In Bhagavata it is
told that when people used to live in a society without guidance from genuine vedic
teacher, they come under the influence of so many harmful and unnecessary
rituals framed by unscrupulous people for their own ill interest . This is explained with a nice analogy for our easy understanding. In Bhagavata it is told that during night of rainy season, when the sky is
cloudy, people cannot see the moon and the stars .Then a huge number fireflies
demonstrate their light. People who forget the availability of moon and star
because of their temporary absence in the sky , consider those fireflies as the
only source of light available in the deep darkness. Likewise in the absence of
genuine vedic teachers in the society to keep the people aware of the vedic
knowledge,ill minded people get scope to float so many false spiritual ideas . General people also consider these ideas as useful
because of the absence of proper guidance from genuine teachers with true knowledge
of vedic culture and rituals. In Bhagavata it is also told that due to heavy rain
pour in rainy season, the embankments , roads , pools etc are washed away by
the force of flood water. Likewise, the
misleading propaganda conducted by the unscrupulous people in the name of
spirituality become strong enough to break down the genuine vedic system of
religious practice in the absence of competent teachers with true vedic
knowledge in the society. These observations, as explained in Bhagavata, was
true in case of 15th century Assam, that is, at the time of arrival
of Guru Harideva at Bahari. That was because of the non availability of
sufficient numbers of competent teacher with true vedic knowledge. At that time
people used to worship demigods and goddesses of different names and forms. Odd
practices of all forms including oblation of animals and even human being were
encouraged in the name of religion. There were frequent unrests amongst the
followers of different gods and goddesses .People of different groups used to
fight with each other to establish the superiority of
their own gods and goddesses. The religious practice suggested by Guru Harideva
was based on true vedic principles and knowledge of Bhagavata. So, naturally, Guru Harideva was to face the adversities
prevailed in the society after establishment of his first Satra at Bahari.(to
be continued )
ভাগৱতত কোৱা হৈছে যে
সমাজত যেতিয়া শুদ্ধ বৈদিক জ্ঞান সম্পন্ন শিক্ষকৰ অভাৱ হয় তেতিয়া দুষ্ট প্ৰকৃতিৰ
লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নানা
প্ৰকাৰৰ অপকাৰী আৰু অপ্ৰয়োজনীয় ধৰ্মীয় আচাৰ আচৰণৰ প্ৰচলন কৰে ।
শুদ্ধ পথ দেখুওৱা লোকৰ অভাৱত সাধাৰণ লোকে এই সমুহকে প্ৰকৃত পথ বুলি ভাৱি ইয়াৰ দ্বাৰা
প্ৰভাৱিত হয়। ভাগৱত শাস্ত্ৰত সুন্দৰ উপমাৰ দ্বাৰা কথাখিনি
আমাক বুজাই দিয়াৰ চেষ্টা কৰা হৈছে । বাৰিষা কালৰ ৰাতি
আকাশ ডাৱৰে ঢাকি ৰাখিলে চন্দ্ৰ আৰু তৰাবিলাক মানুহে দেখা নাপায়।
তেনে অৱস্থাত অসংখ্য জোনাকী পৰুৱাৰ উপস্থিতি স্পষ্টভাৱে প্ৰকাশ পায় ।
সেই সময়ত চন্দ্ৰ তৰাৰ অস্তিত্বৰ বিষয়ে পাহৰি যোৱা মানুহে জোনাকী পৰুৱাবোৰকে
অন্ধকাৰৰ মাজত পথ দেখুৱাৱ পৰা পোহৰৰ উৎস বুলি ভাৱে । একেদৰে সমাজত শুদ্ধ বৈদিক জ্ঞানৰ পোহৰেৰে সঠিক পথ
দেখুৱাব পৰা উপযুক্ত শিক্ষকৰ অভাৱ হ’লে দুষ্ট লোকে নিজৰ অভিসন্ধি
পূৰণৰ বাবে প্ৰচলন কৰা মতবাদ আৰু ভ্ৰান্ত ধৰ্মীয় আচাৰ আচৰণ সমুহকে সাধাৰণ মানুহে সত্য
বুলি ভাৱে । ভাগৱতত আৰু কোৱা হৈছে যে বৰ্ষা কালত হোৱা
অবিৰাম প্ৰবল বৰষুণৰ ফলত নদীবান্ধ ,
পথৰ সেতু , শস্যক্ষেত্ৰৰ সীমা নিৰ্দেশক আলি প্ৰভৃতি সমস্তই পানীৰ সোতত
ভাঙি যায় ।
সেইদৰে সত্য পথ প্ৰদৰ্শনৰ
বাবে সমাজত উপযুক্ত বৈদিক জ্ঞান সম্পন্ন শিক্ষকৰ অভাৱ হ,লে পাষণ্ড মতাৱলম্বী লোকসকলৰ নানাৰকম ভ্ৰান্ত আৰু অসত পথৰ
প্ৰেৰণাদায়ী মতবাদ অধিক বলশালী হয়। তাৰ ফলত
বেদশাস্ত্ৰ প্ৰতিপাদিত ধৰ্মপথৰ মৰ্যাদা লঙ্ঘিত হয় । খৃষ্টীয় পোন্ধৰ শতিকাৰ অসমৰ ক্ষেত্ৰত
অৰ্থাত হৰিদেৱ গুৰুজনা অসমলৈ অহাৰ সময়ত ভাগৱত শাস্ত্ৰৰ এই সত্যদৰ্শন অনুসৰি সমাজ
চলি আছিল ।
দীৰ্ঘকাল ধৰি সমাজক শুদ্ধ আধ্যাত্মিক পথ দেখুওৱাৰ
বাবে পৰ্যাপ্ত সংখ্যক শুদ্ধ বেদজ্ঞান
সম্পন্ন শিক্ষকৰ অভাৱ চলি থকাৰ বাবে সেই সময়ৰ অসমত
ধৰ্মৰ নামত বিভিন্ন নাম আৰু ৰূপধাৰী দেৱী দেৱতাৰ পূজা অৰ্চনা প্ৰচলিত আছিল । ধৰ্মৰ নামত অসংখ্য পশুবলি
দিয়া হৈছিল্। আনকি নৰবলিৰ দৰে নিৰ্দয় আচাৰ অনুষ্ঠানৰো প্ৰচলন আছিল ।বিভিন্ন
দেৱী দেৱতাৰ উপাসক সকলে নিজ নিজ উপাস্য দেৱী দেৱতাৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰাৰ
অৰ্থে কাজিয়া পেচালত লিপ্ত হৈ অশান্তিৰ সৃষ্টি কৰিছিল। হৰিদেৱ গুৰুজনাৰ ধৰ্ম আছিল ভাগৱত শাস্ত্ৰৰ ওপৰত
আধাৰিত শুদ্ধ বৈদিক ধৰ্ম । গতিকে স্বাভাৱিকতে
বহৰিত প্ৰথম সত্ৰখন স্থাপন কৰাৰ পিছত হৰিদেৱ গুৰুজনাই সমাজত আগৰে পৰা চলি থকা ভ্ৰান্তিপূৰ্ণ
ধৰ্মৰ বিৰোধিতাৰ মুখামুখী হোৱাৰ পৰা মুক্ত থকা সম্ভৱ নাছিল । (আগলৈ)
No comments:
Post a Comment