We
told in our post of 14.1.20 that, Guru Harideva had intuitive
experience of Bhagavata. He had attainment of self
realization. He was free from bondage of worldly life. While discussing
subjects based on religious scriptures some words of this type are generally
used. But most of the common people like us are unable to understand the actual
meaning of those words. So, with these descriptions actually what we want to
tell about Guru Harideva , may not be clear to most of the people. It
is told in Bhagavata that, after attainment of self realization, our birth and
death cycles come to an end and that is called salvation. Salvation is the end
of all troubles of worldly life that we are facing from the time unknown. Again,
unless we try to attain salvation in this life itself, we will go on suffering life
after life in the unlimited cycles of birth and death, till the time unknown.
So, scriptures of most of the religions and the great teachers or Gurus of
religious faiths are of one and the same opinion that salvation is the ultimate
goal of religious practices. The Bhagavata tells this truth in a simpler way
for easy understanding of common people like us. Not only this, it also tells us
that, the right to salvation is not reserved for people of higher knowledge
only. Common people with little knowledge like us, also can attain salvation. Even
people with backgrounds of antisocial and other sinful activities also have the
right to salvation. People considered to be of the lowest level of social,
cultural ,educational and all other possible status in human society, have also
equal right to salvation . Bhagavata , not only tells this fact. It also tells the
ways and means to be followed by people of all classes, irrespective of their social status, for attainment of
salvation. Now, by reading the Bhagavata, we can know these things. But that
cannot be the intuitive experience or direct knowledge of Bhagavata. So, direct knowledge or intuitive experience attained by Guru
Harideva was different from this type of knowledge and this point we should
know to get a clear idea about him .(to be continued)
আমাৰ
14.1.20 তাৰিখৰ লিখনিত হৰিদেৱ গুৰুজনা
ভাগৱত শাস্ত্ৰৰ অপৰোক্ষ জ্ঞান প্ৰাপ্ত পুৰুষ আছিল বুলি কোৱা হৈছে । তেওঁ আত্মতত্বজ্ঞ আৰু জীৱন্মুক্ত পুৰুষ আছিল বুলিও কোৱা
হৈছে । ইয়াত অপৰোক্ষ জ্ঞান , আত্মতত্বজ্ঞ , জীৱন্মুক্ত আদি শব্দ ব্যৱহাৰ কৰা
হৈছে । শাস্ত্ৰৰ কথা আলোচনা কৰাৰ
সময়ত আমি প্ৰায়ে এনে শব্দ ব্যৱহাৰ কৰো ।
কিন্তু
এনে শব্দবোৰৰ প্ৰকৃত অৰ্থ আমাৰ দৰে সাধাৰণ মানুহে বুজি নাপাওঁ। সেই কাৰণে ওপৰোক্ত বিশেষণ সমুহৰ দ্বাৰা হৰিদেৱ
গুৰুজনা প্ৰকৃততে কি আছিল বুলি ক’ব খোজা হৈছে তাৰ স্পষ্ট
ধাৰণা আমাৰ মনলৈ নাহে ।ভাগৱতত
কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ পিচত আমি জন্ম মৃত্যুৰ চক্ৰবেহুৰ পৰা অব্যাহতি
লাভ কৰিব পাৰো আৰু ইয়াকে মোক্ষ বা মুক্তি বুলি কোৱা হয় । মুক্তি হৈছে আমি অনাদি কালৰ পৰা ভোগ কৰি অহা সংসাৰ
যন্ত্ৰণাৰ সমাপ্তি । আকৌ এই জন্মতে যদি মোক্ষ
লাভৰ বাবে চেষ্টা কৰা নহয়,তেন্তে আমি অনন্ত কাল পৰ্যন্ত জন্ম
আৰু মৃত্যুৰ কবলত থাকি সংসাৰৰ যন্ত্ৰণা ভোগ কৰাটো নিশ্চিত । সেই কাৰণে প্ৰায় সকলো ধৰ্মৰ শাস্ত্ৰসমুহ তথা ধৰ্ম
বিশ্বাসৰ সৈতে যুক্ত ধৰ্মগুৰুসকল এই কথাত একমত যে মোক্ষ লাভ হৈছে ধৰ্মসাধনাৰ মূল
লক্ষ । ভাগৱতত এই সত্য আমাৰ দৰে সাধাৰণ জ্ঞান
বুদ্ধিসম্পন্ন লোকে বুজিব পৰাকৈ অতি সৰলভাৱে বৰ্ণনা কৰা হৈছে । ভাগৱতে লগতে আৰু কৈছে যে
মোক্ষ লাভৰ অধিকাৰ কেৱল ঋষিমুনিৰ দৰে উচ্চ জ্ঞানসম্পন্ন লোকৰ বাবে সংৰক্ষিত নহয় ।আমাৰ
দৰে সাধাৰণ জ্ঞানবুদ্ধিৰ লোকেও মোক্ষ লাভ কৰা সম্ভৱ। আনকি সমাজবিৰোধী বা অন্যান্য প্ৰকাৰৰ কুকৰ্মত লিপ্ত থকা
লোকৰো মোক্ষ লাভৰ সম অধিকাৰ আছে । যিসকল
লোক সামাজিক, সাংস্কৃতিক ,
শৈক্ষিক আৰু অন্যান্য সম্ভৱপৰ সকলো দিশতে নিম্নতম স্তৰত আছে,
তেওঁলোকৰ মোক্ষলাভৰ অধিকাৰো অন্য কাতোকৈ কম নহয় । ভাগৱতত এই সত্য প্ৰকাশ কৰাৰ লগতে
সমাজৰ উচ্চ নীচ সকলো শ্ৰেণীৰ লোকৰ বাবে
মোক্ষলাভৰ সৰল উপায় আৰু পথৰ নিৰ্দেশো কৰিছে । ভাগৱত শাস্ত্ৰ পঢ়ি আমি
এইবিলাক কথা জানিব পাৰো । কিন্তু এনে জ্ঞানক অপৰোক্ষ
জ্ঞান বা প্ৰত্যক্ষ অনুভূতি বুলি কোৱা নহয় ।
সেইকাৰণে হৰিদেৱ গুৰুজনাই লাভ কৰা অপৰোক্ষ জ্ঞান ওপৰোক্ত প্ৰকাৰৰ জ্ঞানতকৈ পৃথক
আছিল আৰু গুৰুজনাক
শুদ্ধ ৰূপত জানিবৰ বাবে আমি এই বিষয়টো স্পষ্টভাৱে বুজি পোৱা প্ৰয়োজন্। (আগলৈ )
No comments:
Post a Comment