We discussed the
problems faced by Guru Hardeva after establishment of his first Satra at Bahari
in the preceding posts. The religious philosophy of Guru Harideva was based on
the teachings of Bhagavata, that is, the realization of the ultimate truth by
practice of devotional services as suggested in Bhagavata. But people assembled at
Bahari for permanent settlement after establishment of the
Satra there, were accustomed with different types religious practices as they
learnt in their earlier places of residence . Motivating all those people to
bring into one fold of religious faith under the Satra was a big challenge.But Guru
Harideva was a great personality with intuitive experience on Bhagavata. His spiritual
knowledge and self realization
was fully reflected in his practical life . People may have knowledge of so
many things . But knowledge without realization can not be applied in practical
life.Without practical application, knowledge carries no meaning in spiritual
field.
Scripture explains this point with an analogy
like this . There may be a mango tree on the bank of a pond . There may be ripen
and sweet mangoes on the topmost branch of the tree .We may see the image of
the tree with the ripen mangoes in the water of the pond. But unless we
practically do something to bring the actual mangoes into our hand, the knowledge
obtained by seeing the image in the water of the pond is practically useless.
We cannot get the taste of mangoes with this knowledge. Most of the people
like us have this type of spiritual knowledge . As there is no realization of
the knowledge obtained through scriptures , we are unable to apply those
knowledge in our day to day life for higher spiritual achievements .But this was not the case with Guru
Harideva . So he was totally free from all kinds of duaities. In Bhagavata it
is told that such person consider his friends and enemies equally and work for
the benefit of both without expectation of anything in return . With this type
of thought in mind Guru Harideva decided his next step of action. (to be continued)
ইয়াৰ
আগৰ কেইটামান লিখনিত আমি হৰিদেৱ গুৰুজনাই বহৰিত সত্ৰ স্থাপন কৰাৰ পিছত সন্মুখীন
হোৱা সমস্যাসমুহৰ বিষয়ে আলোচনা কৰি আহিছো ।
হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰত উল্লেখিত
দৰ্শনৰ আধাৰত ধৰ্ম প্ৰচাৰ কৰাৰ বাবে বহৰিত সত্ৰখন পাতিছিল । অৰ্থাৎ
ভাগৱতৰ নিৰ্দেশ অনুসৰি ভক্তি আচৰণৰ জৰিয়তে পৰম সত্যৰ অনুসন্ধান কৰাই আছিল গুৰুজনাৰ
ধৰ্মৰ ব্যৱহাৰিক দিশ ।কিন্তু
বিভিন্ন স্থানৰ পৰা বহৰিত বসবাস কৰিবলৈ অহা
লোক সকল আছিল পূৰ্বৰ নিজ নিজ স্থানত প্ৰচলিত বিশ্বাস আৰু পৰম্পৰা অনুসৰি ধৰ্মীয় আচাৰ
আচৰণ পালন কৰাত অভ্যস্ত ব্যক্তি।এই
সকল ব্যক্তিক সত্ৰৰ প্ৰচলিত নীতি নিয়ম অনুসৰি ধৰ্মবিশ্বাসৰ অধীনলৈ অনাটো আছিল এক ডাঙৰ
প্ৰত্যাহ্বান ।কিন্তু হৰিদেৱ গুৰুজনা আছিল
ভাগৱত শাস্ত্ৰৰ অপৰোক্ষ জ্ঞান প্ৰাপ্ত পূৰ্ণ তত্বজ্ঞ আৰু জীৱন্মুক্ত পুৰুষ । নিজৰ তাত্বিক জ্ঞান আৰু আত্মানুভৱ তেওঁৰ দৈনন্দিন জীৱনৰ
কাৰ্যকলাপতো প্ৰতিফলিত হৈছিল । বহু
মানুহে বহুত কথা জানে । কিন্তু জনা কথাখিনি অনুভূতিৰ স্তৰলৈ আনিব নোৱাৰিলে সেই
জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ কৰা সম্ভৱ নহয়।
যি জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ নহয়, পাৰমাৰ্থিক ক্ষেত্ৰত সেই জ্ঞানৰ কোনো মূল্য
নাথাকে । শাস্ত্ৰত এটা উপমাৰ দ্বাৰা
কথাখিনি এনেদৰে বুজাই দিয়া হৈছে ।
পুখুৰীৰ পাৰত ওখ ওখ আমগছ থাকে ।
কেতিয়াবা সেই আমগছৰ একেবাৰে ওপৰৰ ডালত আম লাগি পকি থাকে । পকা আমেৰে সৈতে সেই আমগছৰ প্ৰতিবিম্ব পুখুৰীৰ পানীত আমি
দেখা পাওঁ । ইয়াৰ পৰা আমৰ আগডালত লাগি
থকা আমকেইটাৰ অৱস্থিতি আমি বুজিব পাৰো ।
কিন্তু যেতিয়ালৈকে কষ্ট কৰি কিবা উপায়েৰে আমকেইটা পাৰি অনা নহয় তেতিয়ালৈকে প্ৰতিবিম্ব
চাই আমৰ সোৱাদ লোৱা সম্ভৱ নহয়।
আমাৰ দৰে বেছিভাগ লোকৰে পাৰমাৰ্থিক জ্ঞান এনে পৰ্যায়ৰ ।শাস্ত্ৰৰ পৰা লাভ কৰা জ্ঞান অনুভূতিৰ স্তৰলৈ আনিব নোৱাৰাৰ
বাবে ব্যৱহাৰিক জীৱনত সেই জ্ঞানৰ প্ৰয়োগ কৰি পাৰমাৰ্থিক উন্নতি লাভ কৰা আমাৰ বাবে
সম্ভৱ হৈ নুঠে । হৰিদেৱ গুৰুজনাৰ দৰে
মহাপুৰুষৰ ক্ষেত্ৰত এনে কথা প্ৰযোজ্য নহয় ।
সেই কাৰণে গুৰুজনা সকলো প্ৰকাৰৰ দ্বৈত ভাৱৰ পৰা মুক্ত পুৰুষ আছিল। ভাগৱতত কোৱা হৈছে যে দ্বৈত ভাৱৰ পৰা সম্পূৰ্ণ মুক্ত বা জীৱন্মুক্ত
পুৰুষে অনুগামী আৰু বিৰোধীৰ মাজত একো পাৰ্থক্য নেদেখে। এনে মনোভাৱত প্ৰতিষ্ঠিত থাকি হৰিদেৱ গুৰুজনাই তেওঁৰ
পৰবৰ্ত্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিছিল।
(আগলৈ)
No comments:
Post a Comment