Thursday 30 January 2020

Understanding Guru Harideva’s Approach Towards Unity-30 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩০)


We discussed in our post of 28.1.20 that, Guru Harideva was a person with self realization and was free from bondage of worldly life . We also discussed in the earlier posts that Guru Harideva was living in the society . He established a Satra at Bahari to spread his teachings based on Bhagavata for the benefit of common people .He trained up totally uneducated people with past criminal history to conduct the activities of his Satra . He  decided to leave his fist Satra at Bahari for providing better social and religious service to people . He designed an unique system of management for the Satra at Bahari through joint responsibility of a group  of people . Moreover he entered into married  life and brought up children with love and care like a common house holder. Now a question may arise as how a self realized person free from worldly bondage like Guru Harideva, can be involved in such worldly activities like a common man? The answer is in Bhagavata itself . It is told that general people like us, has got unlimited desires . Our mind desires  to have unlimited property  , money ,social respect  and so many other things which can satisfy the mind. We work hard to get too  much of these things. But our hopes go on increasing to such an extent that these can never be fulfilled as desired by the mind. These unfulfilled desires remain deposited inside the mind . In our society ,the thoughts inside the mind  are not counted as action . We may think of killing a man . But till we do not do anything  practically in this line, no punishment will be invited from the court  of law.  But laws applied in  the world of spirituality is not like that . Here whatever we think  inside the mind is counted as mental action and reward or punishment  as applicable will definitely come for that. No authority is necessary for implementation of the reward or punishment here. These will automatically come today or tomorrow. Now Bhagavata tells that this tomorrow may be the day after today  or next life or next to next life and so on. We are bound  to enjoy happiness or sorrow for our actions and this may come at any time .This is called the bondage of worldly life  . (to be continued)


আমাৰ ২৮.১.২০ তাৰিখৰ লিখনিত কোৱা হৈছে যে হৰিদেৱ গুৰুজনা আত্মজ্ঞানী আৰু  মুক্ত পুৰুষ আছিল আকৌ ইয়াৰ আগৰ কেইটামান লিখনিত কোৱা হৈছে যে গুৰুজনাই সামাজিক জীৱন যাপন কৰিছিল তেওঁ ভাগৱত শাস্ত্ৰৰ আধাৰত জনসাধাৰণক শুদ্ধ ধৰ্মপথেৰে পৰিচালনা কৰিবলৈ বহৰিত সত্ৰ স্থাপন কৰিছিল কেইজনমান দস্যু প্ৰকৃতিৰ অশিক্ষিত লোকক সত্ৰ্ৰ্ৰ্ৰৰ কাম কাজ পৰিচালনা কৰিব পৰাকৈ প্ৰশিক্ষিত কৰিছিলনিজৰ ধৰ্মীয় আৰু সামাজিক সেৱামূলক কাৰ্যৰ পৰিসৰ  বিস্তৃত কৰাৰ অৰ্থে বহৰি ত্যাগ কৰাৰ সিদ্ধান্ত লৈছি যৌথ দায়িত্বত বহৰি সত্ৰ পৰিচালনা কৰাৰ ব্যৱস্থা কৰি ধৰ্মানুষ্ঠান পৰিচালনাৰ নতুন পদ্ধতি প্ৰচলন কৰিছিল তদুপৰি বৈৱাহিক জীৱনত প্ৰৱেশ কৰি সাধাৰণ সংসাৰী লোকৰ দৰে স্নেহ আৰু যত্নেৰে পত্নী , পুত্ৰ,  কন্যাৰ লালন পালন কৰিছিল এতিয়া প্ৰশ্ন হব পাৰে যে হৰিদেৱ গুৰুজনাৰ দৰে আত্মজ্ঞানী আৰু সংসাৰ বন্ধনৰ পৰা মুক্ত লোকে কিদৰে এনেবোৰ সাংসাৰিক কৰ্মত লিপ্ত হব পাৰে ? এই প্ৰশ্নৰ উত্তৰ ভাগৱততে আছে ইয়াত কোৱা হৈছে যে আমাৰ দৰে সাধাৰণ মানুহৰ মনে সীমাহীন সা-সম্পত্তি , টকা-পইচা, সামাজিক সন্মান ইত্যাদিৰ  লগতে মনক সন্তুষ্ট কৰিব পৰা যিকোনো প্ৰকাৰৰ বিষয় বস্তু পোৱাৰ আকাংক্ষা কৰে এইবিলাক পাবলৈ আমি কঠোৰ পৰিশ্ৰম কৰো কিন্তু আমাৰ বাসনাসমুহ ক্ৰমান্ব্য়ে বাঢ়ি গৈ থাকে আৰু আশা আকাংক্ষাসমুহ কেতিয়াও মনক সন্তুষ্ট কৰিব পৰাকৈ পূৰ্ণ নহয় অপূৰ্ণ বাসনাবিলাক মনৰ ভিতৰতে সঞ্চিত হৈ থাকি যায় আমাৰ সমাজ ব্যৱস্থাত মনৰ ভিতৰত থকা ভাৱনাক কাৰ্য বুলি ধৰা নহয় আমি মনে মনে কোনো এজন লোকক মাৰি পেলোৱাৰ কথা ভাৱি থাকিব পাৰো কিন্তু যেতিয়ালৈকে এই ভাৱ অনুসৰি আন মানুহে বুজিব পৰা ধৰণে একো কাম কৰা নহয়,  তেতিয়ালৈকে আইনে একো শাস্তি দিব নোৱাৰে কিন্তু পাৰমাৰ্থিক জগতৰ আইন তেনে নহয় ইয়াত আমি মনে মনে কৰা প্ৰত্যেকটো শুভ বা অশুভ চিন্তা ভাৱনাও মানসিক কৰ্ম হিচাপে গণ্য হয় আৰু সেই অনুসৰি সুখ বা দুখ ভোগ হয় আকৌ আমাৰ সমাজৰ দৰে ইয়াত আইন বলৱত কৰাৰ বাবে কোনো আদালত বা পুলিচৰো ব্যৱস্থা নাই আজিয়ে হওক বা কাইলৈ হওক, কৰ্ম অনুসৰি সুখ বা দুখ নিজে নিজে আহে ভাগৱতে কৈছে যে এই কাইলৈটো আজিৰ পিছদিনাও হ্ব পাৰে , এই জন্মৰ পিছৰ জন্মও হ্ব পাৰে অথবা তাৰ অনেক জন্মৰ পিছৰ কোনো এটা জন্মও হব পাৰে কিন্তু যি সময়তে নহওক কিয়, কৰ্ম অনুসৰি ফল ভোগ কৰাৰ বাবে আমি বাধ্য আৰু এয়ে সংসাৰ বন্ধন ।(আগলৈ)

No comments:

Post a Comment