Monday, 20 January 2020

Understanding Guru Harideva’s Approach Towards Unity-25 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-২৫)


In scriptures it is told that, the direct knowledge or intuitive experience cannot be different from the knower himself. So, Guru Harideva had intuitive experience of Bhagavata means, the knowledge contained in Bhagavata was practically represented in all respect, through his personality. For the same reason, he attained self realization and was free from bondages of worldly life also. In scriptures, the logic behind these types of achievements by people of spiritual world are explained elaborately .Those logical explanations are suitable for understanding of the people of higher knowledge only. There were many people with direct knowledge, self realization and freeness from bondage at different times ,different places and under different circumstances in the world.In Bhagavata, the logic mentioned above are explained in a simple way through detailed description of the life stories of those great people of the spiritual world . By going through these stories, general people of little knowledge like us, can easily understand the meaning of the higher qualities attributed to people like Guru Harideva. Sukadeva, through whom the knowledge of Bhagavata came to us, was an example of such personality. He received the knowledge of Bhagavata from his father and the same knowledge came out of him in such a way that people hearing him was feeling the presence of the knowledge of Bhagavata in the visible form of Sukadeva. He never placed a volume of book named Bhagavata in front of him and delivered lecture as we may assume. Moreover, the knowledge of Bhagavata was fully reflected in his lifestyle also. We can get details of those descriptions in Bhagavata. In our case, we are placing a big volume of Bhagavata in front of us.We read a small portion of the book , make some discussions and then forget most of the things. Next day, we repeat the same process with another portion of the book and so on . Through this process we can get little knowledge not at all comparable with the direct knowledge of Bhagavata. So, Guru Harideva had direct knowledge or intuitive experience of Bhagavata means, he was a visible form of the knowledge of Bhagavata like Sukadeva and this knowledge  was fully reflected in each and every activities of his life. (to be continued )

