We already discussed in our earlier posts
that the old Dantapur area was reduced to Bahati or flowing land by flood and
erosion of river Brahmaputra. After establishment of the Satra there, by Guru
Harideva, people connected his name with the place and named the place as Bahari.
By that time, the river Brahmaputra was flowing far away
from that place, leaving behind a vast area of plain land .
This vast area of land surrounding the Satra was formed with mud carried by the
river. It was very fertile. So there was scope of huge agricultural production
and forest resources in that area. Moreover, there were so many tributaries of
Brahmaputra flowing through this landscape. The small islands formed by those
tributaries in course of their flow, were suitable for grazing animals like cows,
goats and buffaloes etc. So there was scope
of huge production of milk and allied products. Adjacent to that place ,there were
so many low lying water logging areas formed by the river and its tributaries
during change of their courses. The river tributaries and those water logging
areas were full of fish and other water born products. The fertility of the
land was constantly maintained by fresh mud deposit carried by river
Brahmaputra during flood in every year. Likewise the
availability of fish etc in low lying areas was also constantly maintained due
to annual flood of the river Brahmaputra. Moreover availability of potable
water is the most important requirement for a human habitation .Here, the
whole area of land was built up over the river bed of Brahmaputra . So , the
sandy river bed with fresh and clean water was found to be available after
digging of a small depth . Because of this clean and fresh potable water and
fresh air coming from the river side , it was a healthy place for living. Thus by the time of arrival of Guru Harideva at Bahari, the place lost its importance as river port and commercial center as earlier due to recession of river Brhamaputra, But
by that time , the generosity of the same river made the place suitable for ideal
human habitation with huge potentiality of agricultural and allied productions.
(to be continued )
ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াই কিদৰে পুৰণি
কালৰ দন্তপুৰ নামৰ নদীবন্দৰ তথা ব্যৱসায়িক কেন্দ্ৰটো বহতি অৰ্থাৎ পৰিবৰ্ত্তন হৈ থকা ঠাইত
পৰিণত কৰিছিল তাক আমাৰ আগৰ লিখনিত কোৱা হৈছে । হৰিদেৱ গুৰুজনাই তাত সত্ৰ স্থাপন কৰাৰ
পিচত মানুহে ঠাইখনৰ নামৰ সৈতে গুৰুজনাৰ নাম সংযোজন কৰি ইয়াক বহৰি হিচাপে জনাজাত
কৰিছিল । সেই সময়ত বহ্মপুত্ৰ নদীয়ে গতি পৰিবৰ্ত্তন
কৰি দূৰলৈ যোৱাৰ ফলত এই অঞ্চলত এটা বৃহৎ স্থলভাগৰ সৃষ্টি হৈছিল ।সত্ৰৰ
চাৰিওফালে
বিস্তাৰিত হৈ থকা এই স্থলভাগ নদীৰ পলসুৱা মাটিৰে
গঠিত হোৱা বাবে বৰ সাৰুৱা আছিল । সেয়হে তাত প্ৰচুৰ পৰিমাণৰ কৃষিজাত সামগ্ৰী আৰু বনজ সম্পদ উৎপাদনৰ
সম্ভাৱনা আছিল ।ব্ৰহ্মপুত্ৰৰ অনেক সুঁতি সেই স্থলভাগৰ মাজেৰে প্ৰবাহিত হৈ
আছিল । এই সুঁতিসমুহৰ মাজে মাজে সৃষ্টি হোৱা চৰ
চাপৰি বিলাকত গৰু , ম’হ আদি চৰাবৰ বাবে প্ৰচুৰ ঘাঁহ বন আছিল । সেয়েহে তাত প্ৰচুৰ পৰিমাণে গাখীৰ আৰু ঘি ,মাখন আদি দুগ্ধজাত সামগ্ৰী
উৎপাদন কৰাৰ সুযোগ আছিল । ব্ৰহ্মপুত্ৰ আৰু সুঁতিসমুহে
তাত বহুতো বিল ,
জলাশয় আদিৰ সৃষ্টি কৰিছিল। সেই সমুহ মাছ আৰু অন্যান্য জলজ সম্পদেৰে ভৰি আছিল । প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বানে পলস পেলাই থকাৰ
বাবে ভৱিষ্যতে মাটিৰ উৰ্বৰতা হ্ৰাস হোৱাৰ সম্ভৱনা নাছিল । প্ৰতি বছৰৰ বানত অহা মাছে বিল জলাশয় সমুহৰ মৎস্য
ভাণ্ডাৰো অটুট ৰাখিছিল ।তদুপৰি খোৱাৰ উপযোগী
পানী হৈছে মানুহৰ জনবসতিৰ বাবে এক অপৰিহাৰ্য সম্পদ । গতি সলাই আঁতৰি যোৱা ব্ৰহ্মপুত্ৰৰ বুকুৰ ওপৰত এই
অঞ্চলৰ স্থলভাগ সৃষ্টি হৈছিল । সেই কাৰণে অলপ গভীৰলৈ খান্দিলেই ব্ৰহ্মপুত্ৰৰ বুকুৰ বালি পোৱা গৈছিল আৰু
সেই বালি অলপ খান্দিলেই বিশুদ্ধ পানী পোৱা গৈছিল । পৰিষ্কাৰ খোৱা পানী আৰু নদীৰ ফালৰ পৰা অহা
বিশুদ্ধ বায়ুৰ বাবে ই এখন স্বাস্থ্যকৰ ঠাই
আছিল । গতিকে হৰিদেৱ
গুৰুজনা বহৰিত উপস্থিত হোৱাৰ সময়ত ব্ৰহ্মপুত্ৰ দূৰলৈ যোৱাৰ বাবে ঠাইখন আগৰ কালৰ দৰে নদী বন্দৰ আৰু ব্যৱসায়িক
কেন্দ্ৰ হোৱাৰ সুবিধা নাছিল । কিন্তু সেই একেখন নদীয়ে ঠাইখনক অন্য ৰূপত গঢ় দি শস্য মৎস্যৰে উভৈনদী এক
আদৰ্শ বৃহৎ জনবসতি ৰূপে গঢ়ি তোলাৰ উপযোগী কৰি তুলিছিল । (আগলৈ)
No comments:
Post a Comment