We told in our post
of 20.1.20, that Guru Harideva attained self realization through intuitive
experience of Bhagavata. Self realization is correct understanding of who “I”
am. Generally by using the words “I” or “Self”, we mean the combination of our physical
body and mind. But in Bhagavata, it is told that, the body mind complex cannot
be our true self. Our true self can exist without our body and mind also. In
Bhagvata this state is explained with a nice analogy for our easy
understanding. When in dream state, we are not aware of
our body. But in that condition also, we can witness the things of dream world
and enjoy happiness and sorrow in our mind. In Bhagavata, it is also told that,
general people like us can have some experience of the true self when they are
in deep sleep.In that state , nothing of this world remains with us. That is, when
we are in deep sleep, we have got no property, no relatives ,no friend , no
enemy , no official designation and nothing of this world . But in spite of that,
the peace and happiness, that we enjoy in deep sleep, is the best and no equivalent to that happiness is available in this world. During that time, we are not
aware of both of our body and mind. But still then, we are able to enjoy and recollect the experience of the peace and happiness enjoyed into our memory, after we wake up. So, the
peace and happiness that we enjoy in deep sleep is due to our nearness to the true self because of detachment from materialistic world, including our body and mind. In case of
general people like us, this state of detachment is temporary .As soon as our
sleep ends, everything of this world with feelings of happiness and sorrow come
back to us as before. But people like Guru Harideva , with
direct knowledge or intuitive experience of Bhagavata, are able to keep
themselves detached from all worldly affairs and enjoy the bliss of the true
self at all times.(to be continued)
আমাৰ ২০.১.২০
তাৰিখৰ লিখনিত হৰিদেৱ গুৰুজনা আত্মজ্ঞানী পুৰুষ আছিল বুলি কোৱা হৈছে । “মই”ৰ
প্ৰকৃত অৰ্থ কি তাক শুদ্ধভাৱে জনাটোৱে আত্মজ্ঞান আৰু এই জ্ঞানৰ ব্যৱহাৰ যাৰ
দৈনন্দিন জীৱনত প্ৰত্যক্ষ কৰিব পাৰি তেৱেঁ আত্মজ্ঞানী । সাধাৰণতে
“মই” বুলি ক’লে আমি নিজৰ শৰীৰ আৰু মনৰ সংযুক্ত
অৱস্থাটো বুজি পাওঁ । কিন্ত ভাগৱতে কৈছে শৰীৰ আৰু মন প্ৰকৃত “মই” হ’ব
নোৱাৰে ।
“ মই” বুলি ক’লে যি প্ৰকৃত সত্য বস্তুক নিৰ্দেশ কৰা
হয় তাৰ অৱস্থান শৰীৰ আৰু মনৰ উৰ্দ্ধত । ভাগৱতত
সুন্দৰ উপমাৰ দ্বাৰা এই কথা বুজাই দিয়া হৈছে । সপোন দেখি
থকা অৱস্থাত আমি নিজৰ শৰীৰ ক’ত বা কি অৱস্থাত আছে নাজানো । কিন্তু সেই শৰীৰ
জ্ঞান নথকা অৱস্থাতো আমি সপোনৰ জগতৰ বিভিন্ন ঘটনাৰ লগত সংযুক্ত হৈ সুখ দুখ ভোগ কৰো
।
ভাগৱতত আৰু কোৱা হৈছে যে আমাৰ দৰে সাধাৰণ মানুহে কেৱল মাত্ৰ গভীৰ টোপনিত থকা
অৱস্থাৰ সৈতে তুলনা কৰিহে প্ৰকৃত “মই” কি তাৰ সামান্য আভাস লাভ কৰিব পাৰো। গভীৰ টোপনিৰ
সময়ত আমি সা-সম্পত্তি , পুত্ৰ-পৰিবাৰ , শত্ৰু-মিত্ৰ ,
বিষয়-বাব ইত্যাদি সকলো জাগতিক বিষয়বস্তুৰ পৰা আঁতৰত সম্পূৰ্ণ অকলশৰীয়া হৈ
থাকো।আনকি সেই সময়ত নিজৰ শৰীৰ আৰু মন ক’ত আছে
তাকো নাজানো । কিন্তু সাৰ পোৱাৰ পিচত গভীৰ টোপনিত উপভোগ কৰা অতুলনীয়
আনন্দৰ স্মৃতি আমাৰ মনলৈ আহে আৰু শৰীৰৰ ক্লান্তি দূৰ হোৱাৰ বাবে শাৰীৰিক সুখ অনুভৱ
হয় ।ইহজগতৰ
একোৰে পৰা আমি ইমান উচ্চ স্তৰৰ সুখ শান্তি পোৱা সম্ভৱ নহয় । ভাগৱতত কোৱা
হৈছে যে শৰীৰ আৰু মনকে ধৰি জাগতিক বস্তুৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি থাকি প্ৰকৃত আৰু
শুদ্ধ “মই”ৰ সান্নিধ্য লাভ কৰাৰ বাবেহে নিদ্ৰাৱস্থাৰ অতুলনীয় সুখ শান্তিৰ অনুভৱ হয়
।
কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ ক্ষেত্ৰত এনে নিৰ্লিপ্ত অৱস্থা সাময়িক । কেৱল টোপনিত
থকা সময়্খিনিহে আমি নিৰ্লিপ্ত অৱস্থাত থাকিব পাৰো । সাৰ পোৱাৰ
লগে লগে ইহজগতৰ সকলো ঘটনা পৰিঘটনা আৰু তাৰ পৰা উৎপন্ন সুখ দুখৰ পৰিবেশে আমাক আগৰ
দৰে আবৰি ধৰে ।
কিন্তু হৰিদেৱ গুৰুজনাৰ দৰে ভাগৱত শাস্ত্ৰৰ প্ৰত্যক্ষ অনুভৱ থকা আত্মজ্ঞানী পুৰুষৰ
বেলিকা কথাবিলাক তেনেকুৱা নহয় । তেওঁলোকে সকলো সময়তে আৰু সকলো অৱস্থাতে
জাগতিক বিষয়বস্তুৰ প্ৰতি সম্পূৰ্ণ নিৰ্লিপ্ত থাকি অতুলনীয় আত্মানন্দ উপভোগ কৰিব
পাৰে ।
(আগলৈ)
No comments:
Post a Comment