space imposed on our body. Our
body can remain alive for a particular time period . Not a single body can
remain alive forever . Bodies of sun , moon , stars and even the body of
universe are destroyed with passage of time. This is the limitation imposed by
time on our body. But the driving force or consciousness in all bodies of all
places , all times and all nature and shape in the creation is one . Guru
Harideva tried to educate people through theses kinds of spiritual education based
on his profound knowledge contained in Bhagavata. (to be continued )
ভাগৱতত বৰ্ণনা কৰা
ভৰতৰ কাহিনীৰ জৰিয়তে আমাক শিকোৱা হৈছে যে সকলোৰে ভিতৰত এক একক পৰম সত্য মূল চালিকা
শক্তি হিচাপে আছে । ভৰত পৃথিৱীৰ একছত্ৰী সম্ৰাট আছিল ।
তেৱেঁ পিছত এটা পশু হিচাপে জন্ম গ্ৰহণ কৰিছিল আৰু তাৰ পিছত সেই একেজন ভৰতে মানুহ
হিচাপে এটা ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল।
এই
শৰীৰ সমুহৰ আকৃতি আৰু প্ৰকৃতি বেলেগ বেলেগ আছিল । কিন্তু প্ৰত্যেক
শৰীৰতে এক পৰম সত্য মূল চালিকা শক্তি বা চেতনা ৰূপে অৱস্থান কৰি শৰীৰ সমুহক বেলেগ বেলেগ ধৰণে কাৰ্যক্ষম কৰিছিল ।
পৃথিৱীৰ অধিপতি সম্ৰাট ভৰত , জন্তু ভৰত আৰু
ব্ৰাহ্মণ ভৰতৰ শৰীৰ পৃথক পৃথক।এই
শৰীৰসমুহ বেলেগ বেলেগ সময়ত আবিৰ্ভুত হৈছিল আৰু বেলেগ বেলেগ কাল জুৰি কাৰ্যক্ষম হৈ
আছিল । কিন্তু এই শৰীৰ সমুহ কাৰ্যক্ষম কৰি ৰখা চেতনা সকলো শৰীৰ আৰু
সকলো সময়তে এক । সৃষ্টিৰ বিবিধতাৰ অন্তৰালত থকা এই একতাৰ জ্ঞান জনসাধাৰণক বুজাই
দিয়াটো হৰিদেৱ গুৰুজনাৰ দ্বাৰা প্ৰচাৰিত ধৰ্মীয় শিক্ষাৰ মূল লক্ষ ।
এই চেতনাই হৈছে দেশ কালৰ উৰ্দ্ধত থকা একমাত্ৰ
পৰম সত্য ।আমাৰ শৰীৰৰ সীমাবদ্ধতা
আছে।শৰীৰ
এক নিৰ্দিষ্ট স্থানৰ ভিতৰত আৱদ্ধ হৈ থাকিব লাগে ।এটা শৰীৰ একে
সময়ত দুটা স্থানত উপস্থিত থাকিব নোৱাৰে । ই শৰীৰ ওপৰত থকা দেশৰ সীমাৱদ্ধতা । নিৰ্দিষ্ট
আয়ুস কালৰ বাবে এটা শৰীৰ চলি থাকে । কোনো শৰীৰ অনন্ত কাল ধৰি জীয়াই থাকিব নোৱাৰে । চন্দ্ৰ,
সূৰ্য, গ্ৰহ, নক্ষত্ৰ আৰু আনকি বিশ্ব
ব্ৰহ্মাণ্ডৰ শৰীৰো কালৰ গতিত অন্ত হয় ।ই
আমাৰ শৰীৰৰ ওপৰত থকা কালৰ সীমাবদ্ধতা । কিন্তু সকলো স্থানৰ, সকলো
সময়ৰ , সকলো আকৃতি প্ৰকৃতিৰ শৰীৰৰে মূল চালিকা শক্তি বা
চৈতন্য এক।হৰিদেৱ
গুৰুজনাই ভাগৱত শাস্ত্ৰ জ্ঞানৰ আধাৰত জনসাধাৰণক এই ধৰণৰ পাৰমাৰ্থিক জ্ঞান প্ৰদান কৰিছিল
।(আগলৈ)
No comments:
Post a Comment