শাস্ত্ৰত কোৱা হৈছে যে অপৰোক্ষ জ্ঞান বা জ্ঞানৰ প্ৰত্যক্ষ অনুভূতিৰ সৈতে জ্ঞাতাৰ কোনো পাৰ্থক্য নাথাকে গতিকে হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰৰ জ্ঞান প্ৰত্যক্ষভাৱে অনুভৱ কৰিছিল বুলি কোৱাৰ অৰ্থ এই যে ভাগৱত শাস্ত্ৰত যি জ্ঞান দিয়া হৈছে তাৰ সকলো দিশ গুৰুজনাৰ মাধ্যমত পূৰ্ণ ৰূপত প্ৰকাশিত হৈছিল সেই একেটা কাৰণতে তেওঁক আত্মতত্বজ্ঞ আৰু জীৱন্মুক্ত পুৰুষ বুলিও কোৱা হৈছে পাৰমাৰ্থিক সাধনাৰ দ্বাৰা সাধকসকলে কিদৰে এনে প্ৰকাৰৰ উচ্চ অৱস্থা লাভ কৰিব পাৰে তাক শাস্ত্ৰত বিভিন্ন প্ৰকাৰৰ যুক্তিৰ দ্বাৰা বিচাৰ কৰি প্ৰমাণিত কৰা হৈছে এনে যুক্তিপূৰ্ণ আৰু প্ৰামাণিক ব্যখ্যাসমুহ উচ্চতৰ জ্ঞানবুদ্ধিসম্পন্ন লোকেহে বুজি পোৱা সম্ভৱ জগতৰ বিভিন্ন স্থানত, বিভিন্ন কালত আৰু বিভিন্ন পৰিবেশৰ মাজত অপৰোক্ষ জ্ঞানসম্পন্ন , আত্মতত্বজ্ঞ , জীৱন্মুক্ত অনেক পুৰুষৰ আবিৰ্ভাৱ হৈছিল ভাগৱতত এইসকল মহাপুৰুষৰ জীৱন আৰু কৰ্মৰাজিৰ বিতং বিৱৰণৰ দ্বাৰা ওপৰোক্ত জটিল তত্বসমুহৰ সৰল ব্যাখ্যা কৰা হৈছে এই কাহিনীসমুহৰ বৰ্ণনাৰ সৈতে তুলনা কৰি আমাৰ দৰে সাধাৰণ জ্ঞানবুদ্ধিসম্পন্ন লোকেও হৰিদেৱ গুৰুজনাৰ দৰে মহাপুৰুষ প্ৰকৃততে কেনে প্ৰকাৰৰ গুণসম্পন্ন লোক আছিল তাক বুজিব পাৰে ভাগৱত শাস্ত্ৰৰ প্ৰথম প্ৰচাৰক শুকদেৱ এনে প্ৰকাৰৰ গুণসম্পন্ন লোকৰ এক উদাহৰণ তেওঁ পিতৃৰ পৰা ভাগৱতৰ  জ্ঞান লাভ কৰিছিল আৰু সেই জ্ঞান তেওঁৰ মুখেদি প্ৰকাশ হোৱাৰ সময়ত উপস্থিত শ্ৰোতাৰ মনত অনুভৱ হৈছিল যেন ভাগৱতৰ জ্ঞান জীৱন্ত মূৰ্ত্তিমান ৰূপত তেওঁলোকৰ সন্মুখত বহি আছে আমি সাধাৰণতে দেখি থকাৰ দৰে  ভাগৱত শাস্ত্ৰ নামৰ এখন পুথি সন্মুখত ৰাখি তেওঁ ভাষণ দিয়া নাছিল লগতে ভাগৱত শাস্ত্ৰৰ জ্ঞান তেওঁৰ জীৱনৰ প্ৰতিটো খোজতে সম্পূৰ্ণভাৱে প্ৰতিফলিত হৈছিল আৰু সেই কাৰণে শুকদেৱ আত্মতত্বজ্ঞ, জীৱন্মুক্ত পুৰুষ আছিল   ভাগৱতত তেওঁৰ জীৱন বৃত্তান্ত বিতংভাৱে বৰ্ণনা কৰা হৈছে আমি যেতিয়া ভাগৱত পঢ়ো , এখন বৃহৎ আকাৰৰ শাস্ত্ৰপুথি আমাৰ সন্মুখত থাকে পুথিখনৰ এটা সামান্য অংশ পঢ়ি তাৰ ওপৰত আলোচনা বিলোচনা কৰা হয় আৰু অলপ পিচতে তাৰ বেছিভাগ কথা আমি পাহৰি যাওঁ পিছদিনা পুনৰ একে ঘটনাৰ পুনৰাবৃত্তি ঘটে আৰু এইদৰে চলি থাকে এনে পদ্ধতিৰে আমি অতি সামান্য পৰিমাণৰ পৰোক্ষ জ্ঞান আহৰণ কৰিব পাৰো যদিও  প্ৰকৃতাৰ্থত এনে জ্ঞান হৰিদেৱ গুৰুজনাৰ অপৰোক্ষ জ্ঞানৰ তুলনাত কি হব পাৰে তাক সহজে অনুমান কৰিব পাৰি গতিকে হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰৰ অপৰোক্ষ জ্ঞান বা প্ৰত্যক্ষ অনুভূতি লাভ কৰিছিল বুলি কোৱাৰ অৰ্থ হৈছে, তেওঁ আছিল শুকদেৱৰ দৰে ভাগৱত শাস্ত্ৰ জ্ঞানৰ এক জীৱন্ত মূৰ্ত্তিমান ৰূপ আৰু এই জ্ঞান তেওঁৰ দৈনন্দিন জীৱনৰ প্ৰতিটো কৰ্মৰ দ্বাৰা পূৰ্ণ ৰূপত প্ৰকাশিত হৈছিল (আগলৈ )  

No comments:

Post a Comment