The Bhagavata leads
us towards understanding of the real “I”, which is the true self or ultimate
truth. In each and every chapter of Bhagvata, attempt has been made to make us
understand this truth and also the ways to achieve self realization . Guru
Harideva had intuitive
experience
of Bhagavata. So he
had realization of the true self. In Bhagavata it is told that people with
realization of the self, are free from worldly bondage. So from direct
knowledge of Bhagavata , self realization comes and freeness from worldly
bondage is the outcome of self realization. In the preceding posts we tried to
get some idea about direct knowledge and self realization. Now, to know Guru
Harideva properly, we should try to get some idea about freeness from worldly
bondage. In Bhagavata it is told that the presence of fire is known when we see
the burning of firewood. But firewood and fire are completely different.
Likewise we know the presence of true self through action of the body. But body
and self are completely different. To enjoy the result of our past action, we have
gained the present body. The body becomes active because of the presence of
true self in the form of consciousness in it. This consciousness comes to our
notice through activities of the body like fire in firewood. Again the space is
available both inside and outside of an earthen pot. This is natural because of
the presence of space everywhere. But when the pot is broken, we think that the
space inside the pot is merged with the unlimited space outside. This idea is
wrong.Because the omnipresent space cannot be bounded inside a pot. Likewise,
the true self is present everywhere and at all times. So bondage of the true
self in a body for certain time is not at all possible. Since, bondage itself is not possible, we are
always free and hence the question of our liberation also never arise. This was the
feeling of Guru Harideva about bondage and these things we already discussed in details in
earlier posts from 10.10.19 to 15.10 19. (to be continued)
প্ৰকৃত “মই” অৰ্থাৎ
পৰম সত্যৰ বিষয়ে জ্ঞান দান কৰা ভাগৱত শাস্ত্ৰৰ উদ্দেশ্য । ভাগৱতৰ প্ৰতিটো
অধ্যায়তে এই বিষয় আমাৰ বোধগম্য কৰাৰ চেষ্টা কৰাৰ লগতে কি উপায়েৰে আত্মজ্ঞান লাভ
কৰিব পাৰি তাৰ শিক্ষা প্ৰদান কৰা হৈছে।হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰজ্ঞানৰ
অপৰোক্ষ অনুভৱ লাভ কৰিছিল বাবে আত্মজ্ঞানী পুৰুষ আছিল । আকৌ ভাগৱতত
কোৱা হৈছে যে আত্মজ্ঞানী পুৰুষ সংসাৰ বন্ধনৰ পৰা মুক্ত থাকে ।গতিকে
ভাগৱতৰ প্ৰত্যক্ষ জ্ঞানৰ পৰা আত্মানুভূতি আহে আৰু আত্মজ্ঞানী পুৰুষ সংসাৰ বন্ধনৰ
পৰা মুক্ত হয় ।
ইয়াৰ আগৰ কেইটামান লিখনিত ভাগৱত জ্ঞানৰ প্ৰত্যক্ষ অনুভৱ আৰু আত্মজ্ঞান সম্পৰ্কে
কিছু কথা আলোচনা কৰা হৈছে ।এতিয়া হৰিদেৱ
গুৰুজনাৰ সম্পৰ্কে শুদ্ধ ধাৰণা পাবৰ বাবে সংসাৰত থাকিও সংসাৰ বন্ধনৰ পৰা মুক্ত
অৱস্থাত থকা কিদৰে সম্ভৱ তাৰ বিষয়ে কিছু আলোচনা কৰা প্ৰয়োজন ।ভাগৱতত
কোৱা হৈছে যে জুই আমি এনেয়ে দেখা নাপাওঁ ।খৰি কেইডালমান জ্বলি থকা দেখিলেহে জুইৰ
উপস্থিতি বুজিব পাৰো । কিন্তু জুই আৰু খৰি সম্পূৰ্ণ পৃথক বস্তু ।একেদৰে
শৰীৰৰ কাৰ্যকলাপ দেখিহে আমি প্ৰকৃত “মই” শৰীৰত আছে বুলি বুজিব পাৰো । শৰীৰ আৰু
“মই” সম্পূৰ্ণ পৃথক বস্তু । “মই”ৰ সৈতে শৰীৰৰ সম্পৰ্ক খৰি আৰু জুইৰ
সম্পৰ্কৰ দৰে।অতীত কৰ্মৰ ফল ভোগ কৰাৰ বাবে আমি বৰ্ত্তমানৰ এই
শৰীৰ গ্ৰহণ কৰিছো ।
প্ৰকৃত “মই” চেতনাৰ ৰূপত শৰীৰত থকা বাবে শৰীৰ কাৰ্যক্ষম হৈছে ।জ্বলি
থকা খৰিৰ মাধ্যমত জুইৰ উমান পোৱাৰ দৰে শৰীৰৰ কাৰ্যকলাপৰ মাধ্যমত চেতনাৰ উপস্থিতি
অনুভৱ হৈছে ।আনহাতে আকাশ বা শূন্য স্থান সৰ্বব্যাপ্ত হোৱা কাৰণে
এটা মাটিৰ কলহৰ ভিতৰতো থাকে আৰু কলহৰ বাহিৰতো থাকে । কিন্তু আমি
কলহৰ ভিতৰৰ আকাশ আবদ্ধ আৰু বাহিৰৰ আকাশ মুক্ত বুলি ভাৱো । মাটিৰ কলহটো
ভাঙি গ’লে আমি কলহৰ ভিতৰত আৱদ্ধ আকাশ বাহিৰৰ মুক্ত মহাকাশৰ সৈতে মিলি যোৱা বুলি
ভাৱো ।ই
ভুল ধাৰণা, কাৰণ এটা কলহৰ ভিতৰত মহাকাশ আৱদ্ধ থকিব নোৱাৰে । একেদৰে
প্ৰকৃত “মই” সকলো স্থানত আৰু সকলো সময়তে ব্যাপ্ত হৈ আছিল , আছে
আৰু থাকিব ।
প্ৰকৃত
“মই” এটা ক্ষুদ্ৰ শৰীৰৰ বন্ধনত কিছু সময়ৰ বাবে আৱদ্ধ হৈ থকা সম্ভৱ নহয় । যিহেতু “মই”ৰ
বন্ধন সম্ভৱ নহয় , গতিকে ই সদামুক্ত । যি বস্তু সদায় মুক্ত তাৰ
মুক্তিৰ প্ৰশ্নও অবান্তৰ । এয়ে বন্ধন
আৰু মুক্তিৰ বিষয়ত হৰিদেৱ গুৰুজনাৰ অনুভৱ আৰু আমাৰ ১০.১০.১৯ ৰ পৰা ১৫.১০.১৯ তাৰিখৰ
লিখনিসমুহত এই কথা আলোচনা কৰা হৈছে । (আগলৈ)
No comments:
Post a Comment