We discussed in our
post of 22.1.20 that, the state of detachment from worldly things, including
body and mind, during deep sleep is temporary. We cannot say when we will enter
into deep sleep and for how long we will sleep. So, detachment of this kind is not
within our control. Moreover, this is a negative state of our consciousness. We
remain detached from worldly things during deep sleep. We enjoy peace and
happiness during sleep and can recollect that experience after we wake up. All
these are true. But we are not able to know anything about what exactly
happened to us during that period. Guru Harideva never encouraged this type of
negativity in his religious teachings. This point we already discussed in our
post of 23.11.19.So, we should take the state of deep sleep only as an example
of existence of self without body mind complex. Also, we can get some idea
about the happiness of detachment from it. In Bhagavata it is told that,
flowers have fragrance and the wind has nothing to do with it. Likewise, the
body mind complex is subjected to happiness and sorrow of this world and the
true self has nothing to do with these. The wind carries the fragrance of
flowers. But while doing so, no relation of any kind is established between
fragrance and wind. Likewise, the true self carries out the activities of the
body mind complex. Happiness and sorrow are outcome of these activities and the
true self has no relation with these things. People with self realization, like
Guru Harideva , keep the true self detached from body mind complex with direct experience
of this type of knowledge from Bhagavata . So, they are
able to remain free from the happiness and sorrow of the body mind complex and
enjoy the bliss of the true self at all times. In Bhagavata it is told that
common people like us, can also attain such achievements gradually by practice. Guru
Harideva established his Satra to teach us the way of practice to achieve this.(to
be continued )
আমাৰ ২২.১.২০ তাৰিখৰ লিখনিত কোৱা হৈছে যে গভীৰ টোপনিৰ সময়ত জাগতিক বিষয় বস্তুৰ প্ৰতি
নিৰ্লিপ্ত থকাটো এক অস্থায়ী অৱস্থা । আমি কেতিয়া গভীৰ টোপনিত পৰিম বা কিমান সময়
সেই অৱস্থাত থাকিম ইত্যাদি কথা আগতীয়াকৈ জনা সম্ভৱ নহয় ।গতিকে
এনে প্ৰকাৰৰ নিৰ্লিপ্ত অৱস্থাৰ ওপৰত আমাৰ একো
নিয়ন্ত্ৰণ নাথাকে ।
তদুপৰি এই অৱস্থা আমাৰ চেতনাৰ অভাৱসূচক অৱস্থা । টোপনি গৈ
থকা অৱস্থাত আমি জাগতিক সকলো বস্তুৰ প্ৰতি নিৰ্লিপ্ত থাকো ,
অনাবিল আনন্দ উপভোগ কৰো , সাৰ পোৱাৰ পিচত সেই অৱস্থাত সুখত
আছিলো বুলি অনুভৱ কৰিব পাৰো ইত্যাদি সত্য । কিন্তু সেই
অৱস্থাত আমাৰ লগত প্ৰকৃততে কি হৈছিল তাক আমি জানিব নোৱাৰো । গতিকে ই এক
অজ্ঞান অৱস্থা আৰু হৰিদেৱ গুৰুজনাই এনে প্ৰকাৰৰ অজ্ঞান অৱস্থাজনিত নিৰ্লিপ্ততা আৰু
সুখ শান্তিৰ বাণী প্ৰচাৰ কৰাৰ বাবে ধৰ্ম প্ৰচাৰ কৰা নাছিল । এই কথা আমাৰ
২৩.১১.১৯ তাৰিখৰ লিখনিত বিতংভাৱে আলোচনা কৰা হৈছে ।গতিকে
কেৱল মাত্ৰ প্ৰকৃত “মই” বা আমাৰ ভিতৰত থকা পৰম সত্য শৰীৰ মনৰ উৰ্দ্ধত বুলি জনাৰ বাবে আৰু নিৰ্লিপ্ত অৱস্থাত
লাভ কৰা উচ্চতৰ সুখ শান্তিৰ এক আভাস দিয়াৰ বাবেহে গভীৰ নিদ্ৰাৱস্থাৰ উপমাটো গ্ৰহণ
কৰা হয় ।
ভাগৱতত কোৱা হৈছে যে ফুলৰ সুগন্ধ থাকে আৰু এই
সুগন্ধৰ সৈতে বতাহৰ একো সম্পৰ্ক নাই । একেদৰে জাগতিক সুখ দুখ শৰীৰ আৰু মনৰ অৱস্থা|
প্ৰকৃত “মই” ৰ সৈতে ইবিলাকৰ একো সম্পৰ্ক নাই । বতাহে ফুলৰ
সুগন্ধ বহন কৰে যদিও দুয়োৰে মাজত একো সম্পৰ্ক স্থাপন নহয় । একেদৰে
প্ৰকৃত “মই”য়ে শৰীৰ আৰু মনৰ সমস্ত কাৰ্য বহন কৰে। সেই কাৰ্যৰ পৰা সুখ দুখৰ উৎপত্তি হয় যদিও
প্ৰকৃত “মই”ৰ সৈতে ইবিলাকৰ একো সম্পৰ্ক নাই । হৰিদেৱ
গুৰুজনাৰ দৰে আত্মজ্ঞান সম্পন্ন মহাপুৰুষে এই ভাগৱত জ্ঞান প্ৰত্যক্ষভাৱে অনুভৱ কৰে কাৰণে প্ৰকৃত “মই”ক শৰীৰ আৰু মনৰ পৰা পৃথক ভাৱে বুজিব পাৰে
।
সেই কাৰণে তেওঁলোকে শৰীৰ আৰু মনে ভোগ কৰা জাগতিক সুখ দুখৰ প্ৰতি নিৰ্লিপ্ত থাকি
আত্মানন্দ উপভোগ কৰে । দীৰ্ঘকালীন অভ্যাসৰ দ্বাৰা আমাৰ দৰে সাধাৰণ লোকেও ক্ৰমান্বয়ে এনে অৱস্থা
লাভ কৰিব পাৰে বুলি ভাগৱতে কৈছে আৰু তাৰ ব্যৱহাৰিক
শিক্ষা আনুষ্ঠানিক ভাৱে প্ৰদান কৰাৰ উদ্দেশ্যে গুৰুজনাই সত্ৰ স্থাপন কৰিছিল । (আগলৈ )
No comments:
Post a Comment